--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান চাঈফ আলী খান বলীউড জগতৰ এক নামী-দামী তাৰকা। কেৱল এখন বা দুখন ছবিতে নহয়, বহু বলীউডৰ হিট চিনেমাত চাঈফ আলী খানৰ অভিনয়ে নেটিজেনৰ চকু কপালত তুলিছিল। চাঈফ আলী খানে একাধিক ছুপাৰ হিট চিনেমাৰ জৰিয়তে সমগ্ৰ বলীউড জগতখনত জনপ্ৰিয়তা অৰ্জন কৰিছিল। কিন্তু চাঈফ আলী খান বৰ্তমান ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে কন্যাৰ বাবে।

 চাঈফ আলী খানৰ কন্যা ছাৰা আলী খান বলীউড জগতত নিজেও যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। সুশান্ত সিং ৰাজপুতৰ সৈতে প্ৰথমখন চিনেমাত অভিনয় কৰাৰ পাছৰে পৰা ছাৰা আলী খানে অভিনয়ৰ দক্ষতাৰ বাবে বহুবাৰ প্ৰশংসিত হৈ আহিছে। তদুপৰি তেওঁ নিজৰ যোগ্যতাৰ ভিত্তিত সফলতা অৰ্জন কৰিছে। কিন্তু শেহতীয়াকৈ শুনা গৈছে যে অভিনেতা চাঈফ আলী খানৰ কন্যা ছাৰা আলী খানৰ বাবেই প্ৰথমা পত্নী অমৃতা সিঙক বিবাহ বিচ্ছেদ কৰিবলৈ বাধ্য হৈছিল।

 দুয়োজনে ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে। জানো আহক, ছাৰা আলী খানক লৈ তেওঁলোকৰ মাজত কিয় সদায় বিবাদ হৈছিল আৰু কিয় ইজনে-সিজনৰ পৰা আঁতৰত থকাৰ সিদ্ধান্ত লৈছিল? বৰ্তমান বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে ছাৰা আলী খান। আজি সমগ্ৰ চলচ্চিত্ৰ জগতে তেওঁৰ বিষয়ে আলোচনা আৰম্ভ কৰিছে। জানিব পৰা মতে অভিনেতা চাঈফ আলী খানে কেৱল কন্যা ছাৰা আলী খানৰ বাবেই পত্নীক বিবাহ বিচ্ছেদ কৰিবলৈ বাধ্য হৈছিল।

 জানিব পৰা মতে চাঈফ আলী খান আৰু অমৃতা সিঙৰ বৈবাহিক জীৱন কেতিয়াও সুখৰ নাছিল। দুয়োৰে মাজত সকলো সময়তে বিবাদ চলিছিল আৰু দুয়োৰে মাজত হোৱা এই বিবাদে তেওঁলোকৰ কন্যা ছাৰা আলী খানৰ ওপৰত বেয়া প্ৰভাৱ পেলাবলৈ ধৰিলে। ইজনে-সিজনৰ লগত যিমানেই অসুবিধা নহওক কিয়, চাঈফ আলী খানে নিজৰ ছোৱালীজনীক লৈ সদায় অতি আৱেগিক আছিল। এই কাৰণেই চাঈফে প্ৰথম পত্নীক বিবাহ বিচ্ছেদ কৰিছিল যাতে তেওঁৰ কন্যাৰ কোনো ক্ষতি নহয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু