--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ শ্বাহৰূখ খানৰ একমাত্ৰ জীয়ৰী সুহানা খান বলীউডৰ অংশ নহয় যদিও সামাজিক মাধ্যমত তাৰকাগৰাকীৰ দুহিতাক লৈ আছে অন্তহীন কৌতূহল। তাৰকা সন্তান হোৱাৰ সুবাদতে সুহানাৰ সামাজিক মাধ্যমৰ পোষ্টবোৰেও বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ, সামাজিক মাধ্যমত সুহানাই পোষ্ট কৰা ছবিবোৰে এক আলোড়নৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। অলপতে শ্বাহৰূখ দুহিতাই ইনষ্টাগ্ৰামত নিজৰ দুখন ফটো পোষ্ট কৰিছিল।

ব্যতিক্ৰমী ভংগীমাত শ্বাহৰূখ দুহিতা সুহানা

নাহৰফুটুকী ৰঙৰ জিকজাক-ছিকছাক পোছাকে দৃষ্টি কাঢ়িছে একাংশৰ। সুহানাৰ বান্ধৱী শ্বানায়া কাপুৰ আৰু অনন্যা পাণ্ডেয়ে পোষ্টটোৰ মন্তব্যত প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, শ্বাহৰূখ-গৌৰীৰ একমাত্ৰ কন্যা সুহানাই উচ্চ শিক্ষাৰ বাবে ২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কলৈ উৰা মাৰিছিল। বলীউড বাদশ্বাহ দুহিতা সুহানা খানৰ বলীউড ডেব্যুক লৈয়ো প্ৰায়ে নানা গুজৱ শুনিবলৈ পোৱা যায়। সুহানাই বৰ্তমান অভিনয় বিষয়তে অধ্যয়ন কৰি আছে। কোনমুহূৰ্তত বলীউড বাদশ্বাহৰ দুহিতাই বলীউডত খোজ দিয়ে সেয়া সময়তহে লক্ষণীয় হ’ব! অৱশ্যে, এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে শ্বাহৰূখ-গৌৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ