--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ শ্বাহৰূখ খানৰ একমাত্ৰ জীয়ৰী সুহানা খান বলীউডৰ অংশ নহয় যদিও সামাজিক মাধ্যমত তাৰকাগৰাকীৰ দুহিতাক লৈ আছে অন্তহীন কৌতূহল। তাৰকা সন্তান হোৱাৰ সুবাদতে সুহানাৰ সামাজিক মাধ্যমৰ পোষ্টবোৰেও বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ, সামাজিক মাধ্যমত সুহানাই পোষ্ট কৰা ছবিবোৰে এক আলোড়নৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। অলপতে শ্বাহৰূখ দুহিতাই ইনষ্টাগ্ৰামত নিজৰ দুখন ফটো পোষ্ট কৰিছিল।

ব্যতিক্ৰমী ভংগীমাত শ্বাহৰূখ দুহিতা সুহানা

নাহৰফুটুকী ৰঙৰ জিকজাক-ছিকছাক পোছাকে দৃষ্টি কাঢ়িছে একাংশৰ। সুহানাৰ বান্ধৱী শ্বানায়া কাপুৰ আৰু অনন্যা পাণ্ডেয়ে পোষ্টটোৰ মন্তব্যত প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, শ্বাহৰূখ-গৌৰীৰ একমাত্ৰ কন্যা সুহানাই উচ্চ শিক্ষাৰ বাবে ২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কলৈ উৰা মাৰিছিল। বলীউড বাদশ্বাহ দুহিতা সুহানা খানৰ বলীউড ডেব্যুক লৈয়ো প্ৰায়ে নানা গুজৱ শুনিবলৈ পোৱা যায়। সুহানাই বৰ্তমান অভিনয় বিষয়তে অধ্যয়ন কৰি আছে। কোনমুহূৰ্তত বলীউড বাদশ্বাহৰ দুহিতাই বলীউডত খোজ দিয়ে সেয়া সময়তহে লক্ষণীয় হ’ব! অৱশ্যে, এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে শ্বাহৰূখ-গৌৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু