--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভোগৰ উৎসৱ ভোগালীত সুস্বাদু ব্যঞ্জন, পিঠা-পনা তৈয়াৰ কৰাত ব্যস্ত এতিয়া অসমীয়া৷ নানা প্ৰকাৰৰ পিঠা-পনা, জলপানেৰে এতিয়া ভৰপূৰ প্ৰত্যেকৰে আখল৷ দৈ-চিৰা জলপান, তিলপিঠা, ঘিলাপিঠাৰ উপৰি চুঙাপিঠা মাঘবিহুৰ বিশেষ আকৰ্ষণ৷ অতি সহজতে তৈয়াৰ কৰিব পৰা চুঙাপিঠাৰ এক বিশেষ ৰেচিপি হৈছে :

চচপেনৰ চুঙাপিঠা :

ইয়াৰ বাবে আপোনাক লাগিব
জহা চাউলৰ পিঠাগুড়ি (ডেৰ কাপ),
ৰুকা নাৰিকল (২ টেবুল চামুচ),
চেনি (এচামুচ),
ঘিউ (এচামুচ),
নিমখ (এচিকুট)
পানী (আধা কাপ),
সৰু বাঁহৰ চুঙা (দুয়োফালে গাঁঠি নথকা এটা)

প্ৰস্তুত প্ৰণালীঃ
এটা পাত্ৰত একেলগে পিঠাগুড়ি, চেনি, নাৰিকল ৰুকা, ঘিউ আৰু নিমখ মিহলাই ল’ব। পানীৰে পিঠাগুড়ি মোহাৰি মুঠিৰ দৰে কৰি ল’ব৷ বাঁহৰ চুঙাটো প্ৰথমে এটা মুখ কলপাতে মেৰিয়াই বান্ধি আনফালে চুঙাত পিঠাগুড়ি ভৰাই একেদৰে কলপাতে মেৰিয়াই বান্ধি লৈ গৰম লোহাৰ কেৰাহীত ঢাকোন মাৰি দিয়ক। প্ৰায় ১৫-২০ মিনিট ৰাখি দিয়াৰ পাছতে চুঙাপিঠা তৈয়াৰ হৈ পৰিব। চুঙা নাথাকিলে একে মিশ্ৰণ যিকোনো কাপত জৰিয়তেও বনাব পাৰে। অৱশেষত গোল গোল টুকুৰা কৰি আপ্যায়ন কৰক গাখীৰ আৰু গুড়ৰ সৈতে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ