--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতত ক’ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে৷ ইতিমধ্যে, ভাৰতত ১৭০০ৰো অধিক লোক আক্ৰান্ত হৈছে ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰনত আক্ৰান্ত হৈছে৷ মহাৰাষ্ট্ৰত ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে বলীউডৰো কেইবাগৰাকীও চিনেমা পৰিচালক, অভিনেতা, অভিনেত্ৰী আক্ৰান্ত হৈছে ক’ভিড-১৯ত৷ শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত হৈছে বলীউড তাৰকা জন আব্ৰাহাম আৰু তেওঁৰ পত্নী প্ৰিয়া ৰুঞ্চাল৷ আজি তেওঁলোকে ক’ভিড পৰীক্ষা কৰোৱাওতে ক’ভিড পজিটিভ ধৰা পৰিছে৷ বৰ্তমান তেওঁলোকে নিজকে নিজা বাসভৱনতে আছুতীয়াকৰণ কৰিছে৷

জন আব্ৰাহামে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এই খবৰ ৰাজহুৱা কৰি জনাইছে যে তেওঁ তিনিদিন আগতে এজন ক’ভিড পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ আহিছিল। ইনষ্টাগ্ৰামত অভিনেতাজনে লিখিছে এনেদৰে, মই তিনিদিন আগতে এগৰাকী ব্যক্তিৰ সৈতে সম্পৰ্কত আহিছিলোঁ আৰু পাছত জানিছিলোঁ যে তেওঁ ক’ভিড পজিটিভ আছিল। প্ৰিয়া আৰু মই পৰীক্ষা কৰোৱালোঁ আৰু আমাৰ পজিটিভ আহিছে৷ আমাক ঘৰতে আছুতীয়াকৰণ কৰা হৈছে, সেয়েহে আন কাৰো সৈতে সম্পৰ্ক কৰা নাই৷ এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সৈতে এক সাক্ষাৎকাৰত, অভিনেতাজনে জনাইছিল যে তেওঁলোকে মৃদু লক্ষণ অনুভৱ কৰি আছে। আমি দুয়োৱে ভেকচিন লৈ থৈছোঁ৷ আৰু মৃদু লক্ষণ অনুভৱ কৰিছোঁ। অনুগ্ৰহ কৰি সকলোৱে স্বাস্থ্যৱান হৈ থাকক। ‘মাস্ক’ পৰিধান কৰি থাকক।

আনহাতে, কালিৰ দিনটোত চিনেমা পৰিচালক ৰাহুল ৰাৱাইলৰো ক’ভিড পজিটিভ ধৰা পৰিছে৷ চিনেমা নিৰ্মাতাজনক বৰ্তমান আছুতীয়াকৈ ৰখা হৈছে আৰু সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি আছে। ৭০ বছৰীয়া পৰিচালকজন যোৱা সপ্তাহত ক’ভিড আক্ৰান্তৰ সৈতে সম্পৰ্কত আহিছিল৷ এইগৰাকী পৰিচালক ৰাহুল ৰাৱাইলে ১৯৮৩ চনত ‘অৰ্জুন’ আৰু ১৯৮৫ চনত ‘বেতাব’ৰ দৰে চিনেমা পৰিচালনা কৰিছিল। ৰাহুল ৰাৱাইলৰ জন্ম হৈছিল মুম্বাইত ১৯৫১ চনৰ ৭ এপ্ৰিলত৷ তেওঁ ১৯৯১ চনত ‘মাষ্ট কালাণ্ডাৰ’ আৰু ১৯৮৭ চনত ‘ডাকিট’ৰ দৰে চিনেমা পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। যোৱা মাহত দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে নতুন দিল্লীত ৰাৱাইলৰ নতুন কিতাপ ‘ৰাজ কাপুৰ: দ্য মাষ্টাৰ এট ৱৰ্ক’ মুকলি কৰিছিল, যিটো আছিল তেওঁৰ পৰামৰ্শদাতা প্ৰয়াত চিনেমা নিৰ্মাতা ৰাজ কাপুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।

শেহতীয়াকৈ, মৃণাল ঠাকুৰ, নোৰা ফতেহী আৰু শিল্পা শিৰোদকাৰকে ধৰি বলীউডৰ আন কেইবাজনো চেলিব্ৰেটিয়ে তেওঁলোকৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত ক’ভিড আক্ৰান্ত হোৱাৰ খবৰ ৰাজহুৱা কৰিছিল৷ যোৱা মাহত প্ৰযোজক ৰিয়া কাপুৰ আৰু তেওঁৰ স্বামী কৰণ বুলানীও আক্ৰান্ত হৈছিল ক’ভিড-১৯ত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু