--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতত ক’ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে৷ ইতিমধ্যে, ভাৰতত ১৭০০ৰো অধিক লোক আক্ৰান্ত হৈছে ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰনত আক্ৰান্ত হৈছে৷ মহাৰাষ্ট্ৰত ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে বলীউডৰো কেইবাগৰাকীও চিনেমা পৰিচালক, অভিনেতা, অভিনেত্ৰী আক্ৰান্ত হৈছে ক’ভিড-১৯ত৷ শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত হৈছে বলীউড তাৰকা জন আব্ৰাহাম আৰু তেওঁৰ পত্নী প্ৰিয়া ৰুঞ্চাল৷ আজি তেওঁলোকে ক’ভিড পৰীক্ষা কৰোৱাওতে ক’ভিড পজিটিভ ধৰা পৰিছে৷ বৰ্তমান তেওঁলোকে নিজকে নিজা বাসভৱনতে আছুতীয়াকৰণ কৰিছে৷

জন আব্ৰাহামে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এই খবৰ ৰাজহুৱা কৰি জনাইছে যে তেওঁ তিনিদিন আগতে এজন ক’ভিড পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ আহিছিল। ইনষ্টাগ্ৰামত অভিনেতাজনে লিখিছে এনেদৰে, মই তিনিদিন আগতে এগৰাকী ব্যক্তিৰ সৈতে সম্পৰ্কত আহিছিলোঁ আৰু পাছত জানিছিলোঁ যে তেওঁ ক’ভিড পজিটিভ আছিল। প্ৰিয়া আৰু মই পৰীক্ষা কৰোৱালোঁ আৰু আমাৰ পজিটিভ আহিছে৷ আমাক ঘৰতে আছুতীয়াকৰণ কৰা হৈছে, সেয়েহে আন কাৰো সৈতে সম্পৰ্ক কৰা নাই৷ এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সৈতে এক সাক্ষাৎকাৰত, অভিনেতাজনে জনাইছিল যে তেওঁলোকে মৃদু লক্ষণ অনুভৱ কৰি আছে। আমি দুয়োৱে ভেকচিন লৈ থৈছোঁ৷ আৰু মৃদু লক্ষণ অনুভৱ কৰিছোঁ। অনুগ্ৰহ কৰি সকলোৱে স্বাস্থ্যৱান হৈ থাকক। ‘মাস্ক’ পৰিধান কৰি থাকক।

আনহাতে, কালিৰ দিনটোত চিনেমা পৰিচালক ৰাহুল ৰাৱাইলৰো ক’ভিড পজিটিভ ধৰা পৰিছে৷ চিনেমা নিৰ্মাতাজনক বৰ্তমান আছুতীয়াকৈ ৰখা হৈছে আৰু সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি আছে। ৭০ বছৰীয়া পৰিচালকজন যোৱা সপ্তাহত ক’ভিড আক্ৰান্তৰ সৈতে সম্পৰ্কত আহিছিল৷ এইগৰাকী পৰিচালক ৰাহুল ৰাৱাইলে ১৯৮৩ চনত ‘অৰ্জুন’ আৰু ১৯৮৫ চনত ‘বেতাব’ৰ দৰে চিনেমা পৰিচালনা কৰিছিল। ৰাহুল ৰাৱাইলৰ জন্ম হৈছিল মুম্বাইত ১৯৫১ চনৰ ৭ এপ্ৰিলত৷ তেওঁ ১৯৯১ চনত ‘মাষ্ট কালাণ্ডাৰ’ আৰু ১৯৮৭ চনত ‘ডাকিট’ৰ দৰে চিনেমা পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। যোৱা মাহত দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে নতুন দিল্লীত ৰাৱাইলৰ নতুন কিতাপ ‘ৰাজ কাপুৰ: দ্য মাষ্টাৰ এট ৱৰ্ক’ মুকলি কৰিছিল, যিটো আছিল তেওঁৰ পৰামৰ্শদাতা প্ৰয়াত চিনেমা নিৰ্মাতা ৰাজ কাপুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।

শেহতীয়াকৈ, মৃণাল ঠাকুৰ, নোৰা ফতেহী আৰু শিল্পা শিৰোদকাৰকে ধৰি বলীউডৰ আন কেইবাজনো চেলিব্ৰেটিয়ে তেওঁলোকৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত ক’ভিড আক্ৰান্ত হোৱাৰ খবৰ ৰাজহুৱা কৰিছিল৷ যোৱা মাহত প্ৰযোজক ৰিয়া কাপুৰ আৰু তেওঁৰ স্বামী কৰণ বুলানীও আক্ৰান্ত হৈছিল ক’ভিড-১৯ত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement