--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছলমান খানৰ হাতত সদায় এডাল ব্ৰেচলেট দেখা যায়। ব্ৰেচলেট অবিহনে ছলমান খানক কেতিয়াও দেখা নাযায়। তেওঁৰ প্ৰত্যেকখন চিনেমাতে ব্ৰেচলেটডাল দেখা পোৱা যায়। ছলমান খানৰ সৈতে তেওঁৰ হাতৰ ব্ৰেচলেটো সমানে জনপ্ৰিয়। ছলমান খানে এই ব্ৰেচলেটডালক বহুত বিশ্বাস কৰি আহিছে। ব্ৰেচলেটডালৰ বহু ৰসহ্য আছে বুলিও তেওঁ নিজমুখে স্বীকাৰ কৰিছে। তেওঁ কয় যে ''মোৰ হাতৰ এই ব্ৰেচলেটডালক মই বহুত বিশ্বাস কৰোঁ। বহু আপদ-বিপদৰ পৰা মোক এই ব্ৰেচলেটে উদ্ধাৰ কৰিছে। মই যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিছিলো তেতিয়া দেউতাই মোক এইডাল পিন্ধিবলৈ দিছিল। ব্ৰেচলেটডালত থকা নীলা পাথৰটোক ফিৰোজা বুলি কোৱা হয়।''

ছলমান খানে লগতে কয় যে ফিৰোজা পাথৰ জীৱন্ত পাথৰ হয়। এই পাথৰটো লগত থাকিলে আপোনাৰ জীৱনলৈ কোনো নেতিবাচক শক্তি নাহে। যদি কেনেবাকৈ আপোনাৰ ওচৰলৈ কিবা বেয়া শক্তি বা নেতিবাচক শক্তি আহে তেন্তে প্ৰথমে ফিৰোজা পাথৰটোৱে সকলো নেতিবাচক শক্তিক নিজে শুহি লয় আৰু তাৰ অলপ পাছতেই ই ফাটি যায়। তেতিয়াই মই বুজি পাওঁ যে মোক এই ব্ৰেচলেটডালে কিবা বিপদৰ পৰা ৰক্ষা কৰিলে। পাথৰটো ফাটি যোৱাৰ পাছত পুনৰ এটা নতুন পাথৰ লগাব লাগে। এইটো মোৰ সপ্তম ফিৰোজা পাথৰ।''

ছলমান খানে অতি গভীৰভাৱে বিশ্বাস কৰে যে এই ব্ৰেচলেটডাল তেওঁৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু সৌভাগ্যৰ প্ৰতীক। উল্লেখ্য যে এবাৰ ছলমানৰ হাতৰ পৰা ব্ৰেচলেটডাল হেৰাইছিল। সেয়া কেইবছৰমান আগৰ কথা। ছলমানে তেওঁৰ বন্ধুবৰ্গৰ সৈতে পাৰ্টি কৰি আছিল, তেতিয়া তেওঁ দেখিলে যে হাতত ব্ৰেচলেটডাল নাই। এই কথা গম পোৱাৰ লগে লগে তেওঁৰ জীউ উৰি গৈছিল। লগালগ তেওঁৰ মন বিচলিত আৰু অশান্ত হৈ পৰিছিল। বন্ধুবোৰে ছলমানক বুজাই মেলি শান্ত কৰিছিল আৰু কৈছিল যে ব্ৰেচলেটডাল আমি সকলোৱে বিচাৰি উলিয়াম..তুমি চিন্তা নকৰিবা।

অৱশেষত ব্ৰেচলেটডাল বিচাৰি পাইছিল অভিনেতা আস্মিত পেটেলে। ব্ৰেচলেটডাল ছুইমিং পুলৰ পানীত পৰি আছিল। চলমান খানে ইয়াক ঘূৰাই পাইহে মনত শান্তি পাইছিল আৰু সুখী হৈ পৰিছিল। প্ৰাণৰ আপোন ব্ৰেচলেটডাল বিচাৰি দিয়া কাৰণে আস্মিত পেটেলক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছিল ভাইজানে। সেই ঘটনাৰ পৰা বিশ্বাসী ব্ৰেচলেটডালক লৈ অধিক সচেতন হৈ পৰিল ছলমান খান।

আৰু পঢ়কঃ গোপনে বিবাহপাশত আৱদ্ধ ‘মহাদেৱ’! ‘হৰ-গৌৰী বসতি হওঁক’ বুলি সকলোৱে দিছে আশীৰ্বাদ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু