--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছলমান খানৰ হাতত সদায় এডাল ব্ৰেচলেট দেখা যায়। ব্ৰেচলেট অবিহনে ছলমান খানক কেতিয়াও দেখা নাযায়। তেওঁৰ প্ৰত্যেকখন চিনেমাতে ব্ৰেচলেটডাল দেখা পোৱা যায়। ছলমান খানৰ সৈতে তেওঁৰ হাতৰ ব্ৰেচলেটো সমানে জনপ্ৰিয়। ছলমান খানে এই ব্ৰেচলেটডালক বহুত বিশ্বাস কৰি আহিছে। ব্ৰেচলেটডালৰ বহু ৰসহ্য আছে বুলিও তেওঁ নিজমুখে স্বীকাৰ কৰিছে। তেওঁ কয় যে ''মোৰ হাতৰ এই ব্ৰেচলেটডালক মই বহুত বিশ্বাস কৰোঁ। বহু আপদ-বিপদৰ পৰা মোক এই ব্ৰেচলেটে উদ্ধাৰ কৰিছে। মই যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিছিলো তেতিয়া দেউতাই মোক এইডাল পিন্ধিবলৈ দিছিল। ব্ৰেচলেটডালত থকা নীলা পাথৰটোক ফিৰোজা বুলি কোৱা হয়।''

ছলমান খানে লগতে কয় যে ফিৰোজা পাথৰ জীৱন্ত পাথৰ হয়। এই পাথৰটো লগত থাকিলে আপোনাৰ জীৱনলৈ কোনো নেতিবাচক শক্তি নাহে। যদি কেনেবাকৈ আপোনাৰ ওচৰলৈ কিবা বেয়া শক্তি বা নেতিবাচক শক্তি আহে তেন্তে প্ৰথমে ফিৰোজা পাথৰটোৱে সকলো নেতিবাচক শক্তিক নিজে শুহি লয় আৰু তাৰ অলপ পাছতেই ই ফাটি যায়। তেতিয়াই মই বুজি পাওঁ যে মোক এই ব্ৰেচলেটডালে কিবা বিপদৰ পৰা ৰক্ষা কৰিলে। পাথৰটো ফাটি যোৱাৰ পাছত পুনৰ এটা নতুন পাথৰ লগাব লাগে। এইটো মোৰ সপ্তম ফিৰোজা পাথৰ।''

ছলমান খানে অতি গভীৰভাৱে বিশ্বাস কৰে যে এই ব্ৰেচলেটডাল তেওঁৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু সৌভাগ্যৰ প্ৰতীক। উল্লেখ্য যে এবাৰ ছলমানৰ হাতৰ পৰা ব্ৰেচলেটডাল হেৰাইছিল। সেয়া কেইবছৰমান আগৰ কথা। ছলমানে তেওঁৰ বন্ধুবৰ্গৰ সৈতে পাৰ্টি কৰি আছিল, তেতিয়া তেওঁ দেখিলে যে হাতত ব্ৰেচলেটডাল নাই। এই কথা গম পোৱাৰ লগে লগে তেওঁৰ জীউ উৰি গৈছিল। লগালগ তেওঁৰ মন বিচলিত আৰু অশান্ত হৈ পৰিছিল। বন্ধুবোৰে ছলমানক বুজাই মেলি শান্ত কৰিছিল আৰু কৈছিল যে ব্ৰেচলেটডাল আমি সকলোৱে বিচাৰি উলিয়াম..তুমি চিন্তা নকৰিবা।

অৱশেষত ব্ৰেচলেটডাল বিচাৰি পাইছিল অভিনেতা আস্মিত পেটেলে। ব্ৰেচলেটডাল ছুইমিং পুলৰ পানীত পৰি আছিল। চলমান খানে ইয়াক ঘূৰাই পাইহে মনত শান্তি পাইছিল আৰু সুখী হৈ পৰিছিল। প্ৰাণৰ আপোন ব্ৰেচলেটডাল বিচাৰি দিয়া কাৰণে আস্মিত পেটেলক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছিল ভাইজানে। সেই ঘটনাৰ পৰা বিশ্বাসী ব্ৰেচলেটডালক লৈ অধিক সচেতন হৈ পৰিল ছলমান খান।

আৰু পঢ়কঃ গোপনে বিবাহপাশত আৱদ্ধ ‘মহাদেৱ’! ‘হৰ-গৌৰী বসতি হওঁক’ বুলি সকলোৱে দিছে আশীৰ্বাদ


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ