--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিয়া বিয়া লাগিছে বলীউডত| বিকী-কেটৰ বিয়াৰ পাছতে এইবাৰ কিংবদন্তী সংগীতশিল্পী এ আৰ ৰহমানৰ জ্যেষ্ঠ কন্যাৰ বিয়াৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে। ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, ২৯ ডিচেম্বৰত এ আৰ ৰহমানৰ জ্যেষ্ঠ কন্যা ২৩ বছৰীয়া খাদিজা ৰহমানৰ সৈতে ৰিয়াছদীন শ্বেখ মহম্মদৰ আঙুঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হৈ গৈছে।

জানিবলৈ পোৱা মতে, অতিমাৰী কৰ’না ভাইৰাছৰ বাবে চেন্নাইত থকা পৰিয়ালৰ ঘনিষ্ঠ সদস্যসকলৰ সৈতে অনুষ্টুপীয়াকৈয়ে এ আৰ ৰহমানে জীয়ৰীৰ বিবাহৰ ব্যৱস্থা কৰিছে। আনকি বিবাহ অনুষ্ঠানতো ওচৰ চুবুৰীয়া মানুহখিনিহে উপস্থিত থাকিব বুলি জনাইছে প্ৰসিদ্ধ সংগীত শিল্পীগৰাকীয়ে। বিশাল আয়োজনৰ কোনো উদ্দেশ্য নাই এ আৰ ৰহমানৰ। উল্লেখ্য যে, পিতৃৰ দৰে খাদিজাইয়ো সংগীত জগতত খোজ দিছে। ‘ৰোবো’ ছবিত মাৰামানিচি/পুথিয়া মণিধা নামৰ এটি গীতৰ যোগেদি সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল ৰহমান কন্যাই। গীতৰ সুৰ আছিল পিতৃ এ আৰ ৰহমানৰ। ছবিখনত অভিনয় কৰিছিল মেগাষ্টাৰ ৰজনীকান্তে। গীতটোত কন্ঠদান কৰাৰ সময়ত খাদিজাৰ বয়স আছিল ১৪ বছৰ। শেহতীয়াকৈ ৰহমান কন্যাৰ বিবাহৰ বাতৰিয়ে এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে বলীউডত| অনুৰাগী মহলৰ পৰা আহিছে শুভেচ্ছাৰ বন্যা| বলীউডৰ বহু ৰথী-মহাৰথীয়ে ৰহমান কন্যাক জনাইছে শুভেচ্ছা| দিন কাল ভালে থাকিলে, কৰ'না মহামাৰীয়ে বিধি পথালি নিদিলে বলীউডে আম এখন বিয়া দেখিবলৈ পাব বুলিয়ে আশা কৰিছে সকলোৱে |


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু