--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিয়া বিয়া লাগিছে বলীউডত| বিকী-কেটৰ বিয়াৰ পাছতে এইবাৰ কিংবদন্তী সংগীতশিল্পী এ আৰ ৰহমানৰ জ্যেষ্ঠ কন্যাৰ বিয়াৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে। ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, ২৯ ডিচেম্বৰত এ আৰ ৰহমানৰ জ্যেষ্ঠ কন্যা ২৩ বছৰীয়া খাদিজা ৰহমানৰ সৈতে ৰিয়াছদীন শ্বেখ মহম্মদৰ আঙুঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হৈ গৈছে।

জানিবলৈ পোৱা মতে, অতিমাৰী কৰ’না ভাইৰাছৰ বাবে চেন্নাইত থকা পৰিয়ালৰ ঘনিষ্ঠ সদস্যসকলৰ সৈতে অনুষ্টুপীয়াকৈয়ে এ আৰ ৰহমানে জীয়ৰীৰ বিবাহৰ ব্যৱস্থা কৰিছে। আনকি বিবাহ অনুষ্ঠানতো ওচৰ চুবুৰীয়া মানুহখিনিহে উপস্থিত থাকিব বুলি জনাইছে প্ৰসিদ্ধ সংগীত শিল্পীগৰাকীয়ে। বিশাল আয়োজনৰ কোনো উদ্দেশ্য নাই এ আৰ ৰহমানৰ। উল্লেখ্য যে, পিতৃৰ দৰে খাদিজাইয়ো সংগীত জগতত খোজ দিছে। ‘ৰোবো’ ছবিত মাৰামানিচি/পুথিয়া মণিধা নামৰ এটি গীতৰ যোগেদি সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল ৰহমান কন্যাই। গীতৰ সুৰ আছিল পিতৃ এ আৰ ৰহমানৰ। ছবিখনত অভিনয় কৰিছিল মেগাষ্টাৰ ৰজনীকান্তে। গীতটোত কন্ঠদান কৰাৰ সময়ত খাদিজাৰ বয়স আছিল ১৪ বছৰ। শেহতীয়াকৈ ৰহমান কন্যাৰ বিবাহৰ বাতৰিয়ে এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে বলীউডত| অনুৰাগী মহলৰ পৰা আহিছে শুভেচ্ছাৰ বন্যা| বলীউডৰ বহু ৰথী-মহাৰথীয়ে ৰহমান কন্যাক জনাইছে শুভেচ্ছা| দিন কাল ভালে থাকিলে, কৰ'না মহামাৰীয়ে বিধি পথালি নিদিলে বলীউডে আম এখন বিয়া দেখিবলৈ পাব বুলিয়ে আশা কৰিছে সকলোৱে |


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ