--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে,সৌন্দৰ্য্যতাৰ কোনো মাপকাঠি নাই ৷ তথাপি  বহু সময়ত বহু  অভিনেত্ৰীক ছালৰ ৰঙকলৈ   অভিনয়ৰ ক্ষেত্ৰত বিচাৰ কৰা হয়। কেতিয়াবা বলীউডত কাম পোৱাৰ পৰা প্ৰত্যাখ্যান আৰু কেতিয়াবা ঠাট্টা-মস্কৰাও পাবলগীয়া হয়৷বলীউড জগতত নিজৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰিবলৈ বহু বলীউড আৰু হিন্দী টেলিভিশ্যন অভিনেত্ৰীয়ে বৰ্ণবাদৰ সন্মুখীন হৈছিল৷অৰ্থাৎ আজিৰ সময়তো বলীউডত বৰ্ণবাদ দৰে এটা এলান্ধুকুলীয়া চিন্তাৰে পুষ্ট হৈ থকা বহু ব্যক্তি বিদ্যমান৷

উল্লেখযোগ্য যে, হিন্দী ৰিয়েলিটি শ্ব’ বিগ-বছৰ জৰিয়তে জনপ্ৰিয় হোৱা আৰু হিন্দী ধাৰাবাহিক ‘ইমলি’ৰ জৰিয়তে বিখ্যাত হোৱা অভিনেত্ৰী সুম্বুল টৌকীৰ খানে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে সুম্বুলে তেওঁৰ ক’লা ৰঙৰ বাবে বলীউড উদ্যোগটোৰ মুখ্য নায়িকা হোৱাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈছিল। মানুহে সুম্বুলক "ক’লী" বুলি সম্বোধন কৰিছিল, ঠাট্টা কৰিছিল, আৰু প্ৰত্যাখ্যানৰো মুখামুখী হৈছিল।

আন এখন হিন্দী ধাৰাবাহিক 'কুমকুম ভাগ্য'ৰ মুখ্য অভিনেত্ৰী নৈনা সিঙেও ক'লা ছালৰ বাবে মানুহৰ ঠাট্টা-মস্কৰা শুনিছিল। বহু সময়ত নৈনায়েও কাম লাভ কৰাৰ ক্ষেত্ৰত প্ৰত্যাখ্যান পাইছিল।

বলীউডৰ ‘সাত ফেৰে’ নামৰ চলচ্চিত্ৰখনত অভিনেত্ৰী ৰাজশ্ৰী ঠাকুৰে এগৰাকী ক’লা বৰণৰ ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল। বাস্তৱ জীৱনতো ৰাজশ্ৰী যথেষ্ট ক’লা আৰু ইয়াৰ বাবে ৰাজশ্ৰীয়ে অভিনয় জগতত বহুত ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়া হৈছিল।

ঐতিহাসিক চৰিত্ৰ ৰাণী লক্ষ্মীবাইৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰ ‘ঝাঁসী কী ৰাণী’ৰ দ্বাৰা খ্যাতি লাভ কৰা অভিনেত্ৰী উলকা গুপ্তাই নিজৰ শৰীৰৰ বৰণক লৈ গৌৰৱ অনুভৱ কৰে, কিন্তু এই গাৰ বৰণৰ বাবেই কেইবাবাৰো উল্কাই প্ৰত্যাখ্যানৰ সন্মুখীন হ’বলগীয়া হৈছিল। উল্কাই জনোৱা অনুসৰি পূৰ্বতে মানুহে  উল্কাক পোনপটীয়াকৈ কাম দিবলৈ অস্বীকাৰ কৰিছিল।

আন দুখন ধাৰাবাহিক 'সপনা বাবুল কা আৰু বিদায়ী"ত ক'লা ৰঙৰ বাবেই পাৰুল চৌহানে লাইমলাইট লাভ কৰিছিল। শ্ব’টোত পাৰুলক ৰঙৰ বাবে যিদৰে ঠাট্টা কৰা হৈছিল, বাস্তৱ জীৱনতো পৰিস্থিতি একেই আছিল।পাৰুলে উল্লেখ কৰে যে ছালৰ ৰঙৰ বাবেই পাৰুলৰ বাবে বলীউড উদ্যোগটোত ভৰি দিয়াটো সহজ নাছিল।

নিজৰ আবেদনময়ীতাৰে বহুতৰে মন মোহিত কৰা অভিনেত্ৰী নিয়া শৰ্মাইও গাৰ বৰণৰ বাবে বহুত ঘৃণাৰ মন্তব্য সহ্য কৰিবলগীয়া হৈছে৷।বহু মানুহে নিয়াক ‘কুৎসিত’ বুলি কৈছিল। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে কেতিয়াও তেওঁৰ ওপৰত হোৱা ট্ৰলিঙৰ প্ৰতি গুৰুত্ব নিদিলে।

‘য়েহ ৰিষ্তা ক্যা কেহলাতা হায়’ ধাৰাবাহিকখনত ‘অক্ষৰা’ হৈ লাখ লাখ লোকৰ মন জয় কৰা অভিনেত্ৰী হিনা খানেও ছালৰ ৰঙৰ বাবেই ঠাট্টা-মস্কৰাৰ সন্মুখীন হৈছে। এবাৰ অভিনেত্ৰীগৰাকীয়ে কৈছিল যে ছালৰ ৰঙৰ বাবেই হিনা বহুবাৰ বলীউডত প্ৰত্যাখ্যানৰ সন্মুখীন হৈছিল৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ