--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে,সৌন্দৰ্য্যতাৰ কোনো মাপকাঠি নাই ৷ তথাপি  বহু সময়ত বহু  অভিনেত্ৰীক ছালৰ ৰঙকলৈ   অভিনয়ৰ ক্ষেত্ৰত বিচাৰ কৰা হয়। কেতিয়াবা বলীউডত কাম পোৱাৰ পৰা প্ৰত্যাখ্যান আৰু কেতিয়াবা ঠাট্টা-মস্কৰাও পাবলগীয়া হয়৷বলীউড জগতত নিজৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰিবলৈ বহু বলীউড আৰু হিন্দী টেলিভিশ্যন অভিনেত্ৰীয়ে বৰ্ণবাদৰ সন্মুখীন হৈছিল৷অৰ্থাৎ আজিৰ সময়তো বলীউডত বৰ্ণবাদ দৰে এটা এলান্ধুকুলীয়া চিন্তাৰে পুষ্ট হৈ থকা বহু ব্যক্তি বিদ্যমান৷

উল্লেখযোগ্য যে, হিন্দী ৰিয়েলিটি শ্ব’ বিগ-বছৰ জৰিয়তে জনপ্ৰিয় হোৱা আৰু হিন্দী ধাৰাবাহিক ‘ইমলি’ৰ জৰিয়তে বিখ্যাত হোৱা অভিনেত্ৰী সুম্বুল টৌকীৰ খানে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে সুম্বুলে তেওঁৰ ক’লা ৰঙৰ বাবে বলীউড উদ্যোগটোৰ মুখ্য নায়িকা হোৱাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈছিল। মানুহে সুম্বুলক "ক’লী" বুলি সম্বোধন কৰিছিল, ঠাট্টা কৰিছিল, আৰু প্ৰত্যাখ্যানৰো মুখামুখী হৈছিল।

আন এখন হিন্দী ধাৰাবাহিক 'কুমকুম ভাগ্য'ৰ মুখ্য অভিনেত্ৰী নৈনা সিঙেও ক'লা ছালৰ বাবে মানুহৰ ঠাট্টা-মস্কৰা শুনিছিল। বহু সময়ত নৈনায়েও কাম লাভ কৰাৰ ক্ষেত্ৰত প্ৰত্যাখ্যান পাইছিল।

বলীউডৰ ‘সাত ফেৰে’ নামৰ চলচ্চিত্ৰখনত অভিনেত্ৰী ৰাজশ্ৰী ঠাকুৰে এগৰাকী ক’লা বৰণৰ ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল। বাস্তৱ জীৱনতো ৰাজশ্ৰী যথেষ্ট ক’লা আৰু ইয়াৰ বাবে ৰাজশ্ৰীয়ে অভিনয় জগতত বহুত ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়া হৈছিল।

ঐতিহাসিক চৰিত্ৰ ৰাণী লক্ষ্মীবাইৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰ ‘ঝাঁসী কী ৰাণী’ৰ দ্বাৰা খ্যাতি লাভ কৰা অভিনেত্ৰী উলকা গুপ্তাই নিজৰ শৰীৰৰ বৰণক লৈ গৌৰৱ অনুভৱ কৰে, কিন্তু এই গাৰ বৰণৰ বাবেই কেইবাবাৰো উল্কাই প্ৰত্যাখ্যানৰ সন্মুখীন হ’বলগীয়া হৈছিল। উল্কাই জনোৱা অনুসৰি পূৰ্বতে মানুহে  উল্কাক পোনপটীয়াকৈ কাম দিবলৈ অস্বীকাৰ কৰিছিল।

আন দুখন ধাৰাবাহিক 'সপনা বাবুল কা আৰু বিদায়ী"ত ক'লা ৰঙৰ বাবেই পাৰুল চৌহানে লাইমলাইট লাভ কৰিছিল। শ্ব’টোত পাৰুলক ৰঙৰ বাবে যিদৰে ঠাট্টা কৰা হৈছিল, বাস্তৱ জীৱনতো পৰিস্থিতি একেই আছিল।পাৰুলে উল্লেখ কৰে যে ছালৰ ৰঙৰ বাবেই পাৰুলৰ বাবে বলীউড উদ্যোগটোত ভৰি দিয়াটো সহজ নাছিল।

নিজৰ আবেদনময়ীতাৰে বহুতৰে মন মোহিত কৰা অভিনেত্ৰী নিয়া শৰ্মাইও গাৰ বৰণৰ বাবে বহুত ঘৃণাৰ মন্তব্য সহ্য কৰিবলগীয়া হৈছে৷।বহু মানুহে নিয়াক ‘কুৎসিত’ বুলি কৈছিল। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে কেতিয়াও তেওঁৰ ওপৰত হোৱা ট্ৰলিঙৰ প্ৰতি গুৰুত্ব নিদিলে।

‘য়েহ ৰিষ্তা ক্যা কেহলাতা হায়’ ধাৰাবাহিকখনত ‘অক্ষৰা’ হৈ লাখ লাখ লোকৰ মন জয় কৰা অভিনেত্ৰী হিনা খানেও ছালৰ ৰঙৰ বাবেই ঠাট্টা-মস্কৰাৰ সন্মুখীন হৈছে। এবাৰ অভিনেত্ৰীগৰাকীয়ে কৈছিল যে ছালৰ ৰঙৰ বাবেই হিনা বহুবাৰ বলীউডত প্ৰত্যাখ্যানৰ সন্মুখীন হৈছিল৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী