--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘ব্লেক মেজিক’-শুনিলেই ভয় লগা এটি শব্দ! ব্লেক মেজিকৰ কাহিনী আমি টেলিভিছনৰ পৰ্দাত বহুবাৰ দেখিছো৷ বহু কাহিনী কিতাপে-পত্ৰই পঢ়িবও পাইছো৷ কিন্তু কিতাপে-পত্ৰই পঢ়িব পৰা এই কাহিনী সঁচা হ’লে কিমান ভয়ানক হ’ব পাৰে মানুহৰ জীৱন, সেয়া আমি হয়তো কল্পনাও কৰা নাই৷ ঠিক তেনেদৰে ব্লেক মেজিকৰ জৰিয়তে বহুজনৰ ওপৰত নিজৰ স্বাৰ্থসিদ্ধি কৰাৰ কাহিনীও ভিন্ন ওলাব৷ তেনে এক কৰুণ ঘটনাৰ সাক্ষী হ’ল সমগ্ৰ দেশ৷ মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱান্দিত এগৰাকী স্ব-ঘোষিত গডমেনে ব্লেক মেজিকৰ আসোঁৱাহ লৈ ধৰ্ষণ কৰিলে এগৰাকী কিশোৰীক৷ জানিব পৰা মতে, ১৬ বছৰীয়া এগৰাকী কন্যাক ৰোগ নিৰাময়ৰ বাবে নিজ মাতৃয়ে এগৰাকী স্ব-ঘোষিত গডমেনৰ ওচৰলৈ লৈ গৈছিল৷ আৰু লম্পট গডমেনে ৰোগ নিৰাময়ৰ অজুহাতত মাতৃৰ অনুমতি লৈ ঘন জংঘলত কিশোৰীগৰাকীক বলাৎকাৰ কৰে৷ ভুক্তভোগী কিশোৰীগৰাকীয়ে ইয়াৰ সন্দৰ্ভত নাৰপলি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে৷ লগে লগে স্বয়ম্ভু গডমেন বুলি চিনাকী দিয়া ভণ্ড তান্ত্ৰিকৰ লগতে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

Photo Credit : Internet


অভিযোগকাৰীৰ বৰ্ণনা অনুসৰি, কিশোৰীগৰাকীৰ ডিঙিৰ তীব্ৰ বিষ হৈছিল আৰু অভিযুক্তজনে দাবী কৰিছিল যে, এজন মৃত খুৰাকৰ ভূতে ধৰি ৰাখিছিল৷ আনহাতে, এই ভূতক খেদি কিশোৰীগৰাকীক আৰোগ্য কৰিব পাৰিব বুলিও বিশ্বাস দিছিল লম্পটজনে। লগতে মাতৃৰ পৰামৰ্শ লৈ এখন জংঘললৈ নিছিল ভুক্তভোগী কিশোৰীগৰাকীক আৰু তাৰ-পাছতেই উপৰ্যুপৰি ধৰ্ষণ কৰিছিল লম্পট তান্ত্ৰিকটোৱে। এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যই৷

Photo Credit : Internet

মাতৃগৰাকীৰ লগতে লম্পটজনৰ ওপৰত আইপিচিৰ ধৰা সন্নিবিষ্ট কৰিছে৷ লগতে ‘POCSO’ আইন আৰু মহাৰাষ্ট্ৰ মানৱ বলিদান প্ৰতিৰোধ আৰু নিৰ্মূল আৰু অন্যান্য অমানৱীয়, দুষ্ট আৰু অঘোৰী প্ৰথা আৰু ক’লা যাদু আইনৰ অধীনত অভিযুক্ত কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু