--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘ব্লেক মেজিক’-শুনিলেই ভয় লগা এটি শব্দ! ব্লেক মেজিকৰ কাহিনী আমি টেলিভিছনৰ পৰ্দাত বহুবাৰ দেখিছো৷ বহু কাহিনী কিতাপে-পত্ৰই পঢ়িবও পাইছো৷ কিন্তু কিতাপে-পত্ৰই পঢ়িব পৰা এই কাহিনী সঁচা হ’লে কিমান ভয়ানক হ’ব পাৰে মানুহৰ জীৱন, সেয়া আমি হয়তো কল্পনাও কৰা নাই৷ ঠিক তেনেদৰে ব্লেক মেজিকৰ জৰিয়তে বহুজনৰ ওপৰত নিজৰ স্বাৰ্থসিদ্ধি কৰাৰ কাহিনীও ভিন্ন ওলাব৷ তেনে এক কৰুণ ঘটনাৰ সাক্ষী হ’ল সমগ্ৰ দেশ৷ মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱান্দিত এগৰাকী স্ব-ঘোষিত গডমেনে ব্লেক মেজিকৰ আসোঁৱাহ লৈ ধৰ্ষণ কৰিলে এগৰাকী কিশোৰীক৷ জানিব পৰা মতে, ১৬ বছৰীয়া এগৰাকী কন্যাক ৰোগ নিৰাময়ৰ বাবে নিজ মাতৃয়ে এগৰাকী স্ব-ঘোষিত গডমেনৰ ওচৰলৈ লৈ গৈছিল৷ আৰু লম্পট গডমেনে ৰোগ নিৰাময়ৰ অজুহাতত মাতৃৰ অনুমতি লৈ ঘন জংঘলত কিশোৰীগৰাকীক বলাৎকাৰ কৰে৷ ভুক্তভোগী কিশোৰীগৰাকীয়ে ইয়াৰ সন্দৰ্ভত নাৰপলি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে৷ লগে লগে স্বয়ম্ভু গডমেন বুলি চিনাকী দিয়া ভণ্ড তান্ত্ৰিক লগতে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

Photo Credit : Internet


অভিযোগকাৰীৰ বৰ্ণনা অনুসৰি, কিশোৰীগৰাকীৰ ডিঙিৰ তীব্ৰ বিষ হৈছিল আৰু অভিযুক্তজনে দাবী কৰিছিল যে, এজন মৃত খুৰাকৰ ভূতে ধৰি ৰাখিছিল৷ আনহাতে, এই ভূতক খেদি কিশোৰীগৰাকীক আৰোগ্য কৰিব পাৰিব বুলিও বিশ্বাস দিছিল লম্পটজনে। লগতে মাতৃৰ পৰামৰ্শ লৈ এখন জংঘললৈ নিছিল ভুক্তভোগী কিশোৰীগৰাকীক আৰু তাৰ-পাছতেই উপৰ্যুপৰি ধৰ্ষণ কৰিছিল লম্পট তান্ত্ৰিকটোৱে। এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যই৷

Photo Credit : Internet

মাতৃগৰাকীৰ লগতে লম্পটজনৰ ওপৰত আইপিচিৰ ধৰা সন্নিবিষ্ট কৰিছে৷ লগতে ‘POCSO’ আইন আৰু মহাৰাষ্ট্ৰ মানৱ বলিদান প্ৰতিৰোধ আৰু নিৰ্মূল আৰু অন্যান্য অমানৱীয়, দুষ্ট আৰু অঘোৰী প্ৰথা আৰু ক’লা যাদু আইনৰ অধীনত অভিযুক্ত কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement