--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰক্তদান মহৎ দান। কিন্তু ৰক্ত বিক্ৰী কৰাটো বাৰুকৈয়ে নিন্দনীয়। প্ৰাপ্ত তথ্য অনুসৰি এখন হাস্পতালে ৩৫০০ টকাপৰ্যন্ত এবটল তেজ বিক্ৰী কৰাত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। পাছত স্থানীয় সংগঠনৰ প্ৰতিবাদত সেও মানি হাস্পতালখনৰ মালিকে পইচা লোৱা বুলি স্বীকাৰ কৰে আৰু উক্ত পৰিমাণৰ ধন ওভতাই দিবলৈ বাধ্য হয়।

পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ এখন হাস্পতাল কৰ্তৃপক্ষই তেজৰ বাবদ ধন দাবী কৰা বুলি ভুক্তভুগীয়ে অভিযোগ উত্থাপন কৰে। ৰাজিকুল শ্বেখ নামৰ ব্যক্তি এগৰাকীয়ে তেওঁৰ পত্নীক প্ৰসৱজনীত চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰাইছিল। হাস্পতাল কৰ্তৃপক্ষই তেওঁৰ পত্নীক A+ তেজৰ দৰকাৰৰ কথা জনায়। ব্লাড বেংকৰ পৰা তেজ নোপোৱাত তেওঁক ৩৫০০ টকাৰ বিনিময়ত এবটল তেজ পাব বুলি কয়। নিজ পত্নী আৰু হ'বলগীয়া সন্তানটিৰ জীৱন বচাবলৈ শ্বেখে ধনৰাশি দিবলৈ বাধ্য হয়।

ইয়াৰ পাছতে এটা স্বাচ্ছাসেৱী সংস্থাই ঘটনা সন্দৰ্ভত অৱগত হৈ হাস্পতাল কৰ্তৃপক্ষৰ ওচৰ চাপে। অৱশেষত হাস্পতাল কৰ্তৃপক্ষই ক্ষমা বিচাৰি পইচাখিনি ঘূৰাই দিবলৈ বাধ্য হয়। পূৰ্বতেও নাৰ্চিং হোমখনত অনুৰূপ ঘটনা সংঘটিত হোৱা বুলি স্বাচ্ছাসেৱী সংস্থাটোৰ সদস্য এগৰাকীয়ে জানিবলৈ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি