--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১ নৱেম্বৰৰ নিশাৰ পৰা মুম্বাইৰ বেণ্ডষ্টেণ্ড অঞ্চলত ভিৰ হৈছিল। ঘৰটোৰ নাম 'মন্নত'। শ্বাহৰুখ খানৰ ঘৰ। মান্নাতৰ বাহিৰত শ্বাহৰুখক চাবলৈ ভিৰ। উপলক্ষে তেওঁৰ জন্মদিন। সেইদিনাই মান্নাতৰ বাহিৰত সংঘটিত হৈছিল চুৰিকাণ্ড।

প্ৰতি বছৰে এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাষ্ট্ৰৰ অনুৰাগীসকলে শ্বাহৰুখৰ ঘৰৰ সন্মুখত সমবেত হয়। এই বছৰটোও বেলেগ নাছিল। কিং খানে ৫৮ বছৰ বয়সত খোজ দিলে। স্বাভাৱিকতে এই দিনটোত শ্বাহৰুখৰ ঘৰৰ বাহিৰত বিপুল জনসমাগমৰ সৃষ্টি হৈছিল। গোটেই অঞ্চলটোত ইমানেই ভিৰ হৈছিল যে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে বেটন চাৰ্জৰ আশ্ৰয় ল’বলগীয়া হৈছিল।

উত্তেজনাৰ মাজতে কেইবাজনো অনুৰাগীৰ ৩০ টা ফোন হেৰাই গৈছে। সেইদিনা ৰাতি মুঠ ১৭ জন লোকে বান্দ্ৰা থানাত এফআইআৰ দাখিল কৰে। তদন্তৰ এদিনৰ ভিতৰতে আৰক্ষীয়ে চোৰক ধৰিলে। বান্দ্ৰা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজ প্ৰত্যক্ষ কৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকৰ নাম শুভম যমুনাপ্ৰসাদ, মহম্মদ আলী আৰু ইমৰাণ।

২ নৱেম্বৰৰ ১২ বজাত বেলকনিৰ পৰা শ্বাহৰুখ হাজিৰ হৈছিল। অনুৰাগীক হাত জোকাৰিলে। তাৰমাজতে চোৰে সংঘটিত কৰিলে চোৰ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে