--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন। ৫৮ বছৰত ভৰি দিলে শ্বাহৰুখ খানে। শ্বাহৰুখৰ ফেন ফ'ল'ৱাৰ আশ্বৰ্যজনক। কোটি কোটি লোক শ্বাহৰুখ খানৰ 'দীৱানা'। অভিনয়ৰ লগতে সংবাদ মাধ্যমৰ সাক্ষাৎকাৰ বা ৰিয়েলিটি শ্ব’ৰ সময়তো শ্বাহৰুখে নিজৰ হাস্যৰসময়ী শৈলীৰে অনুৰাগীৰ হৃদয় জয় কৰে। কোটি কোটি অনুৰাগীয়ে আৱৰি থকাৰ পাছতো এবাৰ এক সাক্ষাৎকাৰত শ্বাহৰুখে কৈছিল যে তেওঁ বন্ধুত্ব গঢ়িবলৈ ভয় কৰে।

শ্বাহৰুখে এই সন্দৰ্ভত কয় যে-''মোৰ কোনো বন্ধু নাই। মই বন্ধুত্ব গঢ়িবলৈ ভয় কৰো কাৰণ মই এটাচমেণ্টক বৰ ভয় কৰো। মই জানো যে প্ৰতিটো এটাচমেণ্টে হয় মোৰ হৃদয় ভাঙিব নহয় মোক এৰি যাব। মই ভালপোৱা মানুহে মোক এৰি গ'লে মই বহুত কান্দো, মই মানুহ হেৰুৱাবলৈ বহুত ভয় কৰো। কম বয়সতে মাক-দেউতাকক হেৰুৱাৰ পাছত এই ভয়ে মোৰ মনত থিতাপি ল'লে। মই মানুহক হেৰুৱাবলৈ বেয়া পাওঁ...মই বন্ধুক হেৰুৱাবলৈ বেয়া পাওঁ। বন্ধুত্ব কেনেকৈ গঢ়িব লাগে সেয়া মই নাজানো। কেতিয়াবা বন্ধুত্ব গঢ়িলেও সেয়া মই ৰাখিব নাজানো আৰু ৰাখিব জানিলেও কেতিয়াবা তেওঁলোক লগত থাকিব নিবিচাৰে আৰু কেতিয়াবা তেওঁলোক লগত থাকিব বিচাৰিলেও জীৱনে সেই বন্ধুসকলক কাঢ়ি লৈ যায় আৰু এইবোৰ কাৰণতেই মই বন্ধুত্ব গঢ়ি তোলা বা কাৰোবাৰ সৈতে এটাচমেণ্ট গঢ়ি তোলাৰ ক্ষেত্ৰত ভয় খাওঁ...সেইবাবেই মোৰ কোনো বন্ধু নাই।'' 

উল্লেখ্য যে শ্বাহৰুখ খানৰ জীৱনত কোনো বন্ধু নাথাকিলেও কোটি কোটি অনুৰাগীৰ মৰম, আদৰ, সন্মান, শ্ৰদ্ধাৰে তেওঁৰ জীৱন ভৰুণ হৈ আছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ