--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন। ৫৮ বছৰত ভৰি দিলে শ্বাহৰুখ খানে। শ্বাহৰুখৰ ফেন ফ'ল'ৱাৰ আশ্বৰ্যজনক। কোটি কোটি লোক শ্বাহৰুখ খানৰ 'দীৱানা'। অভিনয়ৰ লগতে সংবাদ মাধ্যমৰ সাক্ষাৎকাৰ বা ৰিয়েলিটি শ্ব’ৰ সময়তো শ্বাহৰুখে নিজৰ হাস্যৰসময়ী শৈলীৰে অনুৰাগীৰ হৃদয় জয় কৰে। কোটি কোটি অনুৰাগীয়ে আৱৰি থকাৰ পাছতো এবাৰ এক সাক্ষাৎকাৰত শ্বাহৰুখে কৈছিল যে তেওঁ বন্ধুত্ব গঢ়িবলৈ ভয় কৰে।

শ্বাহৰুখে এই সন্দৰ্ভত কয় যে-''মোৰ কোনো বন্ধু নাই। মই বন্ধুত্ব গঢ়িবলৈ ভয় কৰো কাৰণ মই এটাচমেণ্টক বৰ ভয় কৰো। মই জানো যে প্ৰতিটো এটাচমেণ্টে হয় মোৰ হৃদয় ভাঙিব নহয় মোক এৰি যাব। মই ভালপোৱা মানুহে মোক এৰি গ'লে মই বহুত কান্দো, মই মানুহ হেৰুৱাবলৈ বহুত ভয় কৰো। কম বয়সতে মাক-দেউতাকক হেৰুৱাৰ পাছত এই ভয়ে মোৰ মনত থিতাপি ল'লে। মই মানুহক হেৰুৱাবলৈ বেয়া পাওঁ...মই বন্ধুক হেৰুৱাবলৈ বেয়া পাওঁ। বন্ধুত্ব কেনেকৈ গঢ়িব লাগে সেয়া মই নাজানো। কেতিয়াবা বন্ধুত্ব গঢ়িলেও সেয়া মই ৰাখিব নাজানো আৰু ৰাখিব জানিলেও কেতিয়াবা তেওঁলোক লগত থাকিব নিবিচাৰে আৰু কেতিয়াবা তেওঁলোক লগত থাকিব বিচাৰিলেও জীৱনে সেই বন্ধুসকলক কাঢ়ি লৈ যায় আৰু এইবোৰ কাৰণতেই মই বন্ধুত্ব গঢ়ি তোলা বা কাৰোবাৰ সৈতে এটাচমেণ্ট গঢ়ি তোলাৰ ক্ষেত্ৰত ভয় খাওঁ...সেইবাবেই মোৰ কোনো বন্ধু নাই।'' 

উল্লেখ্য যে শ্বাহৰুখ খানৰ জীৱনত কোনো বন্ধু নাথাকিলেও কোটি কোটি অনুৰাগীৰ মৰম, আদৰ, সন্মান, শ্ৰদ্ধাৰে তেওঁৰ জীৱন ভৰুণ হৈ আছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান