--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান, শ্বাহৰুখ আৰু হৃত্বিক ৰোশন। এই তিনিজন বলিউড ছুপাৰষ্টাৰৰ আছে এখন সুকীয়া পৃথিৱী। এই তিনিওজন তাৰকা যদি ৰূপালী পৰ্দাত একেলগে দেখিব পোৱা যাব বুলি কওঁ, নিশ্চয়কৈ কথাটো শুনিবলৈ আপোনাৰ কোনোবাখিনিত আচহুৱা লাগিব। কিয়নো তিনিওজন তাৰকাৰে আছে অসংখ্য অনুৰাগী, এখন নিজৰ পৃথিৱী। কিন্তু শেহতীয়াকৈ এক খবৰ আহিছে যে তিনিজন চুপাৰষ্টাৰক একেখন পৰ্দাত একেলগে দেখা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এইবাৰ শ্বাহৰুখ খানৰ ছবিত দেখা পোৱা যাব ছলমান খানক । শ্বাহৰুখক চলমান খানৰ ছবি টাইগাৰ ৩ত এটা কেমিঅ' চৰিত্ৰত দেখা পোৱা যাব। আনহাতে শ্বাহৰুখ খানৰ আগন্তুক ছবি 'পাঠান'ত এটি সৰু চৰিত্ৰ ৰূপায়ণ কৰিব ছলমানে। সিদ্ধাৰ্থ আনন্দে নিৰ্দেশনা কৰা শ্বাহৰুখৰ ছবিখনত ছলমানৰ অভিনয়ৰ বাবে পৰিচালকে  সেউজ সংকেত দিছে বুলি জানিব পৰা গৈছে। আন এক সূত্ৰই প্ৰকাশ কৰা মতে, ঋত্বিক ৰোছনেও ছলমানৰ সৈতে 'পাঠান'ত অতিথি শিল্পী হিচাপে দেখা দিব। ছবিখনত জন আব্ৰাহাম আৰু দীপিকা পাডুকনে ভূমুকি মৰাৰো সম্ভাৱনা আছে । নেটিজেনসকলে কয় যে এই তিনিটা চৰিত্ৰক অনস্ক্ৰীণত দেখা পোৱাটো দৰ্শকৰ বাবে এভেঞ্জাৰ আৰু গেমৰ দৰে হ'ব। য'ত সকলো নায়ক একেলগে থাকিব। পৰিচালক আদিত্য চোপ্ৰাই কয় যে দৰ্শকসকলে এই চিনেমাখনৰ বাবে অধিক আগ্ৰহৰে বাট চাই আছে। দেশৰ তিনিজন মেগাষ্টাৰ একেখন পৰ্দাতে দেখা পোৱাটো ভাৰতবাসীৰ বাবে পৰম সৌভাগ্য আৰু ই নিশ্চিতভাৱে এখন ব্লকবাষ্টাৰ ছবি হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু