--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান, শ্বাহৰুখ আৰু হৃত্বিক ৰোশন। এই তিনিজন বলিউড ছুপাৰষ্টাৰৰ আছে এখন সুকীয়া পৃথিৱী। এই তিনিওজন তাৰকা যদি ৰূপালী পৰ্দাত একেলগে দেখিব পোৱা যাব বুলি কওঁ, নিশ্চয়কৈ কথাটো শুনিবলৈ আপোনাৰ কোনোবাখিনিত আচহুৱা লাগিব। কিয়নো তিনিওজন তাৰকাৰে আছে অসংখ্য অনুৰাগী, এখন নিজৰ পৃথিৱী। কিন্তু শেহতীয়াকৈ এক খবৰ আহিছে যে তিনিজন চুপাৰষ্টাৰক একেখন পৰ্দাত একেলগে দেখা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এইবাৰ শ্বাহৰুখ খানৰ ছবিত দেখা পোৱা যাব ছলমান খানক । শ্বাহৰুখক চলমান খানৰ ছবি টাইগাৰ ৩ত এটা কেমিঅ' চৰিত্ৰত দেখা পোৱা যাব। আনহাতে শ্বাহৰুখ খানৰ আগন্তুক ছবি 'পাঠান'ত এটি সৰু চৰিত্ৰ ৰূপায়ণ কৰিব ছলমানে। সিদ্ধাৰ্থ আনন্দে নিৰ্দেশনা কৰা শ্বাহৰুখৰ ছবিখনত ছলমানৰ অভিনয়ৰ বাবে পৰিচালকে  সেউজ সংকেত দিছে বুলি জানিব পৰা গৈছে। আন এক সূত্ৰই প্ৰকাশ কৰা মতে, ঋত্বিক ৰোছনেও ছলমানৰ সৈতে 'পাঠান'ত অতিথি শিল্পী হিচাপে দেখা দিব। ছবিখনত জন আব্ৰাহাম আৰু দীপিকা পাডুকনে ভূমুকি মৰাৰো সম্ভাৱনা আছে । নেটিজেনসকলে কয় যে এই তিনিটা চৰিত্ৰক অনস্ক্ৰীণত দেখা পোৱাটো দৰ্শকৰ বাবে এভেঞ্জাৰ আৰু গেমৰ দৰে হ'ব। য'ত সকলো নায়ক একেলগে থাকিব। পৰিচালক আদিত্য চোপ্ৰাই কয় যে দৰ্শকসকলে এই চিনেমাখনৰ বাবে অধিক আগ্ৰহৰে বাট চাই আছে। দেশৰ তিনিজন মেগাষ্টাৰ একেখন পৰ্দাতে দেখা পোৱাটো ভাৰতবাসীৰ বাবে পৰম সৌভাগ্য আৰু ই নিশ্চিতভাৱে এখন ব্লকবাষ্টাৰ ছবি হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি