--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘দাবাং’ বুলি জনাজাত তেওঁ। অনুৰাগীৰ ভাইজান, ৰূপালী পৰ্দাৰ একশ্যন হীৰ’ ,বলীউডৰ 'টাইগাৰ'। ছলমানৰ নামৰ আগত আৰু কত যে অভিধা। এগৰাকী অভিনেতাৰ উপৰিও ছলমানৰ আছে এখন মলিন হৃদয়। আনৰ দুখৰ সমভাগী ছলমানৰ নানা সমাহিতকৰ কামে সময়ে সময়ে চৰ্চা লাভ কৰা দেখা গৈছে। পাছে এইবাৰ ব্যতিক্ৰমী ৰূপত ছলমান। বলীউডত দপদপাই থকা তাৰকা অভিনেতা আৱেগিক ছলমানৰ চকুত চকুপানী। কি হৈছে ভাইজানৰ? কিয় এনেকৈ এতিয়া কান্দোন ত ভাগি পৰিছে অভিনেতাজনে? তাকে লৈ ক্ষন্তেকৰ বাবে সামাজিক মাধ্যমত হৈ চৈ লাগে। অৱশ্যে, ছলমানৰ বেদনাৰ কাৰণ জানিবলৈ বৰ বেছি পৰ ‌অপেক্ষা কৰিব লগা নহ’ল অনুৰাগীয়ে। ঘটনাটো জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘বিগ বছ’ৰ। স্মৰ্তব্য যে, ‘বিগ বছ’ৰ অন্যতম জনপ্ৰিয় যুটি আছিল সিদ্ধাৰ্থ শুক্লা-শ্বেহনাজ গীল। সিদ্ধাৰ্থৰ অকাল বিয়োগে জোকাৰি গৈছিল শ্বেহনাজক।শোকত ভাগি পৰা শ্বেহনাজে দীৰ্ঘদিন ধৰি ৰিয়েলিটী শ্ব’ৰ কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰা নাছিল। সেইগৰাকী শ্বেহনাজে এইবাৰ পুনৰ উভতি আহিছে। শ্বেহনাজ গীলক 'বিগ বছ-১৫'ৰ মঞ্চলৈ উভতি অহা দেখি আৱেগ ধৰি ৰাখিব নোৱাৰিলে ভাইজানে। অভিনেত্ৰীগৰাকীয়ে ৰিয়েলিটি শ্ব'ৰ অন্তিম খণ্ডৰ অতিথি আছিল। শ্বেহনাজক দেখা পাই মঞ্চতে আৱেগিক হৈ পৰে ভাইজান। তেওঁ কয়, ‘আপোনাক দেখা পাই বহুতো কথা মোৰ মনত পৰি গ’ল।’ এইখিনি কথা কৈ ভাবুক হৈ পৰে ছলমান। তাৰ পাছত আৰু একোকে ক’ব নোৱাৰিলে বলীউড ভাইজানে। উল্লেখ্য যে, বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল সিদ্ধাৰ্থ শুক্লাই। 'বিগ বছ'ৰ জৰিয়তে দুয়োৰে মাজত গঢ় লৈ উঠিছিল সৌহাৰ্দপূৰ্ণ সম্পৰ্ক। জনপ্ৰিয় অনুষ্ঠানটোৰ ত্ৰয়োদশ ছিজনত দুয়োৰে মাজত বৃদ্ধি পোৱা ঘনিষ্ঠতাৰ সাক্ষী হৈ ৰৈছিল অগণন অনুৰাগী। পিছলৈ সেই ঘনিষ্ঠতাই প্ৰেমৰ ৰূপ পাইছিল। সিদ্ধাৰ্থৰ মৃত্যুৰ পাছত, 'বিগ বছ'ৰ মঞ্চত স্মৃতিকাতৰ হৈ পৰিছে তেওঁৰ প্ৰেয়সী। শ্বেহনাজক সান্ত্বনা দিবলৈ তেওঁক সাৱটি ধৰিছিল ছলমানে। বিগত বৰ্ষৰ অক্টোবৰ মাহত শেহনাজে সিদ্ধাৰ্থৰ স্মৃতিত এটা নতুন গীতো লিখিছিল। গীতটোৰ শিৰোনাম আছিল 'তু য়েহি হ্যে' । আকৌ এবাৰ এই অনুষ্ঠানটোত সিদ্ধাৰ্থক সুঁৱৰি এই গীতটো গাব শ্বেহনাজে। শ্বেহনাজক 'বিগ বছ'ৰ মঞ্চলৈ উভতি অহা দেখি আনন্দিত, উচ্ছসিত অনুৰাগী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ