--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘দাবাং’ বুলি জনাজাত তেওঁ। অনুৰাগীৰ ভাইজান, ৰূপালী পৰ্দাৰ একশ্যন হীৰ’ ,বলীউডৰ 'টাইগাৰ'। ছলমানৰ নামৰ আগত আৰু কত যে অভিধা। এগৰাকী অভিনেতাৰ উপৰিও ছলমানৰ আছে এখন মলিন হৃদয়। আনৰ দুখৰ সমভাগী ছলমানৰ নানা সমাহিতকৰ কামে সময়ে সময়ে চৰ্চা লাভ কৰা দেখা গৈছে। পাছে এইবাৰ ব্যতিক্ৰমী ৰূপত ছলমান। বলীউডত দপদপাই থকা তাৰকা অভিনেতা আৱেগিক ছলমানৰ চকুত চকুপানী। কি হৈছে ভাইজানৰ? কিয় এনেকৈ এতিয়া কান্দোন ত ভাগি পৰিছে অভিনেতাজনে? তাকে লৈ ক্ষন্তেকৰ বাবে সামাজিক মাধ্যমত হৈ চৈ লাগে। অৱশ্যে, ছলমানৰ বেদনাৰ কাৰণ জানিবলৈ বৰ বেছি পৰ ‌অপেক্ষা কৰিব লগা নহ’ল অনুৰাগীয়ে। ঘটনাটো জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘বিগ বছ’ৰ। স্মৰ্তব্য যে, ‘বিগ বছ’ৰ অন্যতম জনপ্ৰিয় যুটি আছিল সিদ্ধাৰ্থ শুক্লা-শ্বেহনাজ গীল। সিদ্ধাৰ্থৰ অকাল বিয়োগে জোকাৰি গৈছিল শ্বেহনাজক।শোকত ভাগি পৰা শ্বেহনাজে দীৰ্ঘদিন ধৰি ৰিয়েলিটী শ্ব’ৰ কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰা নাছিল। সেইগৰাকী শ্বেহনাজে এইবাৰ পুনৰ উভতি আহিছে। শ্বেহনাজ গীলক 'বিগ বছ-১৫'ৰ মঞ্চলৈ উভতি অহা দেখি আৱেগ ধৰি ৰাখিব নোৱাৰিলে ভাইজানে। অভিনেত্ৰীগৰাকীয়ে ৰিয়েলিটি শ্ব'ৰ অন্তিম খণ্ডৰ অতিথি আছিল। শ্বেহনাজক দেখা পাই মঞ্চতে আৱেগিক হৈ পৰে ভাইজান। তেওঁ কয়, ‘আপোনাক দেখা পাই বহুতো কথা মোৰ মনত পৰি গ’ল।’ এইখিনি কথা কৈ ভাবুক হৈ পৰে ছলমান। তাৰ পাছত আৰু একোকে ক’ব নোৱাৰিলে বলীউড ভাইজানে। উল্লেখ্য যে, বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল সিদ্ধাৰ্থ শুক্লাই। 'বিগ বছ'ৰ জৰিয়তে দুয়োৰে মাজত গঢ় লৈ উঠিছিল সৌহাৰ্দপূৰ্ণ সম্পৰ্ক। জনপ্ৰিয় অনুষ্ঠানটোৰ ত্ৰয়োদশ ছিজনত দুয়োৰে মাজত বৃদ্ধি পোৱা ঘনিষ্ঠতাৰ সাক্ষী হৈ ৰৈছিল অগণন অনুৰাগী। পিছলৈ সেই ঘনিষ্ঠতাই প্ৰেমৰ ৰূপ পাইছিল। সিদ্ধাৰ্থৰ মৃত্যুৰ পাছত, 'বিগ বছ'ৰ মঞ্চত স্মৃতিকাতৰ হৈ পৰিছে তেওঁৰ প্ৰেয়সী। শ্বেহনাজক সান্ত্বনা দিবলৈ তেওঁক সাৱটি ধৰিছিল ছলমানে। বিগত বৰ্ষৰ অক্টোবৰ মাহত শেহনাজে সিদ্ধাৰ্থৰ স্মৃতিত এটা নতুন গীতো লিখিছিল। গীতটোৰ শিৰোনাম আছিল 'তু য়েহি হ্যে' । আকৌ এবাৰ এই অনুষ্ঠানটোত সিদ্ধাৰ্থক সুঁৱৰি এই গীতটো গাব শ্বেহনাজে। শ্বেহনাজক 'বিগ বছ'ৰ মঞ্চলৈ উভতি অহা দেখি আনন্দিত, উচ্ছসিত অনুৰাগী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু