--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বলীউডৰ কিং খানৰ ঘৰত বিনা নিমন্ত্ৰণত উপস্থিত হয় কৌতুক অভিনেতা কপিল শৰ্মা৷ তাৰ পাছত যি ঘটিল আপুনি শুনিলে আপোনাৰ চকু কপালত উঠিব৷ হাস্যৰসিক কথা আৰু কাৰ্যকলাপৰ বাবে অনুৰাগীৰ হৃদয় জয় কৰে কৌতুক অভিনেতা কপিল শৰ্মাই৷ শেহতীয়াকৈ কপিলে ৰোমন্থন কৰা এটা স্মৃতিয়ে অনুৰাগীৰ মন চুই যাবলৈ সক্ষম হয়৷ কপিল শৰ্মাই অনুমতি অবিহনে শ্বাহৰুখ খানৰ ঘৰত প্ৰৱেশ কৰিছিল। তেওঁ নিমন্ত্ৰণ অবিহনে এটি বিশেষ দিনৰ অতিথি হৈ পৰিছিল কিং খানৰ। কৌতুক অভিনেতাজনে অলপতে তেওঁৰ অনুষ্ঠানত এই বিষয়ে ৰোমন্থন কৰি দৰ্শকক হাঁহিৰ খোৰাক দিয়ে। কপিলে কিং খানৰ বিলাসী বাসগৃহ 'মন্নত' চাব বিচাৰিছিল। যাৰ উদ্দেশ্যে কপিলে তেওঁৰ ভগ্নী প্ৰাৰ্থনাৰ সৈতে সাক্ষাৎ কৰিবলৈ শ্বাহৰুখৰ বাসগৃহলৈ ৰাওনা হৈছিল। কিন্তু তাৰ পাছত কি ঘটিছিল? কপিলে কৈছিল, 'মই মোৰ ভগ্নীৰ সৈতে শ্বাহৰুখ ছাৰৰ ঘৰলৈ গৈছিলো। তালৈ গৈ মই দেখিছিলো যে বলীউডৰ তাৰকাসকলৰ সৈতে এটা পাৰ্টী চলি আছে আৰু ঘৰৰ দুৱাৰখন খোলা আছিল। মই মোৰ ড্ৰাইভাৰক গাড়ীখন লৈ ঘৰত প্ৰৱেশ কৰিবলৈ কৈছিলো।' ঘৰত প্ৰৱেশ কৰাৰ পাছতেই কিং খানে আথৌ-বিথৌকৈ মাতি মাতি নিছিল কপিলক৷ তাৰ পাছতেই কপিল আৰু তেওঁৰ ভনীয়েকক পোনপটীয়াকৈ পাৰ্টীলৈ লৈ গৈছিল। ৰাতি তিনি বজাত, কপিলে কিং খানৰ ঘৰত সাধাৰণ পোছাকেৰে পিন্ধি গৌৰী খানৰ সন্মুখত থিয় হৈছিল। কপিলক দেখি শ্বাহৰুখৰ সহধৰ্মিনী গৌৰী খান আনন্দিত হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু