--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এটাৰ পিছত আন এটা উত্তৰ প্ৰদেশৰ  গণধৰ্ষণৰ ঘটনাই  শিৰোনামা দখল কৰিছে সংবাদ মাধ্যমৰ৷ যোগী আদিত্যনাথৰ যোগস্থলীত কোনো এগৰাকী নাৰীও এতিয়া সুৰক্ষিত নহয়৷ এইবাৰ পোহৰলৈ আহিছে আন এক ঘৃণনীয় ধৰ্ষণকাণ্ড৷ 

উত্তৰ প্ৰদেশৰ বাৰাবাঁকীৰ এখন গাঁৱত এগৰাকী মহিলাক বলপূৰ্বকভাৱে সুৰা পান কৰিবলৈ বাধ্য কৰাৰ পিছত চাৰিজন পুৰুষে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এইকথা  আৰক্ষীয়ে দেওবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ধৰ্ষণকাণ্ডটোৰ মূল অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

অভিযোগ অনুসৰি, মহিলাগৰাকীক এই সপ্তাহৰ আৰম্ভণিতে এজন পুৰুষে পুখুৰীলৈ লৈ গৈছিল য'ত আন তিনিজন পুৰুষো উপস্থিত আছিল। চাৰিজনে মহিলাগৰাকীক সুৰা পান কৰিবলৈ বাধ্য কৰিছিল আৰু তাৰ পিছতে চাৰিজন লম্পটে  ধৰ্ষণ কৰিছিল মহিলাগৰাকীক৷ 

অতিৰিক্ত আৰক্ষী অধীক্ষক  পূৰ্ণেন্দু সিঙে জানিবলৈ দিয়ে যে,  মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে শনিবাৰে আৰক্ষীৰ কাষ চাপিছিল আৰু ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল। এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু মূল অভিযুক্ত দেৱী দীনক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত পৰৱৰ্তী তদন্ত চলাই আছে আৰক্ষীয়ে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু