--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এটাৰ পিছত আন এটা উত্তৰ প্ৰদেশৰ  গণধৰ্ষণৰ ঘটনাই  শিৰোনামা দখল কৰিছে সংবাদ মাধ্যমৰ৷ যোগী আদিত্যনাথৰ যোগস্থলীত কোনো এগৰাকী নাৰীও এতিয়া সুৰক্ষিত নহয়৷ এইবাৰ পোহৰলৈ আহিছে আন এক ঘৃণনীয় ধৰ্ষণকাণ্ড৷ 

উত্তৰ প্ৰদেশৰ বাৰাবাঁকীৰ এখন গাঁৱত এগৰাকী মহিলাক বলপূৰ্বকভাৱে সুৰা পান কৰিবলৈ বাধ্য কৰাৰ পিছত চাৰিজন পুৰুষে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এইকথা  আৰক্ষীয়ে দেওবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ধৰ্ষণকাণ্ডটোৰ মূল অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

অভিযোগ অনুসৰি, মহিলাগৰাকীক এই সপ্তাহৰ আৰম্ভণিতে এজন পুৰুষে পুখুৰীলৈ লৈ গৈছিল য'ত আন তিনিজন পুৰুষো উপস্থিত আছিল। চাৰিজনে মহিলাগৰাকীক সুৰা পান কৰিবলৈ বাধ্য কৰিছিল আৰু তাৰ পিছতে চাৰিজন লম্পটে  ধৰ্ষণ কৰিছিল মহিলাগৰাকীক৷ 

অতিৰিক্ত আৰক্ষী অধীক্ষক  পূৰ্ণেন্দু সিঙে জানিবলৈ দিয়ে যে,  মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে শনিবাৰে আৰক্ষীৰ কাষ চাপিছিল আৰু ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল। এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু মূল অভিযুক্ত দেৱী দীনক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত পৰৱৰ্তী তদন্ত চলাই আছে আৰক্ষীয়ে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ