--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অংকিতা ভাণ্ডাৰীৰ হত্যাকাণ্ডই কঁপাইছে উত্তৰাখণ্ড। বেশ্যাবৃত্তিত নিয়োজিত নোহোৱা বাবেই হত্যাৰ বলি হ’ল অংকিতা ভাণ্ডাৰী। অংকিতাই উত্তৰাখণ্ডৰ ঋষিকেশ জিলাৰ বনন্তৰা ৰিজ’ৰ্টত ৰিচেপশ্যনিষ্ট হিচাপে কাম কৰি আছিল। নিৰুদ্দেশ হোৱা অংকিতা ভাণ্ডাৰীৰ হত্যাকাণ্ডৰ সৈতে জড়িত বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী বিনোদ আৰ্য্যৰ পুত্ৰ পুলকিত আৰ্য্যসহ তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত অভিযুক্তই তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰিছে।

অভিযুক্তসকলে জনোৱা মতে, অংকিতাই ৰিজ’ৰ্টলৈ অহা গ্ৰাহকৰ ওচৰলৈ যাবলৈ অস্বীকাৰ কৰিছিল। ৰিচেপশ্যনিষ্ট অংকিতাক তেওঁলোকে দেহ ব্যৱসায়ত নমাবলৈ চেষ্টা কৰিছিল যদিও অংকিতাই সেই প্ৰস্তাৱ নাকচ কৰিছিল। সেয়ে তেওঁলোকে অংকিতাক হত্যা কৰি চিলা শক্তি খালত পেলাই দিছিল।

‘মই দুখীয়া হ’ব পাৰোঁ, কিন্তু ১০ হাজাৰ টকাত নিজকে বিক্ৰী কৰিব নোৱাৰো।’ অংকিতা ভাণ্ডাৰীয়ে ৰিজ’ৰ্টৰ অতিথিৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবৰ বাবে প্ৰস্তাৱ পাইছিল। সেই প্ৰস্তাৱৰ বিষয়ে এগৰাকী ঘনিষ্ঠ বন্ধুলৈ হোৱাটছএপ মেছেজত এনেদৰে লিখি জনাইছিল অংকিতাই। এই কথা তেওঁৰ এজন বন্ধুৱে দাবী কৰিছে।

১৯ বছৰীয়া অংকিতাৰ হত্যাকাণ্ডক লৈ উত্তৰাখণ্ডত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। সমগ্ৰ দেশতে এই খবৰটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। অংকিতাৰ হত্যাকাণ্ডৰ অভিযোগৰ তদন্ত কৰি থকাৰ সময়তে আৰক্ষীয়ে লাভ কৰে চাঞ্চল্যকৰ তথ্য। পৌৰী জিলাৰ ৰিজ’ৰ্টখনত অতিথিসকলৰ সৈতে যৌন কাৰ্যত লিপ্ত হ’বলৈ জোৰ দিয়া হৈছিল অংকিতাক। অংকিতাৰ এগৰাকী ফেচবুক বন্ধুৱেও অভিযোগ কৰিছে যে সেই প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই তেওঁক হত্যা কৰা হৈছিল। 

১৮ ছেপ্টেম্বৰত দুপৰীয়া ৰিজৰ্টত শেষবাৰৰ বাবে দেখা গৈছিল অংকিতাক। তেতিয়াৰ পৰা তেওঁ ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰিল। আৰক্ষীৰ সূত্ৰ অনুসৰি সেইদিনা নিশা প্ৰায় ৮ বজাত অংকিতা বিজেপি নেতাৰ পুত্ৰ তথা ৰিজৰ্টৰ মালিক পুলকিত আৰ্য, ৰিজ’ৰ্ট মেনেজাৰ সৌৰভ ভাস্কৰ আৰু সহকাৰী প্ৰবন্ধক অংকিতৰ সৈতে হৃষিকেশলৈ গৈছিল। অংকিতাই তিনিওজন যুৱকৰ লগত কাজিয়া কৰিছিল। ৰিজ’ৰ্টত সংঘটিত হোৱা অপৰাধ ফাদিল কৰাৰ ভাবুকি দিয়ে অংকিতাই। ইয়াৰ পিছতে তেওঁক হত্যা কৰি চিলা শক্তি খালত পেলাই দিয়ে যুৱককেইজনে।

২১ ছেপ্টেম্বৰত অংকিতা সন্ধানহীন হোৱাৰ খবৰ থানাত দাখিল কৰা হৈছিল। FIR দাখিল কৰা হ’ল। ইয়াৰ কিছু সময়ৰ পাছতে হৰিদ্বাৰ বিজেপি নেতা বিনোদ আৰ্য্যৰ পুত্ৰ পুলকিত, তেওঁৰ বন্ধু সৌৰভ আৰু অংকিতক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোক আৰক্ষীৰ জিম্মাত আছে। শনিবাৰে খালটোৰ পৰা উদ্ধাৰ কৰে অংকিতাৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে পানীত ডুব গৈ শ্বাসৰুদ্ধ হৈ মৃত্যু হয় অংকিতাৰ। মৃতদেহত আঘাত পোৱাৰ চিন দেখা গৈছিল। 

শনিবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে অংকিতাৰ পিতৃৰ সৈতে টেলিফোনযোগে কথা পাতে। অংকিতাৰ পিতৃক সকলো সমৰ্থনৰ আশ্বাস দি মুখ্যমন্ত্ৰীয়ে কয় যে ছোৱালীজনীৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ