--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অংকিতা ভাণ্ডাৰীৰ হত্যাকাণ্ডই কঁপাইছে উত্তৰাখণ্ড। বেশ্যাবৃত্তিত নিয়োজিত নোহোৱা বাবেই হত্যাৰ বলি হ’ল অংকিতা ভাণ্ডাৰী। অংকিতাই উত্তৰাখণ্ডৰ ঋষিকেশ জিলাৰ বনন্তৰা ৰিজ’ৰ্টত ৰিচেপশ্যনিষ্ট হিচাপে কাম কৰি আছিল। নিৰুদ্দেশ হোৱা অংকিতা ভাণ্ডাৰীৰ হত্যাকাণ্ডৰ সৈতে জড়িত বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী বিনোদ আৰ্য্যৰ পুত্ৰ পুলকিত আৰ্য্যসহ তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত অভিযুক্তই তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰিছে।

অভিযুক্তসকলে জনোৱা মতে, অংকিতাই ৰিজ’ৰ্টলৈ অহা গ্ৰাহকৰ ওচৰলৈ যাবলৈ অস্বীকাৰ কৰিছিল। ৰিচেপশ্যনিষ্ট অংকিতাক তেওঁলোকে দেহ ব্যৱসায়ত নমাবলৈ চেষ্টা কৰিছিল যদিও অংকিতাই সেই প্ৰস্তাৱ নাকচ কৰিছিল। সেয়ে তেওঁলোকে অংকিতাক হত্যা কৰি চিলা শক্তি খালত পেলাই দিছিল।

‘মই দুখীয়া হ’ব পাৰোঁ, কিন্তু ১০ হাজাৰ টকাত নিজকে বিক্ৰী কৰিব নোৱাৰো।’ অংকিতা ভাণ্ডাৰীয়ে ৰিজ’ৰ্টৰ অতিথিৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবৰ বাবে প্ৰস্তাৱ পাইছিল। সেই প্ৰস্তাৱৰ বিষয়ে এগৰাকী ঘনিষ্ঠ বন্ধুলৈ হোৱাটছএপ মেছেজত এনেদৰে লিখি জনাইছিল অংকিতাই। এই কথা তেওঁৰ এজন বন্ধুৱে দাবী কৰিছে।

১৯ বছৰীয়া অংকিতাৰ হত্যাকাণ্ডক লৈ উত্তৰাখণ্ডত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। সমগ্ৰ দেশতে এই খবৰটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। অংকিতাৰ হত্যাকাণ্ডৰ অভিযোগৰ তদন্ত কৰি থকাৰ সময়তে আৰক্ষীয়ে লাভ কৰে চাঞ্চল্যকৰ তথ্য। পৌৰী জিলাৰ ৰিজ’ৰ্টখনত অতিথিসকলৰ সৈতে যৌন কাৰ্যত লিপ্ত হ’বলৈ জোৰ দিয়া হৈছিল অংকিতাক। অংকিতাৰ এগৰাকী ফেচবুক বন্ধুৱেও অভিযোগ কৰিছে যে সেই প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই তেওঁক হত্যা কৰা হৈছিল। 

১৮ ছেপ্টেম্বৰত দুপৰীয়া ৰিজৰ্টত শেষবাৰৰ বাবে দেখা গৈছিল অংকিতাক। তেতিয়াৰ পৰা তেওঁ ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰিল। আৰক্ষীৰ সূত্ৰ অনুসৰি সেইদিনা নিশা প্ৰায় ৮ বজাত অংকিতা বিজেপি নেতাৰ পুত্ৰ তথা ৰিজৰ্টৰ মালিক পুলকিত আৰ্য, ৰিজ’ৰ্ট মেনেজাৰ সৌৰভ ভাস্কৰ আৰু সহকাৰী প্ৰবন্ধক অংকিতৰ সৈতে হৃষিকেশলৈ গৈছিল। অংকিতাই তিনিওজন যুৱকৰ লগত কাজিয়া কৰিছিল। ৰিজ’ৰ্টত সংঘটিত হোৱা অপৰাধ ফাদিল কৰাৰ ভাবুকি দিয়ে অংকিতাই। ইয়াৰ পিছতে তেওঁক হত্যা কৰি চিলা শক্তি খালত পেলাই দিয়ে যুৱককেইজনে।

২১ ছেপ্টেম্বৰত অংকিতা সন্ধানহীন হোৱাৰ খবৰ থানাত দাখিল কৰা হৈছিল। FIR দাখিল কৰা হ’ল। ইয়াৰ কিছু সময়ৰ পাছতে হৰিদ্বাৰ বিজেপি নেতা বিনোদ আৰ্য্যৰ পুত্ৰ পুলকিত, তেওঁৰ বন্ধু সৌৰভ আৰু অংকিতক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোক আৰক্ষীৰ জিম্মাত আছে। শনিবাৰে খালটোৰ পৰা উদ্ধাৰ কৰে অংকিতাৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে পানীত ডুব গৈ শ্বাসৰুদ্ধ হৈ মৃত্যু হয় অংকিতাৰ। মৃতদেহত আঘাত পোৱাৰ চিন দেখা গৈছিল। 

শনিবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে অংকিতাৰ পিতৃৰ সৈতে টেলিফোনযোগে কথা পাতে। অংকিতাৰ পিতৃক সকলো সমৰ্থনৰ আশ্বাস দি মুখ্যমন্ত্ৰীয়ে কয় যে ছোৱালীজনীৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ