--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কেটৰিনাৰে জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰা বিকী কৌশলৰ বিৰুদ্ধে নৱবৰ্ষৰ আৰম্ভণিতেই ৰুজু হয় এক গোচৰ। বিবাহৰ এমাহ পূৰ নৌহওঁতেই অভিনেতাজনৰ বিৰুদ্ধে ইন্দোৰৰ এগৰাকী ব্যক্তিয়ে উত্থাপন কৰে অভিযোগ। বলীউড অভিনেতাজনে তেওঁৰ আগন্তুক ছবি ‘লুকা ছিপ্পি-২’ত ব্যৱহাৰ কৰা এখন মটৰ চাইকেলক লৈ ৰুজু হয় গোচৰ।

মধ্য-প্ৰদেশৰ ইন্দোৰত বিকী কৌশল আৰু ছাৰা আলী খান অভিনীত ‘লুকা ছিপ্পী-২’ৰ শ্বুটিং চলি আছে। চিনেমাখনৰ এটা বিশেষ দৃশ্যত বিকীয়ে এখন মটৰ চাইকেলত ছাৰাক লগত লৈ ঘূৰি থকা দৃশ্য ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। তাতেই কেনা লাগে অভিনেতাজনৰ। বিকীয়ে চলোৱা মটৰ চাইকেলখনৰ নম্বৰপ্লেটক লৈ অভিযোগ আনে ইন্দোৰ নিবাসী জয় সিং যাদৱ নামৰ লোকজনে। বিকীয়ে ব্যৱহাৰ কৰা মটৰ চাইকেলখনৰ নম্বৰ জয় সিঙৰ বাহনৰ বুলি দাবী কৰে। গোচৰ ৰুজু হোৱাৰ পাছতে ইন্দোৰ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে এক আমোদজনক তথ্য। দৰাচলতে জয় সিঙৰ বাহনৰ নম্বৰ MP 09 UL 4872 আৰু বিকীয়ে চিনেমাত ব্যৱহাৰ কৰা বাহনখনৰ নম্বৰ MP 09 UL 1872। বিকী কৌশলে চলোৱা মটৰ চাইকেলখনৰ নম্বৰপ্লেটত থকা এটা বল্টুৰ বাবে ‘1’টো ‘4’ৰ দৰে দেখা গৈছে।

বাণগংগা আৰক্ষী চকীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমক সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে। তদন্তৰ পাছত আৰক্ষীয়ে বিকী কৌশলৰ ওচৰত উক্ত নম্বৰ প্লেট ব্যৱহাৰৰ অনুমতি থকা বুলি জনায় আৰু অভিনেতাজনক নিৰ্দোষী ঘোষণা কৰে। এই বল্টু বিভ্ৰাটৰ ঘটনাই বিকীৰ অনুৰাগীসকলক বেছ আমোদ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ