--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কেটৰিনাৰে জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰা বিকী কৌশলৰ বিৰুদ্ধে নৱবৰ্ষৰ আৰম্ভণিতেই ৰুজু হয় এক গোচৰ। বিবাহৰ এমাহ পূৰ নৌহওঁতেই অভিনেতাজনৰ বিৰুদ্ধে ইন্দোৰৰ এগৰাকী ব্যক্তিয়ে উত্থাপন কৰে অভিযোগ। বলীউড অভিনেতাজনে তেওঁৰ আগন্তুক ছবি ‘লুকা ছিপ্পি-২’ত ব্যৱহাৰ কৰা এখন মটৰ চাইকেলক লৈ ৰুজু হয় গোচৰ।

মধ্য-প্ৰদেশৰ ইন্দোৰত বিকী কৌশল আৰু ছাৰা আলী খান অভিনীত ‘লুকা ছিপ্পী-২’ৰ শ্বুটিং চলি আছে। চিনেমাখনৰ এটা বিশেষ দৃশ্যত বিকীয়ে এখন মটৰ চাইকেলত ছাৰাক লগত লৈ ঘূৰি থকা দৃশ্য ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। তাতেই কেনা লাগে অভিনেতাজনৰ। বিকীয়ে চলোৱা মটৰ চাইকেলখনৰ নম্বৰপ্লেটক লৈ অভিযোগ আনে ইন্দোৰ নিবাসী জয় সিং যাদৱ নামৰ লোকজনে। বিকীয়ে ব্যৱহাৰ কৰা মটৰ চাইকেলখনৰ নম্বৰ জয় সিঙৰ বাহনৰ বুলি দাবী কৰে। গোচৰ ৰুজু হোৱাৰ পাছতে ইন্দোৰ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে এক আমোদজনক তথ্য। দৰাচলতে জয় সিঙৰ বাহনৰ নম্বৰ MP 09 UL 4872 আৰু বিকীয়ে চিনেমাত ব্যৱহাৰ কৰা বাহনখনৰ নম্বৰ MP 09 UL 1872। বিকী কৌশলে চলোৱা মটৰ চাইকেলখনৰ নম্বৰপ্লেটত থকা এটা বল্টুৰ বাবে ‘1’টো ‘4’ৰ দৰে দেখা গৈছে।

বাণগংগা আৰক্ষী চকীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমক সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে। তদন্তৰ পাছত আৰক্ষীয়ে বিকী কৌশলৰ ওচৰত উক্ত নম্বৰ প্লেট ব্যৱহাৰৰ অনুমতি থকা বুলি জনায় আৰু অভিনেতাজনক নিৰ্দোষী ঘোষণা কৰে। এই বল্টু বিভ্ৰাটৰ ঘটনাই বিকীৰ অনুৰাগীসকলক বেছ আমোদ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু