--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডত ভাইজান ৰ কথা ওলাইছে ঘুনক-ঘানাককৈ। ২০২১ক বিদায় জনাই ২০২২ বৰ্ষটো বিভিন্ন অনুষ্ঠানৰ মাজেৰে উদযাপন কৰিছে সমগ্ৰ বিশ্বই। বলীউড প্ৰাংগনতো অন্তহীন উছাহৰ ঢল বোৱা দেখিবলৈ পোৱা গৈছে। বলীউড এৰিণাৰ বাসিন্দাসকলেও ব্যতিক্ৰমী ৰূপত স্বাগতম জনাইছে নতুন বছৰটোক। পিছপৰি ৰোৱা নাই ভাইজানেও। বলীউড ছুপাৰষ্টাৰজনেও নতুন বছৰ উপলক্ষে আয়োজন কৰিছিল মেগা পাৰ্টীৰ। মেগা পাৰ্টীত ভাইজান ৰ সৈতে দেখিবলৈ পোৱা গ’ল প্ৰাক্তন আৰু বৰ্তমানৰ প্ৰেমিকাক। নৃত্য-গীতেৰে আৰু এটা নতুন বৰ্ষক আদৰণি জনালে ভাইজানে।


পাৰ্টীৰ আনন্দত সুৰুঙা ৰখা নাই ভাইজানে। দেশ-বিদেশৰ বহু তাৰকাৰ উপস্থিতিত জীপাল হৈ পৰিছিল ছলমানৰ চৌহদ। নতুন বছৰটোত ঘনিষ্ঠ মানুহখিনিৰ সৈতে মধুৰ সময় অতিবাহিত কৰিলে ভাইজানে। নৱী মুম্বাইৰ পনভেলৰ ফাৰ্মহাউছত বন্ধুবৰ্গৰ সৈতে মেগা পাৰ্টী কৰিছিল ছলমানে। বীনা কাক আৰু তেওঁৰ জীয়ৰী অমৃতা কাককো পাৰ্টীলৈ আমন্ত্ৰণ জনাইছিল ছলমানে। উল্লেখ্য যে, পাৰ্টীত ছলমানৰ পূৰ্বৰ আৰু বৰ্তমানৰ প্ৰেমিকাও উপস্থিত আছিল। স্মৰ্তব্য যে, এসময়ত সংগীতা বিজলানীৰ সৈতে ছলমানৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি যথেষ্ট আলোচনা হৈছিল।

অৱশ্যে, অতীতৰ সকলো কথা পাহৰি চলচ্চিত্ৰৰ প্ৰিমিয়াৰৰ পৰা আদি কৰি জন্মদিনৰ পাৰ্টীলৈকে ছলমানৰ সৈতে থকা দেখিবলৈ পোৱা গৈছিল সংগীতাক। কেবল সংগীতাই নহয় ইউলিয়া ভাণ্টুৰো উপস্থিত আছিল পাৰ্টীত। ইউলিয়া-ছলমানৰ প্ৰেমৰ সম্পৰ্কৰ কথা দুয়োজনে পোনপটীয়াকৈ স্বীকাৰ নকৰিলেও দুয়োজনৰ মাজত যে এটা আত্মীক সম্পৰ্ক গঢ় লৈ উঠিছে সেই বিষয়ে ইতিমধ্যে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। নৱবৰ্ষৰ পাৰ্টীত প্ৰাক্তন আৰু বৰ্তমানৰ প্ৰেমিকাৰ সৈতে ক'লা টি-ছাৰ্ট আৰু বগা জেকেট পিন্ধি নৃত্য কৰা দেখা গৈছিল ভাইজানক। সম্প্ৰতি নৃত্যৰ ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু