--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডত ভাইজান ৰ কথা ওলাইছে ঘুনক-ঘানাককৈ। ২০২১ক বিদায় জনাই ২০২২ বৰ্ষটো বিভিন্ন অনুষ্ঠানৰ মাজেৰে উদযাপন কৰিছে সমগ্ৰ বিশ্বই। বলীউড প্ৰাংগনতো অন্তহীন উছাহৰ ঢল বোৱা দেখিবলৈ পোৱা গৈছে। বলীউড এৰিণাৰ বাসিন্দাসকলেও ব্যতিক্ৰমী ৰূপত স্বাগতম জনাইছে নতুন বছৰটোক। পিছপৰি ৰোৱা নাই ভাইজানেও। বলীউড ছুপাৰষ্টাৰজনেও নতুন বছৰ উপলক্ষে আয়োজন কৰিছিল মেগা পাৰ্টীৰ। মেগা পাৰ্টীত ভাইজান ৰ সৈতে দেখিবলৈ পোৱা গ’ল প্ৰাক্তন আৰু বৰ্তমানৰ প্ৰেমিকাক। নৃত্য-গীতেৰে আৰু এটা নতুন বৰ্ষক আদৰণি জনালে ভাইজানে।


পাৰ্টীৰ আনন্দত সুৰুঙা ৰখা নাই ভাইজানে। দেশ-বিদেশৰ বহু তাৰকাৰ উপস্থিতিত জীপাল হৈ পৰিছিল ছলমানৰ চৌহদ। নতুন বছৰটোত ঘনিষ্ঠ মানুহখিনিৰ সৈতে মধুৰ সময় অতিবাহিত কৰিলে ভাইজানে। নৱী মুম্বাইৰ পনভেলৰ ফাৰ্মহাউছত বন্ধুবৰ্গৰ সৈতে মেগা পাৰ্টী কৰিছিল ছলমানে। বীনা কাক আৰু তেওঁৰ জীয়ৰী অমৃতা কাককো পাৰ্টীলৈ আমন্ত্ৰণ জনাইছিল ছলমানে। উল্লেখ্য যে, পাৰ্টীত ছলমানৰ পূৰ্বৰ আৰু বৰ্তমানৰ প্ৰেমিকাও উপস্থিত আছিল। স্মৰ্তব্য যে, এসময়ত সংগীতা বিজলানীৰ সৈতে ছলমানৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি যথেষ্ট আলোচনা হৈছিল।

অৱশ্যে, অতীতৰ সকলো কথা পাহৰি চলচ্চিত্ৰৰ প্ৰিমিয়াৰৰ পৰা আদি কৰি জন্মদিনৰ পাৰ্টীলৈকে ছলমানৰ সৈতে থকা দেখিবলৈ পোৱা গৈছিল সংগীতাক। কেবল সংগীতাই নহয় ইউলিয়া ভাণ্টুৰো উপস্থিত আছিল পাৰ্টীত। ইউলিয়া-ছলমানৰ প্ৰেমৰ সম্পৰ্কৰ কথা দুয়োজনে পোনপটীয়াকৈ স্বীকাৰ নকৰিলেও দুয়োজনৰ মাজত যে এটা আত্মীক সম্পৰ্ক গঢ় লৈ উঠিছে সেই বিষয়ে ইতিমধ্যে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। নৱবৰ্ষৰ পাৰ্টীত প্ৰাক্তন আৰু বৰ্তমানৰ প্ৰেমিকাৰ সৈতে ক'লা টি-ছাৰ্ট আৰু বগা জেকেট পিন্ধি নৃত্য কৰা দেখা গৈছিল ভাইজানক। সম্প্ৰতি নৃত্যৰ ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ