--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দিন ভালে যোৱা নাই শ্বাহৰূখ খানৰ। ‘পাঠান’ৰ কপাল বেয়া! আৰিয়ান কাণ্ডৰ বাবে দীৰ্ঘদিনৰ বাবে পিছুৱাই দিয়া হৈছিল ‘পাঠান’ৰ শ্বুটিং। দীৰ্ঘ বিৰতিৰ অন্তত বলীউড ছুপাৰষ্টাৰজনে নিজ কামত মনোনিৱেশ কৰিলেও এইবাৰ ক’ভিড মাহামাৰীয়ে ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। অস্বাভাৱিকভাবে অ'মিক্ৰন সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে স্পেইনত। স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন। ছবিৰ দৃশ্যগ্ৰহণৰ কামো আধাতে সামৰিবলগীয়া হৈছে কিং খানে। ছবিখনৰ কাম পুনৰ স্থগিত ৰাখিবলগীয়া হোৱাত বিপাঙত পৰিছে শ্বাহৰূখ খানে। উল্লেখ্য যে, কিং খান অভিনীত ছবিখনৰ দৃশ্যগ্ৰহণ বিগত বৰ্ষৰ অক্টোবৰ মাহতে স্পেইনত আৰম্ভ হোৱাৰ কথা আছিল। পাছে সেই সময়তে শ্বাহৰূখ পুত্ৰ আৰিয়ান খানক ড্ৰাগছৰ গোচৰত গ্ৰপ্তাৰ কৰা হৈছিল। প্ৰিয় পুত্ৰৰ কু-কৰ্মৰ গ্লানিৰ ছিটিকনি পৰিছিল শ্বাহৰূখৰ গাটো।

পুত্ৰৰ বাবে শৰবিদ্ধ শ্বাহৰূখে সেই সময়ত সকলো ছবিৰ কাম পিছুৱাই দিছিল। আৰিয়ানে জামিন লাভ কৰাৰ পাছতহে শ্বাহৰূখ-গৌৰীয়ে পুনৰ মুকলি মন এটা লৈ নিজ নিজ কামত হাত দিয়া দেখিবলৈ পোৱা গৈছে। ইফালে বলীউড লাইফৰ খবৰ অনুসৰি, শ্বাহৰূখ-দীপিকাৰ লগতে ছবিখনৰ গোটেই টীমটোৱে জানুৱাৰীত ২টা গীত আৰু 'পাঠান'ৰ কেইবাটাও একশ্যন দৃশ্যৰ দৃশ্যগ্ৰহণৰ বাবে স্পেইনলৈ উৰা মৰাৰ কথা আছিল। পিছে এইবাৰ শ্বাহৰূখৰ বাট ভেটি ধৰিছে অ’মিক্ৰনে।


জানিবলৈ পোৱা মতে, স্পেইনত দৈনিক ১,৫০,০০০ গৰাকী ব্যক্তি অ’মিক্ৰনত আক্ৰান্ত হৈছে। ইয়াৰে প্ৰায় ৮০ শতাংশ নাগৰিকে ভেকচিনৰ দুটাকৈ পালি গ্ৰহণ কৰিছে। সৰহসংখ্যক নাগৰিকে বুষ্টাৰ পালিও গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। তথাপি স্পেইনৰ শেহতীয়া পৰিস্থিতিয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই 'পাঠান’ ছবিৰ দৃশ্যগ্ৰহণ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই। শ্বাহৰূখ-দীপিকাৰে আলোচনাৰ অন্তত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ছবিখনৰ দৃশ্যগ্ৰহণৰ পৰিকল্পনা কৰা হৈছে বুলি জনাইছে সংশ্লিষ্ট মহলে। স্মৰ্তব্য যে, বলীউড বাদশ্বাহে যশৰাজ ফিল্মছৰ 'পাঠান'ৰ জৰিয়তে প্ৰায় দুবছৰৰ পাছত ৰূপালী পৰ্দালৈ উভতি অহাৰ কথা। অভিনেত্ৰীৰ ৰূপত থাকিব দীপিকা পাডুকন। সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত আন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে জন আব্ৰাহাম। ‘পাঠান’ ছবিত ম’ষ্ট ৱাণ্টেড ছলমান খানক অতিথি শিল্পী হিচাপে দেখিবলৈ পাব অনুৰাগীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু