--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দিন ভালে যোৱা নাই শ্বাহৰূখ খানৰ। ‘পাঠান’ৰ কপাল বেয়া! আৰিয়ান কাণ্ডৰ বাবে দীৰ্ঘদিনৰ বাবে পিছুৱাই দিয়া হৈছিল ‘পাঠান’ৰ শ্বুটিং। দীৰ্ঘ বিৰতিৰ অন্তত বলীউড ছুপাৰষ্টাৰজনে নিজ কামত মনোনিৱেশ কৰিলেও এইবাৰ ক’ভিড মাহামাৰীয়ে ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। অস্বাভাৱিকভাবে অ'মিক্ৰন সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে স্পেইনত। স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন। ছবিৰ দৃশ্যগ্ৰহণৰ কামো আধাতে সামৰিবলগীয়া হৈছে কিং খানে। ছবিখনৰ কাম পুনৰ স্থগিত ৰাখিবলগীয়া হোৱাত বিপাঙত পৰিছে শ্বাহৰূখ খানে। উল্লেখ্য যে, কিং খান অভিনীত ছবিখনৰ দৃশ্যগ্ৰহণ বিগত বৰ্ষৰ অক্টোবৰ মাহতে স্পেইনত আৰম্ভ হোৱাৰ কথা আছিল। পাছে সেই সময়তে শ্বাহৰূখ পুত্ৰ আৰিয়ান খানক ড্ৰাগছৰ গোচৰত গ্ৰপ্তাৰ কৰা হৈছিল। প্ৰিয় পুত্ৰৰ কু-কৰ্মৰ গ্লানিৰ ছিটিকনি পৰিছিল শ্বাহৰূখৰ গাটো।

পুত্ৰৰ বাবে শৰবিদ্ধ শ্বাহৰূখে সেই সময়ত সকলো ছবিৰ কাম পিছুৱাই দিছিল। আৰিয়ানে জামিন লাভ কৰাৰ পাছতহে শ্বাহৰূখ-গৌৰীয়ে পুনৰ মুকলি মন এটা লৈ নিজ নিজ কামত হাত দিয়া দেখিবলৈ পোৱা গৈছে। ইফালে বলীউড লাইফৰ খবৰ অনুসৰি, শ্বাহৰূখ-দীপিকাৰ লগতে ছবিখনৰ গোটেই টীমটোৱে জানুৱাৰীত ২টা গীত আৰু 'পাঠান'ৰ কেইবাটাও একশ্যন দৃশ্যৰ দৃশ্যগ্ৰহণৰ বাবে স্পেইনলৈ উৰা মৰাৰ কথা আছিল। পিছে এইবাৰ শ্বাহৰূখৰ বাট ভেটি ধৰিছে অ’মিক্ৰনে।


জানিবলৈ পোৱা মতে, স্পেইনত দৈনিক ১,৫০,০০০ গৰাকী ব্যক্তি অ’মিক্ৰনত আক্ৰান্ত হৈছে। ইয়াৰে প্ৰায় ৮০ শতাংশ নাগৰিকে ভেকচিনৰ দুটাকৈ পালি গ্ৰহণ কৰিছে। সৰহসংখ্যক নাগৰিকে বুষ্টাৰ পালিও গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। তথাপি স্পেইনৰ শেহতীয়া পৰিস্থিতিয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই 'পাঠান’ ছবিৰ দৃশ্যগ্ৰহণ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই। শ্বাহৰূখ-দীপিকাৰে আলোচনাৰ অন্তত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ছবিখনৰ দৃশ্যগ্ৰহণৰ পৰিকল্পনা কৰা হৈছে বুলি জনাইছে সংশ্লিষ্ট মহলে। স্মৰ্তব্য যে, বলীউড বাদশ্বাহে যশৰাজ ফিল্মছৰ 'পাঠান'ৰ জৰিয়তে প্ৰায় দুবছৰৰ পাছত ৰূপালী পৰ্দালৈ উভতি অহাৰ কথা। অভিনেত্ৰীৰ ৰূপত থাকিব দীপিকা পাডুকন। সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত আন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে জন আব্ৰাহাম। ‘পাঠান’ ছবিত ম’ষ্ট ৱাণ্টেড ছলমান খানক অতিথি শিল্পী হিচাপে দেখিবলৈ পাব অনুৰাগীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ