--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ সিদ্ধান্ত লোৱাৰ সময়ত ভবিষ্যতৰ জীৱনসংগীক নিজৰ বিষয়ে সকলো কথা সঁচা ক’ব লাগে। কিন্তু এজন দৰাই তেনে নকৰা বাবে হাতে হাতে উচিত ফল পালে। উত্তৰ প্ৰদেশৰ উন্নাৱত সংঘটিত হৈছে এক ঘটনা। যি ঘটনাই সকলোতে চৰ্চা লাভ কৰিছে। পংকজ কুমাৰ কাশ্যপ নামৰ এজন যুৱকৰ সৈতে ২০ মে’ত বিয়া ঠিক হৈছিল নিশা নামৰ এগৰাকী যুৱতীৰ। কইনা নিশাক নিবৰ বাবে বৰযাত্ৰীসহ কইনাঘৰত উপস্থিত হয় দৰা পংকজ। 

বিয়াৰ সকলো ৰীতি-নীতি সুন্দৰকৈ চলি আছিল। পাছে দৰা-কইনাই মালা পিন্ধোৱাৰ সময়তে লাগিল লেঠা। দৰা-কইনাই হাতত মালা লৈ ইজনে সিজনৰ ফালে আগবাঢ়ি গৈ থাকোঁতেই দৰা পংকজৰ মূৰ ঘূৰায় আৰু তেওঁ অচেতন হৈ ঢলি পৰে। বিবাহ চলি থাকোতেই দৰা অচেতন হোৱাত কইনাঘৰত হাহাকাৰৰ সৃষ্টি হয়। কইনাৰ ভায়েক নীতিন আৰু বিপিনে খৰধৰকৈ দৰাক চোফাত শুৱাই দিয়ে আৰু মুখত পানী ছটিয়াই চুলিখিনিত হাত ফুৰাই দিছিল। তেনেতে হঠাতে দৰাৰ চুলিখিনি সৰি নীতিনৰ হাতত পৰে। দৰাৰ সেই ৰূপ দেখি সকলো হতভম্ব হৈ উঠে।

 

তেতিয়াহে সকলোৱে গম পায় যে দৰা আচলতে তপাহে। নিজৰ তপা মূৰ ঢাকিবৰ বাবে তেওঁ উইগ পিন্ধি আছিল। দৰাক তপা দেখি কইনা খঙে-দুখে উতলা হৈ পৰিল। কাৰণ বিয়া ঠিক কৰাৰ সময়ত পংকজৰ মূৰত চুলি আছিল। কইনা নিশাই ঠাইতে বৰমালা দলিয়াই পৰিয়ালৰ লোকক কয় যে এই বিয়া হ'ব নোৱাৰে। কাৰণ তেওঁক ঠগবাজি কৰা হ'ল। এজন ঠগ দৰাৰ লগত জীৱন কটাব নোৱাৰো বুলি স্পষ্টকৈ জনায় কইনা নিশাই। অৱশেষত কইনা অবিহনে খালী হাতেৰে উভতে দৰাপক্ষ। কইনাৰ খুড়াকে কয় যে দৰাৰ পৰিয়ালে ''দৰা তপা বুলি লুকুৱাব নালাগিছিল। সঁচা কথাটো আগতেই গম পোৱা হ'লে আমি কইনাগৰাকীক মানসিকভাৱে প্ৰস্তুত কৰিব পাৰিলোহেঁতেন আৰু তেওঁ এতিয়া পোৱাৰ দৰে মানসিক আঘাত নাপালেহেঁতেন। মিছা কথাৰ ভিত্তিত বিয়া কেতিয়াও পাতিব নোৱাৰি। গতিকে এই বিয়া বাতিল কৰাটোৱেই আমি মংগলজনক বুলি ভাবিলো।'' 




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ