--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ সিদ্ধান্ত লোৱাৰ সময়ত ভবিষ্যতৰ জীৱনসংগীক নিজৰ বিষয়ে সকলো কথা সঁচা ক’ব লাগে। কিন্তু এজন দৰাই তেনে নকৰা বাবে হাতে হাতে উচিত ফল পালে। উত্তৰ প্ৰদেশৰ উন্নাৱত সংঘটিত হৈছে এক ঘটনা। যি ঘটনাই সকলোতে চৰ্চা লাভ কৰিছে। পংকজ কুমাৰ কাশ্যপ নামৰ এজন যুৱকৰ সৈতে ২০ মে’ত বিয়া ঠিক হৈছিল নিশা নামৰ এগৰাকী যুৱতীৰ। কইনা নিশাক নিবৰ বাবে বৰযাত্ৰীসহ কইনাঘৰত উপস্থিত হয় দৰা পংকজ। 

বিয়াৰ সকলো ৰীতি-নীতি সুন্দৰকৈ চলি আছিল। পাছে দৰা-কইনাই মালা পিন্ধোৱাৰ সময়তে লাগিল লেঠা। দৰা-কইনাই হাতত মালা লৈ ইজনে সিজনৰ ফালে আগবাঢ়ি গৈ থাকোঁতেই দৰা পংকজৰ মূৰ ঘূৰায় আৰু তেওঁ অচেতন হৈ ঢলি পৰে। বিবাহ চলি থাকোতেই দৰা অচেতন হোৱাত কইনাঘৰত হাহাকাৰৰ সৃষ্টি হয়। কইনাৰ ভায়েক নীতিন আৰু বিপিনে খৰধৰকৈ দৰাক চোফাত শুৱাই দিয়ে আৰু মুখত পানী ছটিয়াই চুলিখিনিত হাত ফুৰাই দিছিল। তেনেতে হঠাতে দৰাৰ চুলিখিনি সৰি নীতিনৰ হাতত পৰে। দৰাৰ সেই ৰূপ দেখি সকলো হতভম্ব হৈ উঠে।

 

তেতিয়াহে সকলোৱে গম পায় যে দৰা আচলতে তপাহে। নিজৰ তপা মূৰ ঢাকিবৰ বাবে তেওঁ উইগ পিন্ধি আছিল। দৰাক তপা দেখি কইনা খঙে-দুখে উতলা হৈ পৰিল। কাৰণ বিয়া ঠিক কৰাৰ সময়ত পংকজৰ মূৰত চুলি আছিল। কইনা নিশাই ঠাইতে বৰমালা দলিয়াই পৰিয়ালৰ লোকক কয় যে এই বিয়া হ'ব নোৱাৰে। কাৰণ তেওঁক ঠগবাজি কৰা হ'ল। এজন ঠগ দৰাৰ লগত জীৱন কটাব নোৱাৰো বুলি স্পষ্টকৈ জনায় কইনা নিশাই। অৱশেষত কইনা অবিহনে খালী হাতেৰে উভতে দৰাপক্ষ। কইনাৰ খুড়াকে কয় যে দৰাৰ পৰিয়ালে ''দৰা তপা বুলি লুকুৱাব নালাগিছিল। সঁচা কথাটো আগতেই গম পোৱা হ'লে আমি কইনাগৰাকীক মানসিকভাৱে প্ৰস্তুত কৰিব পাৰিলোহেঁতেন আৰু তেওঁ এতিয়া পোৱাৰ দৰে মানসিক আঘাত নাপালেহেঁতেন। মিছা কথাৰ ভিত্তিত বিয়া কেতিয়াও পাতিব নোৱাৰি। গতিকে এই বিয়া বাতিল কৰাটোৱেই আমি মংগলজনক বুলি ভাবিলো।'' 




FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান