--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক’ত আছে ডাউড ইব্ৰাহিম? অন্ধকাৰ জগতৰ এই খলনায়কজনৰ দীঘলীয়া অপৰাধৰ ইতিহাসে তেওঁৰ কথা কাকো পাহৰিবলৈ দিয়া নাই। ইটোৰ পাছত সিটো ভয়ংকৰ অপৰাধেৰে এসময়ত দেশত আতংকৰ সৃষ্টি কৰা ডাউড ইব্ৰাহিম আৰু তেওঁৰ ডি-কোম্পানীৰ তৎপৰতা কিছু হ্ৰাস পাইছে যদিও এই অপৰাধৰ সাম্ৰাজ্য উৎখাত হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষিত ডাউডৰ অৱস্থানক লৈ নানা জল্পনা-কল্পনাও অব্যাহত আছে। ক’ত আছে ডাউড? ক’ৰ পৰা আজিও নিয়ন্ত্ৰিত হৈ আছে তেওঁ অপৰাধৰ সাম্ৰাজ্য? কাৰ পৃষ্ঠপোষকতাই তেওঁক আজিও বেকাবু কৰি ৰাখিছে?  

শেহতীয়াকৈ ডাউডৰ ভতিজাক আলী শ্বাহ পাৰকাৰে ডাউড ইব্ৰাহিমৰ অৱস্থান সম্পৰ্কে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ আগত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। তেওঁ ইডিক দিয়া তথ্য অনুসৰি ডাউডে এতিয়া পাকিস্তানৰ কৰাচীত বসবাস কৰি আছে। উল্লেখ্য যে আলী শ্বাহ পাৰকাৰ ডাউডৰ ভগ্নী হাছিনা পাৰকাৰৰ পুত্ৰ। কেইবছৰমান আগতে, হাছিনা পাৰকাৰৰ মুম্বাইত মৃত্যু হৈছিল। দৰাচলতে, ইডি-এ ধনৰ অবৈধ সৰবৰাহৰ গোচৰৰ তদন্ত কৰি আছে। এই গোচৰ সন্দৰ্ভতে ইডিয়ে হাছিনা পাৰকাৰৰ পুত্ৰ আলীশ্বাহ পাৰকাৰকো জেৰা কৰিছিল। জেৰাৰ সময়ত, তেওঁ এই চাঞ্চল্যকৰ তথ্য সদৰি কৰে ইডিৰ সন্মুখত। উল্লেখ্য যে, ইডিয়ে ডাউডৰ ভতিজাকলৈ কেইবাবাৰো চমন জাৰি কৰি জেৰাৰ বাবে মাতি পঠিয়াইছিল।

উল্লেখ্য যে, বহু বছৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় স্তৰতে ভাৰতে উল্লেখ কৰি আহিছে যে ডাউড ইব্ৰাহিমে ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানৰ কৰাচী চহৰত বাস কৰে। কেৱল এয়াই নহয়, পাকিস্তানলৈ প্ৰেৰণ কৰা ডছিয়াৰত ভাৰতে ডাউডৰ অৱস্থানৰ সবিশেষো প্ৰকাশ কৰিছিল। ইয়াৰ পাছতো, পাকিস্তানে সদায় অস্বীকাৰ কৰি আহিছে যে কুখ্যাত অপৰাধীজনে তেওঁলোকৰ ভূমিত বসবাস কৰি থকা কথা।

আলী শ্বাহ পাৰকাৰে ইডিৰ আগত সদৰি কৰে যে তেওঁৰ মামাক ডাউড ইব্ৰাহিম পাকিস্তানৰ কৰাচীত আছে। তেওঁ মুম্বাই এৰি মোৰ জন্মৰ আগতে ডুবাইলৈ গুচি গৈছিল। তেওঁক ইডিক এই কথাও জনাইছিল যে ডাউড ইব্ৰাহিম মোৰ মামা। তেওঁ ১৯৮৬ চনলৈকে মুম্বাইৰ ডম্বৰৱালা ভৱনত বাস কৰিছিল। মই মোৰ বহু আত্মীয়ৰ পৰা শুনিছোঁ যে ডাউড ইব্ৰাহিম পাকিস্তানৰ কৰাচীত বাস কৰে।

আলী শ্বাহ পাৰকাৰে ইডিক লগতে জনায় যে, যেতিয়া তেওঁ ভাৰতৰ পৰা ডুবাইলৈ গৈছিল তেতিয়া তেওঁৰ জন্মও হোৱা নাছিল। আনহাতে তেওঁ বা তেওঁৰ পৰিয়ালৰ কোনো সদস্যই ডাউডৰে যোগাযোগ ৰখা নাই বুলিও তেওঁ মন্তব্য কৰে। অৱশ্যে তেওঁ লগতে সদৰি কৰে যে, কেতিয়াবা ঈদ বা অন্যান্য উৎসৱ পাৰ্বনত ডাউড ইব্ৰাহিমৰ পত্নী মেহজাবিনে তেওঁৰ পত্নী আয়েশা আৰু তেওঁৰ ভগ্নীসকলৰ সৈতে বাৰ্তালাপ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ