--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক’ত আছে ডাউড ইব্ৰাহিম? অন্ধকাৰ জগতৰ এই খলনায়কজনৰ দীঘলীয়া অপৰাধৰ ইতিহাসে তেওঁৰ কথা কাকো পাহৰিবলৈ দিয়া নাই। ইটোৰ পাছত সিটো ভয়ংকৰ অপৰাধেৰে এসময়ত দেশত আতংকৰ সৃষ্টি কৰা ডাউড ইব্ৰাহিম আৰু তেওঁৰ ডি-কোম্পানীৰ তৎপৰতা কিছু হ্ৰাস পাইছে যদিও এই অপৰাধৰ সাম্ৰাজ্য উৎখাত হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষিত ডাউডৰ অৱস্থানক লৈ নানা জল্পনা-কল্পনাও অব্যাহত আছে। ক’ত আছে ডাউড? ক’ৰ পৰা আজিও নিয়ন্ত্ৰিত হৈ আছে তেওঁ অপৰাধৰ সাম্ৰাজ্য? কাৰ পৃষ্ঠপোষকতাই তেওঁক আজিও বেকাবু কৰি ৰাখিছে?  

শেহতীয়াকৈ ডাউডৰ ভতিজাক আলী শ্বাহ পাৰকাৰে ডাউড ইব্ৰাহিমৰ অৱস্থান সম্পৰ্কে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ আগত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। তেওঁ ইডিক দিয়া তথ্য অনুসৰি ডাউডে এতিয়া পাকিস্তানৰ কৰাচীত বসবাস কৰি আছে। উল্লেখ্য যে আলী শ্বাহ পাৰকাৰ ডাউডৰ ভগ্নী হাছিনা পাৰকাৰৰ পুত্ৰ। কেইবছৰমান আগতে, হাছিনা পাৰকাৰৰ মুম্বাইত মৃত্যু হৈছিল। দৰাচলতে, ইডি-এ ধনৰ অবৈধ সৰবৰাহৰ গোচৰৰ তদন্ত কৰি আছে। এই গোচৰ সন্দৰ্ভতে ইডিয়ে হাছিনা পাৰকাৰৰ পুত্ৰ আলীশ্বাহ পাৰকাৰকো জেৰা কৰিছিল। জেৰাৰ সময়ত, তেওঁ এই চাঞ্চল্যকৰ তথ্য সদৰি কৰে ইডিৰ সন্মুখত। উল্লেখ্য যে, ইডিয়ে ডাউডৰ ভতিজাকলৈ কেইবাবাৰো চমন জাৰি কৰি জেৰাৰ বাবে মাতি পঠিয়াইছিল।

উল্লেখ্য যে, বহু বছৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় স্তৰতে ভাৰতে উল্লেখ কৰি আহিছে যে ডাউড ইব্ৰাহিমে ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানৰ কৰাচী চহৰত বাস কৰে। কেৱল এয়াই নহয়, পাকিস্তানলৈ প্ৰেৰণ কৰা ডছিয়াৰত ভাৰতে ডাউডৰ অৱস্থানৰ সবিশেষো প্ৰকাশ কৰিছিল। ইয়াৰ পাছতো, পাকিস্তানে সদায় অস্বীকাৰ কৰি আহিছে যে কুখ্যাত অপৰাধীজনে তেওঁলোকৰ ভূমিত বসবাস কৰি থকা কথা।

আলী শ্বাহ পাৰকাৰে ইডিৰ আগত সদৰি কৰে যে তেওঁৰ মামাক ডাউড ইব্ৰাহিম পাকিস্তানৰ কৰাচীত আছে। তেওঁ মুম্বাই এৰি মোৰ জন্মৰ আগতে ডুবাইলৈ গুচি গৈছিল। তেওঁক ইডিক এই কথাও জনাইছিল যে ডাউড ইব্ৰাহিম মোৰ মামা। তেওঁ ১৯৮৬ চনলৈকে মুম্বাইৰ ডম্বৰৱালা ভৱনত বাস কৰিছিল। মই মোৰ বহু আত্মীয়ৰ পৰা শুনিছোঁ যে ডাউড ইব্ৰাহিম পাকিস্তানৰ কৰাচীত বাস কৰে।

আলী শ্বাহ পাৰকাৰে ইডিক লগতে জনায় যে, যেতিয়া তেওঁ ভাৰতৰ পৰা ডুবাইলৈ গৈছিল তেতিয়া তেওঁৰ জন্মও হোৱা নাছিল। আনহাতে তেওঁ বা তেওঁৰ পৰিয়ালৰ কোনো সদস্যই ডাউডৰে যোগাযোগ ৰখা নাই বুলিও তেওঁ মন্তব্য কৰে। অৱশ্যে তেওঁ লগতে সদৰি কৰে যে, কেতিয়াবা ঈদ বা অন্যান্য উৎসৱ পাৰ্বনত ডাউড ইব্ৰাহিমৰ পত্নী মেহজাবিনে তেওঁৰ পত্নী আয়েশা আৰু তেওঁৰ ভগ্নীসকলৰ সৈতে বাৰ্তালাপ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ