--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস। ভাৰতত অতি উৎসাহেৰে পালন কৰা হয় শিক্ষক দিৱস। শিক্ষক দিৱস উপলক্ষে বিদ্যালয়-মহাবিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হয়। কিন্তু ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত ৫ ছেপ্টেম্বৰত ভাৰতত শিক্ষক দিৱস কিয় পালন কৰা হয় জানেনে? শিক্ষক দিৱসৰ গুৰুত্ব আৰু ৫ ছেপ্টেম্বৰৰ দিনটোত কিয় পালন কৰা হয় জানো আহক।

 ° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ ওপজা দিনত কিয় পালন কৰা শিক্ষক দিৱস?

° সৰ্বেপল্লী ৰাধাকৃষ্ণন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তামিলনাডুত ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। ড° সৰ্বেপল্লী ৰাধাকৃষ্ণন ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল। সৰুৰে পৰা ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ পঢ়া-শুনাত মেধাৱী আছিল।  

 এবাৰ তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে ডাঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনক কৈছিল যে আমি আপোনাৰ জন্মদিন উদযাপন কৰিব বিচাৰো। ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনে এই সন্দৰ্ভত কৈছিল যে তোমালোকৰ কথাত মই অত্যন্ত সুখী। যদি মোৰ জন্মদিন উদযাপন কৰিব বিচাৰা তেন্তে শিক্ষাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা সকলো শিক্ষকে সন্মান জনোৱা, মই বহুত সুখী হ’ম। তেতিয়াৰ পৰা ৫ ছেপ্টেম্বৰ তাৰিখটো ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

 ° সৰ্বেপল্লী ৰাধাকৃষ্ণনক ভাৰতৰত্নৰে সম্বৰ্ধনা জনোৱা হয়-

 তাৎপৰ্যপূৰ্ণভাৱে ড° সৰ্বেপল্লী ৰাধাকৃষ্ণন এজন মহান শিক্ষাবিদ আছিল। ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি দুয়োটা পদত অধিষ্ঠিত হৈছিল। শিক্ষাৰ ক্ষেত্ৰত ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ অৱদান অতুলনীয়। ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনক ১৯৫৪ চনত তেওঁৰ অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ বঁটা ভাৰতৰত্ন প্ৰদান কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী