--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস। ভাৰতত অতি উৎসাহেৰে পালন কৰা হয় শিক্ষক দিৱস। শিক্ষক দিৱস উপলক্ষে বিদ্যালয়-মহাবিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হয়। কিন্তু ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত ৫ ছেপ্টেম্বৰত ভাৰতত শিক্ষক দিৱস কিয় পালন কৰা হয় জানেনে? শিক্ষক দিৱসৰ গুৰুত্ব আৰু ৫ ছেপ্টেম্বৰৰ দিনটোত কিয় পালন কৰা হয় জানো আহক।

 ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ ওপজা দিনত কিয় পালন কৰা শিক্ষক দিৱস?

ড° সৰ্বেপল্লী ৰাধাকৃষ্ণন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তামিলনাডুত ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। ড° সৰ্বেপল্লী ৰাধাকৃষ্ণন ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল। সৰুৰে পৰা ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ পঢ়া-শুনাত মেধাৱী আছিল।  

 এবাৰ তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে ডাঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনক কৈছিল যে আমি আপোনাৰ জন্মদিন উদযাপন কৰিব বিচাৰো। ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনে এই সন্দৰ্ভত কৈছিল যে তোমালোকৰ কথাত মই অত্যন্ত সুখী। যদি মোৰ জন্মদিন উদযাপন কৰিব বিচাৰা তেন্তে শিক্ষাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা সকলো শিক্ষকে সন্মান জনোৱা, মই বহুত সুখী হ’ম। তেতিয়াৰ পৰা ৫ ছেপ্টেম্বৰ তাৰিখটো ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

 ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনক ভাৰতৰত্নৰে সম্বৰ্ধনা জনোৱা হয়-

 তাৎপৰ্যপূৰ্ণভাৱে ড° সৰ্বেপল্লী ৰাধাকৃষ্ণন এজন মহান শিক্ষাবিদ আছিল। ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি দুয়োটা পদত অধিষ্ঠিত হৈছিল। শিক্ষাৰ ক্ষেত্ৰত ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ অৱদান অতুলনীয়। ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনক ১৯৫৪ চনত তেওঁৰ অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ বঁটা ভাৰতৰত্ন প্ৰদান কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু