ডিজিটেল ডেস্কঃ আজি শিক্ষক দিৱস। প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত ভাৰতত শিক্ষক দিৱস পালন কৰা হয়। ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম জয়ন্তীত ৫ ছেপ্টেম্বৰত উদযাপন হয় শিক্ষক দিৱস। আপুনি বাৰু জানেনে ভাৰতৰ প্ৰথম মহিলা শিক্ষয়িত্ৰীগৰাকী কোন? আজি শিক্ষা জগতৰ বিশেষ দিনটোত আহক সেইগৰাকী মহিয়সী নাৰীক স্মৰণ কৰো যিয়ে মমৰ দৰে নিজে গলি সমাজত শিক্ষাৰ পোহৰ বিলাইছিল। তেওঁৰ নাম সাবিত্ৰীবাই ফুলে।
১৮৩১ চনৰ ৩ জানুৱাৰীত মহাৰাষ্ট্ৰৰ সতাৰা জিলাৰ নয়াগাঁৱৰ এটা দলিত পৰিয়ালত জন্মগ্ৰহণ কৰা সাবিত্ৰীবাই ফুলে ভাৰতৰ প্ৰথমগৰাকী মহিলা শিক্ষয়িত্ৰী আছিল। তেওঁৰ পিতৃৰ নাম খান্দোজী নাইভেসে আৰু মাতৃৰ নাম আছিল লক্ষ্মী। সাবিত্ৰীবাই ফুলে এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ উপৰিও ভাৰতৰ নাৰী মুক্তি আন্দোলনৰ প্ৰথম নেত্ৰী, সমাজ সংস্কাৰক আৰু মাৰাঠী কবি আছিল। কন্যা সন্তানক পঢ়া-শুনা কৰোৱা বাবে তেওঁ সমাজৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। বহু সময়ত এনেকুৱাও হৈছিল যেতিয়া তেওঁ ৰাস্তাৰে গৈছিল তেতিয়া তেওঁক মানুহে শিলগুটি দলিয়াইছিল। কোনো কোনোৱে গালৈ দলিয়াই দিছিল জাবৰ। এই সকলোবোৰ আওকাণ কৰি আগুৱাই গৈছিল সাবিত্ৰীবাই ফুলে।
স্বাধীনতাৰ পূৰ্বে ভাৰতত নাৰীক মানুহ হিচাপে পাবলগীয়া মৰ্যাদা দিয়া হোৱা নাছিল। আজিৰ দৰে তেওঁলোকৰ শিক্ষাৰ অধিকাৰ নাছিল। আনহাতে, যদি আমি ১৮ শতিকাৰ কথা কওঁ, তেন্তে সেই সময়ত মহিলাসকল স্কুললৈ যোৱাটো পাপ বুলি গণ্য কৰা হৈছিল। এনে সময়ত সাবিত্ৰীবাই ফুলেই যি কৰিছিল সেয়া আছিল অদমনীয় সাহসৰ মূৰ্ত প্ৰকাশ। তেওঁ স্কুললৈ যাওঁতে মানুহে তেওঁক শিলগুটি নিক্ষেপ কৰিছিল। এই সকলোবোৰৰ মাজতো সাবিত্ৰীবাইয়ে কেতিয়াও নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হোৱা নাছিল আৰু নাৰী জাতিক শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছিল। তেওঁক আধুনিক মাৰাঠী কবিতাৰ পূৰ্বসূৰী হিচাপে গণ্য কৰা হয়। সাবিত্ৰীবাই ফুলেই তেওঁৰ স্বামী সমাজকৰ্মী জ্যোতিৰাও ফুলেৰ সৈতে ১৮৪৮ চনত লগলাগি ছোৱালীৰ বাবে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰে।
ন বছৰ বয়সতে বিবাহপাশত আবদ্ধ হৈছিল
অতি কম বয়সতে সাবিত্ৰীবাইৰ বিয়া হৈছিল। ১৯৪০ চনত মাত্ৰ ৯ বছৰ বয়সতে জ্যোতিৰাও ফুলেৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পাছত অতি সোনকালেই স্বামীৰ সৈতে তেওঁ পুনেলৈ গুচি যায়। বিয়াৰ সময়ত সাবিত্ৰীবাই শিক্ষিত নাছিল। কিন্তু তেওঁ পঢ়া-শুনাৰ প্ৰতি বৰকৈ আকৰ্ষিত হৈছিল। পঢ়া-শুনাৰ প্ৰতি থকা ধাউতি দেখি স্বামীয়ে তেওঁক শিক্ষাদান কৰিছিল। ইয়াৰ পাছত সাবিত্ৰীবাই ফুলেই আহমেদনগৰ আৰু পুনেত শিক্ষক হোৱাৰ প্ৰশিক্ষণ লৈ যোগ্যতাসম্পন্ন শিক্ষক হ’ল।
৯ গৰাকী ছোৱালী ছাত্ৰীৰে প্ৰথমখন বিদ্যালয় প্ৰতিষ্ঠা কৰে
সাবিত্ৰীবাইয়ে স্বামীৰ সৈতে ১৮৪৮ চনৰ ৩ জানুৱাৰীত পুনেত নাৰীৰ বাবে প্ৰথমখন বিদ্যালয় প্ৰতিষ্ঠা কৰে য'ত বিভিন্ন জাতিৰ ৯ গৰাকী কন্যাই শিক্ষাগ্ৰহণ কৰিছিল। এবছৰত সাবিত্ৰীবাই আৰু জ্যোতিৰাও ফুলেই পাঁচখন নতুন বিদ্যালয় খোলাত সফল হৈছিল। তেতিয়াৰ চৰকাৰেও তেওঁক সন্মান জনাইছিল। ১৮৪৮ চনত এগৰাকী মহিলাৰ বাবে ছোৱালী বিদ্যালয় চলোৱাটো কিমান কঠিন আছিল, সেয়া আজিও চাগে আমি কল্পনাও কৰিব নোৱাৰিম। সেই সময়ত ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত সামাজিক বাধা-নিষেধ বহুত আছিল। ইয়াৰ মাজতে তেওঁ সমাজ সংস্কাৰমূলক আৰু বহুতো কাম কৰিছিল।
প্লেগৰ বলি হৈ মৃত্যু
১৮৯০ চনত সাবিত্ৰীবাইৰ স্বামী জ্যোতিৰাও ফুলেৰ মৃত্যু হয়। সেই সময়ত সকলো সামাজিক নীতি-নিয়ম ভংগ কৰি তেওঁ স্বামীৰ শেষ যাত্ৰাৰ সকলো ৰীতি-নীতি পালন কৰি মুখাগ্নি কৰিছিল। ইয়াৰ প্ৰায় সাত বছৰৰ পাছত ১৮৯৭ চনত যেতিয়া সমগ্ৰ মহাৰাষ্ট্ৰত প্লেগ বিয়পি পৰে, তেতিয়া তেওঁ তেওঁৰ অঞ্চলৰ আক্ৰান্ত লোকসকলক সহায় কৰিবলৈ ওলাই আহে। সেই সময়ছোৱাত তেওঁ নিজেই প্লেগৰ বলি হৈ ১৮৯৭ চনৰ ১০ মাৰ্চত শেষ নিশ্বাস ত্যাগ কৰে।
শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত মহান শিক্ষয়িত্ৰী সাবিত্ৰীবাই ফুলেক আমি যাচিলোঁ সশ্ৰদ্ধ প্ৰণাম