--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃটাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ অকাল মৃত্যুৱে দেশত শোকৰ ছাঁ পেলাইছে। 
দেওবাৰে আবেলি প্ৰায় ৩.১৫ বজাত চাইৰাছৰ গাড়ীখনে পালঘৰৰ চাৰোটি অঞ্চলত এটা পথ বিভাজকত খুন্দা মাৰিছিল। ঘটনাটোত  টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষৰ লগতে আন এজন লোকৰ থিতাতে মৃত্যু ঘটিছিল। আৰক্ষীয়ে তদন্ত কৰি দানিব পৰা মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চাইৰাছৰ গাড়ীখন প্ৰতি ঘণ্টাত প্ৰায় ১৩৫ কিলোমিটাৰ বেগত চলি আছিল। 

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীয়ে উঠি যোৱা  গাড়ীখনে  ২০ কিলোমিটাৰ পথ  মাত্ৰ ৯ মিনিটত অতিক্ৰম কৰিছিল। চাইৰাছৰ মাৰ্চিডিজ গাড়ী খনে মাত্ৰ ৯ মিনিটতত পালঘৰৰ চাৰিটা চেকপোষ্ট পাৰ হৈ গৈছিল। অৰ্থাৎ গাড়ীখনে ধুমুহাৰ গতিৰে   প্ৰতি ঘণ্টাত প্ৰায় ১৩৫ কিলোমিটাৰ বেগত গতি কৰি আছিল। প্ৰাথমিক অনুসন্ধান অনুসৰি অত্যাধিক গতিৰ বাবে বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাযই পেলাইছিল। ফলস্বৰূপে, গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

দুৰ্ঘটনাটোৰ সময়ত চাইৰাছ গাড়ীখনৰ পিছৰ আসনত  বহি আছিল। গাড়ীত বহি থকাৰ  সময়ত তেওঁ ছিটবেল্ট পিন্ধা নাছিল।  দুৰ্ঘটনাটোৰ সময়ত মৃত্যু হোৱা চাইৰাছ আৰু তেওঁৰ সহযাত্ৰী  কোনেও ছিট বেল্ট পিন্ধি নাছিল। 

চাইৰাছৰ গাড়ীখনে মুম্বাইৰ পৰা ১৩৫ কিলোমিটাৰ দূৰত থকা  পালঘৰৰ চাৰোটি অঞ্চলৰ সূৰ্য নদীৰ দলঙৰ ওপৰৰ এটা ডিভাইডাৰত খুন্দা মাৰিছিল। চাইৰাছ আৰু জাহাংগীৰ পাণ্ডোল পিছৰ আসনত বহিআছিল। চাইৰাছক ঘটনাস্থলীতে  মৃত অৱস্থাত পোৱা গৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ।জাহাংগীৰৰ উপৰি চাইৰাছৰ বন্ধু ডাৰিউচ পাণ্ডোলে আৰু তেওঁৰ পত্নী অনাহিতা পাণ্ডোলেও গাড়ীখনত আছিল। 

তেওঁলোকে মাৰ্চিডিজ গাড়ী খনেৰে গুজৰাটৰ আহমেদাবাদৰ পৰা মুম্বাইলৈ উভতি আহিছিল। অনাহিতাই গাড়ীখন চলাইছিল ।২০০৬ চনত তেওঁৰ চাইৰাছৰ পিতৃ পেলোঞ্জি মিস্ত্ৰীয়ে টাটা ছন্সৰ বোৰ্ডৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ  পিছত,চাইৰাছে টাটা বোৰ্ডত যোগদান কৰিছিল। ছয় বছৰ পিছত ২০১২  চনত ৰতন টাটাই টাটা গোটৰ অধ্যক্ষপদ ত্যাগ কৰে। তাৰ পিছত পদত  চাইৰাছ মিস্ত্ৰী অধিস্থিত হৈছিল। তেওঁ ছাপুৰজী পালনজী গোটৰো প্ৰতিনিধি আছিল। টাটা ছন্সত  সৰ্ববৃহৎ অংশীদাৰিত্বও তেওঁৰ আছিল। 

চাইৰাছ ২০১৬ চনলৈকে টাটা চন্সৰ অধ্যক্ষ আছিল। একেটা বছৰতে টাটা ছন্স বোৰ্ডে তেওঁক অধ্যক্ষপদৰ পৰা আঁতৰাই দিয়ে আৰু নটৰাজন চন্দ্ৰশেখৰণক সেই  দায়িত্ব দিয়ে। চলিত বৰ্ষৰ জুন মাহত চাইৰাছৰ পিতৃৰ মৃত্যু হৈছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু