--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃটাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ অকাল মৃত্যুৱে দেশত শোকৰ ছাঁ পেলাইছে। 
দেওবাৰে আবেলি প্ৰায় ৩.১৫ বজাত চাইৰাছৰ গাড়ীখনে পালঘৰৰ চাৰোটি অঞ্চলত এটা পথ বিভাজকত খুন্দা মাৰিছিল। ঘটনাটোত  টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষৰ লগতে আন এজন লোকৰ থিতাতে মৃত্যু ঘটিছিল। আৰক্ষীয়ে তদন্ত কৰি দানিব পৰা মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চাইৰাছৰ গাড়ীখন প্ৰতি ঘণ্টাত প্ৰায় ১৩৫ কিলোমিটাৰ বেগত চলি আছিল। 

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীয়ে উঠি যোৱা  গাড়ীখনে  ২০ কিলোমিটাৰ পথ  মাত্ৰ ৯ মিনিটত অতিক্ৰম কৰিছিল। চাইৰাছৰ মাৰ্চিডিজ গাড়ী খনে মাত্ৰ ৯ মিনিটতত পালঘৰৰ চাৰিটা চেকপোষ্ট পাৰ হৈ গৈছিল। অৰ্থাৎ গাড়ীখনে ধুমুহাৰ গতিৰে   প্ৰতি ঘণ্টাত প্ৰায় ১৩৫ কিলোমিটাৰ বেগত গতি কৰি আছিল। প্ৰাথমিক অনুসন্ধান অনুসৰি অত্যাধিক গতিৰ বাবে বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাযই পেলাইছিল। ফলস্বৰূপে, গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

দুৰ্ঘটনাটোৰ সময়ত চাইৰাছ গাড়ীখনৰ পিছৰ আসনত  বহি আছিল। গাড়ীত বহি থকাৰ  সময়ত তেওঁ ছিটবেল্ট পিন্ধা নাছিল।  দুৰ্ঘটনাটোৰ সময়ত মৃত্যু হোৱা চাইৰাছ আৰু তেওঁৰ সহযাত্ৰী  কোনেও ছিট বেল্ট পিন্ধি নাছিল। 

চাইৰাছৰ গাড়ীখনে মুম্বাইৰ পৰা ১৩৫ কিলোমিটাৰ দূৰত থকা  পালঘৰৰ চাৰোটি অঞ্চলৰ সূৰ্য নদীৰ দলঙৰ ওপৰৰ এটা ডিভাইডাৰত খুন্দা মাৰিছিল। চাইৰাছ আৰু জাহাংগীৰ পাণ্ডোল পিছৰ আসনত বহিআছিল। চাইৰাছক ঘটনাস্থলীতে  মৃত অৱস্থাত পোৱা গৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ।জাহাংগীৰৰ উপৰি চাইৰাছৰ বন্ধু ডাৰিউচ পাণ্ডোলে আৰু তেওঁৰ পত্নী অনাহিতা পাণ্ডোলেও গাড়ীখনত আছিল। 

তেওঁলোকে মাৰ্চিডিজ গাড়ী খনেৰে গুজৰাটৰ আহমেদাবাদৰ পৰা মুম্বাইলৈ উভতি আহিছিল। অনাহিতাই গাড়ীখন চলাইছিল ।২০০৬ চনত তেওঁৰ চাইৰাছৰ পিতৃ পেলোঞ্জি মিস্ত্ৰীয়ে টাটা ছন্সৰ বোৰ্ডৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ  পিছত,চাইৰাছে টাটা বোৰ্ডত যোগদান কৰিছিল। ছয় বছৰ পিছত ২০১২  চনত ৰতন টাটাই টাটা গোটৰ অধ্যক্ষপদ ত্যাগ কৰে। তাৰ পিছত পদত  চাইৰাছ মিস্ত্ৰী অধিস্থিত হৈছিল। তেওঁ ছাপুৰজী পালনজী গোটৰো প্ৰতিনিধি আছিল। টাটা ছন্সত  সৰ্ববৃহৎ অংশীদাৰিত্বও তেওঁৰ আছিল। 

চাইৰাছ ২০১৬ চনলৈকে টাটা চন্সৰ অধ্যক্ষ আছিল। একেটা বছৰতে টাটা ছন্স বোৰ্ডে তেওঁক অধ্যক্ষপদৰ পৰা আঁতৰাই দিয়ে আৰু নটৰাজন চন্দ্ৰশেখৰণক সেই  দায়িত্ব দিয়ে। চলিত বৰ্ষৰ জুন মাহত চাইৰাছৰ পিতৃৰ মৃত্যু হৈছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement