--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘যোগ’-ক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। তেওঁ লগতে কয় যে ‘যোগ’-য়ে এক প্ৰশান্তি প্ৰদান কৰে, যাৰ ফলত আমি জীৱনৰ প্ৰত্যাহ্বানসমূহ প্ৰশান্ত মনেৰে আৰু ধৈৰ্য্যৰে মোকাবিলা কৰিব পাৰো।আগন্তুক যোগ দিৱস-ৰ উপলক্ষে মোদীয়ে বিভিন্ন আসন আৰু সেইবোৰৰ বিধি-নিৰ্দেশনা তথা লাভালাভৰ ব্যাখ্যা সম্বলিত ভিডিঅ'ৰ এটা ছেট শ্বেয়াৰ কৰে।‘এক্স’-ত প্ৰেৰণ কৰা ‘পোষ্ট’-ৰ এটা শৃংখলাত প্ৰধানমন্ত্ৰীয়ে কয়;

"আজিৰ পৰা দহ দিনৰ ভিতৰত বিশ্বই একতা আৰু সম্প্ৰীতি উদযাপন কৰা এক কালজয়ী প্ৰথা হিচাপে ‘দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ উদযাপন কৰিব। ‘যোগ’-য়ে সাংস্কৃতিক আৰু ভৌগোলিক সীমা অতিক্ৰম কৰিছে আৰু সামগ্ৰিক কল্যাণৰ বাবে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক সমাৱেশিত কৰিছে।"

 


"আমি এই বছৰৰ যোগ দিৱসৰ কাষ চাপি অহাৰ লগে লগে যোগ-ক আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি দোহৰাৰ লগতে আনকো এনে কৰাৰ বাবে উৎসাহিত কৰাটো অপৰিহাৰ্য হ’ব। ‘যোগ’-য়ে এক প্ৰশান্তি প্ৰদান কৰে, যাৰ ফলত আমি জীৱনৰ প্ৰত্যাহ্বানবোৰ শান্ত আৰু ধৈৰ্য্যৰে মোকাবিলা কৰিবলৈ সক্ষম হওঁ।"

"যোগ দিৱস ওচৰ চাপি অহাৰ মুহূৰ্তত মই ভিডিঅ'ৰ এটা ছেট শ্বেয়াৰ কৰিছো, ই বিভিন্ন আসন আৰু সেইবোৰৰ বিধি-নিৰ্দেশনা তথা লাভালাভ সম্প্ৰকীয় ব্যাখা প্ৰদান কৰিব। মই আশা কৰোঁ যে এই ভিডিঅই আপোনালোক সকলোকে নিয়মীয়াকৈ যোগাভ্যাস কৰিবলৈ অনুপ্ৰাণিত কৰিব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু