--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘যোগ’-ক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। তেওঁ লগতে কয় যে ‘যোগ’-য়ে এক প্ৰশান্তি প্ৰদান কৰে, যাৰ ফলত আমি জীৱনৰ প্ৰত্যাহ্বানসমূহ প্ৰশান্ত মনেৰে আৰু ধৈৰ্য্যৰে মোকাবিলা কৰিব পাৰো।আগন্তুক যোগ দিৱস-ৰ উপলক্ষে মোদীয়ে বিভিন্ন আসন আৰু সেইবোৰৰ বিধি-নিৰ্দেশনা তথা লাভালাভৰ ব্যাখ্যা সম্বলিত ভিডিঅ'ৰ এটা ছেট শ্বেয়াৰ কৰে।‘এক্স’-ত প্ৰেৰণ কৰা ‘পোষ্ট’-ৰ এটা শৃংখলাত প্ৰধানমন্ত্ৰীয়ে কয়;

"আজিৰ পৰা দহ দিনৰ ভিতৰত বিশ্বই একতা আৰু সম্প্ৰীতি উদযাপন কৰা এক কালজয়ী প্ৰথা হিচাপে ‘দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ উদযাপন কৰিব। ‘যোগ’-য়ে সাংস্কৃতিক আৰু ভৌগোলিক সীমা অতিক্ৰম কৰিছে আৰু সামগ্ৰিক কল্যাণৰ বাবে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক সমাৱেশিত কৰিছে।"

 


"আমি এই বছৰৰ যোগ দিৱসৰ কাষ চাপি অহাৰ লগে লগে যোগ-ক আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি দোহৰাৰ লগতে আনকো এনে কৰাৰ বাবে উৎসাহিত কৰাটো অপৰিহাৰ্য হ’ব। ‘যোগ’-য়ে এক প্ৰশান্তি প্ৰদান কৰে, যাৰ ফলত আমি জীৱনৰ প্ৰত্যাহ্বানবোৰ শান্ত আৰু ধৈৰ্য্যৰে মোকাবিলা কৰিবলৈ সক্ষম হওঁ।"

"যোগ দিৱস ওচৰ চাপি অহাৰ মুহূৰ্তত মই ভিডিঅ'ৰ এটা ছেট শ্বেয়াৰ কৰিছো, ই বিভিন্ন আসন আৰু সেইবোৰৰ বিধি-নিৰ্দেশনা তথা লাভালাভ সম্প্ৰকীয় ব্যাখা প্ৰদান কৰিব। মই আশা কৰোঁ যে এই ভিডিঅই আপোনালোক সকলোকে নিয়মীয়াকৈ যোগাভ্যাস কৰিবলৈ অনুপ্ৰাণিত কৰিব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ