--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ আটাইতকৈ দ্ৰুতবেগী ৰে’ল বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লে এতিয়া দেশৰ ২২ খন ৰাজ্যৰ ১০০ খন জিলাক সামৰি লৈছে। জুন মাহৰ ভিতৰত ৰে’ল খনৰ সেৱা দেশৰ সকলো ৰাজ্যলৈ সম্প্ৰসাৰিত কৰা হ’ব বুলি কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীয়ে প্ৰকাশ কৰিছে।উল্লেখ্য  বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল খনেই হৈছে ভাৰতৰ প্ৰথমখন চেমি হাই স্পীড ৰেল।

 প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ ১৫ফেব্ৰুৱাৰীত  নতুন দিল্লী আৰু উত্তৰ প্ৰদেশৰ বাৰাণসীৰ মাজত প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিছিল। বন্দে ভাৰত ৰে'লসমূহ হৈছে মেক-ইন-ইণ্ডিয়া পদক্ষেপৰ অধীনত নিৰ্মিত ৰে’ল। এই অত্যাধুনিক চেমি হাই স্পীড ৰে’লখন  চেন্নাইৰ ইণ্টিগ্ৰেল কোচ ফেক্টৰীত নিৰ্মাণ কৰা হৈছে। এই ৰে’লসমূহে সংঘৰ্ষ পৰিহাৰ প্ৰণালী (কৱচ) কে ধৰি আন্তৰাষ্ট্ৰীয় সুৰক্ষা আৰু আৰাম সম্পৰ্কীয় সকলো সুবিধা আছে। 

প্ৰতি ঘণ্টাত ১৮০কিলোমিটাৰ গতিবেগত চলিব পৰা  বন্দে ভাৰত এক্সপ্ৰেছে বৰ্তমান সৰ্ব্বোচ্চ ১৬০কিলোমিটাৰ প্ৰতি ঘন্টা গতিবেগত চলি আছে।আজিলৈকে, ১৮টা পথত বন্দে ভাৰত ৰে'লৰ ৩৬টা সেৱা আৰম্ভ হৈছে। এই ৰেলসমূহে দেশৰ ২২ খন ৰাজ্য আৰু ১০০ খনতকৈও অধিক জিলাক সংযোগ কৰিছে এতিয়ালৈকে (২১-০৫-২০২৩লৈকে), বন্দে ভাৰত ৰেলসমূহে ৩৮,৪৩,৯৩৪.১২কিলোমিটাৰ অতিক্ৰম কৰিছে।  যিটো পৃথিৱীৰ চাৰিওদিশে ৯৫.৬৪বাৰ ভ্ৰমণ কৰাৰ সমান। ৰে’ল খনে সামৰি লোৱা ২২ খন ৰাজ্য/স্বায়ত্বশাসিত অঞ্চল  হৈছে: অন্ধ্ৰ প্ৰদেশ, অসম, বিহাৰ, চণ্ডীগড়, ছত্তীশগড়, দিল্লী, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, উৰিষ্যা, পঞ্জাৱ, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, অসম। শেহতীয়াকৈ কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হোৱাৰ পিছত নানান প্ৰশ্নৰ উদ্ৰেক ঘটিছে।

 কৰমণ্ডল এক্সপ্ৰেছত দুৰ্ঘটনা প্ৰতিৰোধী প্ৰযুক্তি নাছিল নেকি? বংগৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে কৰমণ্ডল এক্সপ্ৰেছত  কোনো সংঘৰ্ষ-বিৰোধী সঁজুলি নাছিল। গতিকে এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে। মমতা বেনাৰ্জীয়ে দুৰ্ঘটনাস্থলীত  হৈ এই  অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে শনিবাৰে পুৱা উৰিষ্যাৰ বাহানাগা বজাৰৰ ওচৰত দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয় । তেওঁ চিকিৎসালয়লৈ গৈ আহতসকলৰ খবৰ লয়।  উপযুক্ত প্ৰতিৰক্ষা ব্যৱস্থা অবিহনে ৰে’ল চলোৱাৰ বাবে মমতাই কেন্দ্ৰক তুলাধুনা দিয়ে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ