--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ ফৰিদাবাদত এজন যুৱকে নিজৰ বায়েকক হত্যা কৰাৰ এক চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে।আৰক্ষীয়ে জনোৱা মতে, বায়েকে যুৱকজনক পঢ়া-শুনা কৰিবলৈ কোৱাৰ বাবেই হত্যা কৰে। ১৯ বছৰীয়া প্ৰিয়াংশু নামৰ যুৱকজনে বায়েকৰ ডিঙি চেপি হত্যা কৰে।

আৰক্ষীৰ মতে, ঘটনাৰ দিনটোত অভিযুক্তৰ পৰিয়ালটো বিয়াত অংশগ্ৰহণ কৰিবলৈ উত্তৰ প্ৰদেশৰ গোৰখপুৰলৈ গৈছিল। হত্যাকাণ্ডৰ পাছত অভিযুক্তই সেই স্থানৰ পৰা পলায়ন কৰি উত্তৰাখণ্ডৰ মুছুৰীলৈ যায় যাতে কোনেও সন্দেহ নকৰে। আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ দলে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।

প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে অভিযুক্ত যুৱকজন দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দিছিল আৰু তেওঁ পঢ়া-শুনাত দুৰ্বল আছিল, গতিকে তেওঁৰ বায়েকে তেওঁক সদায় পঢ়া-শুনা কৰিবলৈ কৈছিল। হত্যাকাণ্ডৰ দিনা বায়েকে প্ৰিয়াংশুক মোবাইল এৰি পঢ়া-শুনা কৰিবলৈ কোৱাত অভিযুক্তই খঙত বায়েকৰ ডিঙি চেপি হত্যা কৰে।

ঘৰলৈ উভতি আহি পিতৃ-মাতৃয়ে দেখে যে কন্যা অনন্যা (২২) মৃত অৱস্থাত পৰি আছে। পুত্ৰ প্ৰিয়াংশু ঘৰত নাছিল। কিশোৰীগৰাকীৰ হত্যাকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ছোৱালীজনীৰ ডিঙিত দাগ আছিল।গম পোৱা গ’ল যে অনন্যাক ডিঙি চেপি হত্যা কৰা হৈছে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল প্ৰিয়াংশু, যাৰ বাবে আৰক্ষীৰ সন্দেহ অধিক গভীৰ হৈ পৰিছিল।

তদন্ত কৰি প্ৰিয়াংশুক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে কঠোৰ জেৰা কৰে। মোবাইলৰ বাবেই বায়েকক হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়ে প্ৰিয়াংশুৱে। প্ৰিয়াংশুৱে কয় – মা-দেউতা বিয়ালৈ গৈছিল। মই আৰু বা অনন্যা ঘৰত আছিলো। পঢ়া-শুনা এৰি মই মোবাইলত ব্যস্ত আছিলো। এই বিষয়ে অনন্যাই বাৰে বাৰে বাধা দি আছিল। আনকি হত্যাকাণ্ডৰ দিনটোতো মোবাইলৰ বাবেই অনন্যাই মোক বকাবকি কৰি আছিল। অনন্যাই মোবাইল এৰি পঢ়া-শুনা কৰিবলৈ কৈছিল। এই কথাই তেওঁক ক্ষুব্ধ কৰি তুলিছিল। সেয়ে তেওঁ অনন্যাক ডিঙি চেপি ধৰিছিল। অনন্যাৰ উশাহ বন্ধ হৈ মৃত্যু হোৱাত সেই স্থানৰ পৰা তেওঁ পলায়ন কৰিছিল।

 ইয়াৰ পাছতে অপৰাধ শাখাৰ দলটোৱে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তক আদালতত হাজিৰ কৰি ৩ দিনৰ বাবে ৰিমাণ্ডত প্ৰেৰণ কৰিছে। অভিযুক্ত ল’ৰাটোৱে পৰিয়ালৰ সৈতে ভাড়াঘৰত বাস কৰিছিল।  এই ঘটনা সমগ্ৰ অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ