ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ ফৰিদাবাদত এজন যুৱকে নিজৰ বায়েকক হত্যা কৰাৰ এক চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে।আৰক্ষীয়ে জনোৱা মতে, বায়েকে যুৱকজনক পঢ়া-শুনা কৰিবলৈ কোৱাৰ বাবেই হত্যা কৰে। ১৯ বছৰীয়া প্ৰিয়াংশু নামৰ যুৱকজনে বায়েকৰ ডিঙি চেপি হত্যা কৰে।
আৰক্ষীৰ মতে, ঘটনাৰ দিনটোত অভিযুক্তৰ পৰিয়ালটো বিয়াত অংশগ্ৰহণ কৰিবলৈ উত্তৰ প্ৰদেশৰ গোৰখপুৰলৈ গৈছিল। হত্যাকাণ্ডৰ পাছত অভিযুক্তই সেই স্থানৰ পৰা পলায়ন কৰি উত্তৰাখণ্ডৰ মুছুৰীলৈ যায় যাতে কোনেও সন্দেহ নকৰে। আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ দলে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।
প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে অভিযুক্ত যুৱকজন দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দিছিল আৰু তেওঁ পঢ়া-শুনাত দুৰ্বল আছিল, গতিকে তেওঁৰ বায়েকে তেওঁক সদায় পঢ়া-শুনা কৰিবলৈ কৈছিল। হত্যাকাণ্ডৰ দিনা বায়েকে প্ৰিয়াংশুক মোবাইল এৰি পঢ়া-শুনা কৰিবলৈ কোৱাত অভিযুক্তই খঙত বায়েকৰ ডিঙি চেপি হত্যা কৰে।
ঘৰলৈ উভতি আহি পিতৃ-মাতৃয়ে দেখে যে কন্যা অনন্যা (২২) মৃত অৱস্থাত পৰি আছে। পুত্ৰ প্ৰিয়াংশু ঘৰত নাছিল। কিশোৰীগৰাকীৰ হত্যাকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ছোৱালীজনীৰ ডিঙিত দাগ আছিল।গম পোৱা গ’ল যে অনন্যাক ডিঙি চেপি হত্যা কৰা হৈছে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল প্ৰিয়াংশু, যাৰ বাবে আৰক্ষীৰ সন্দেহ অধিক গভীৰ হৈ পৰিছিল।
তদন্ত কৰি প্ৰিয়াংশুক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে কঠোৰ জেৰা কৰে। মোবাইলৰ বাবেই বায়েকক হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়ে প্ৰিয়াংশুৱে। প্ৰিয়াংশুৱে কয় – মা-দেউতা বিয়ালৈ গৈছিল। মই আৰু বা অনন্যা ঘৰত আছিলো। পঢ়া-শুনা এৰি মই মোবাইলত ব্যস্ত আছিলো। এই বিষয়ে অনন্যাই বাৰে বাৰে বাধা দি আছিল। আনকি হত্যাকাণ্ডৰ দিনটোতো মোবাইলৰ বাবেই অনন্যাই মোক বকাবকি কৰি আছিল। অনন্যাই মোবাইল এৰি পঢ়া-শুনা কৰিবলৈ কৈছিল। এই কথাই তেওঁক ক্ষুব্ধ কৰি তুলিছিল। সেয়ে তেওঁ অনন্যাক ডিঙি চেপি ধৰিছিল। অনন্যাৰ উশাহ বন্ধ হৈ মৃত্যু হোৱাত সেই স্থানৰ পৰা তেওঁ পলায়ন কৰিছিল।
ইয়াৰ পাছতে অপৰাধ শাখাৰ দলটোৱে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তক আদালতত হাজিৰ কৰি ৩ দিনৰ বাবে ৰিমাণ্ডত প্ৰেৰণ কৰিছে। অভিযুক্ত ল’ৰাটোৱে পৰিয়ালৰ সৈতে ভাড়াঘৰত বাস কৰিছিল। এই ঘটনা সমগ্ৰ অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে।