--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবছৰমান আগতে সংসাৰ পাতিছিল যুৱকজনে।সংসাৰৰ অভাৱবোৰ পূৰণ কৰিব লাগিব, বৃদ্ধ মাক-দেউতাকক চাব লাগিব।  সেয়ে হাতত কাম এটা লাগে। কামৰ সন্ধানতে যুৱকজনে কৰমণ্ডল এক্সপ্ৰেছেৰে যাত্ৰা কৰিছিল। কিন্তু সেই যাত্ৰাই আছিল তেওঁৰ শেষ যাত্ৰা। 

পত্নীক যুৱকজনে কথা দিছিল যিমান সম্ভৱ সোনকালে ঘৰলৈ উভতি আহিব।কিন্তু জীৱিত অৱস্থাত তেওঁ ঘৰলৈ উভতি আহিব নোৱাৰিলে। পশ্চিমবংগৰ   বৰধামানৰ শক্তিগড় আৰক্ষী থানাৰ অন্তৰ্গত বাৰাছুলৰ বাসিন্দা আছিল সেই দুৰ্ভগীয়া যুৱককজনৰ নাম  ছাফিক কাজী।

 শুকুৰবাৰে কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাই তেওঁৰ জীৱন কাঢ়ি লৈ গ’ল। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী  ব্যক্তিজনৰ মৃত্যুত এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে পৰিয়ালটোৱে। দিনতে আন্ধাৰ দেখিছে  পত্নীয়ে। ছাফিক কাজীক এটা কামৰ বৰকৈ দৰকাৰ হৈছিল।  ঘৰত  তেওঁৰ পিতৃ, মাতৃ, পত্নী আৰু পাঁচ বছৰীয়া পুত্ৰক এৰি থৈ গৈছে। তেওঁ মিস্ত্ৰী হিচাপে কাম কৰিবলৈ বাহিৰলৈ  গৈ আছিল। তেওঁৰ লগত আন এজন ল’ৰাও আছিল। তেওঁলোকে  শালিমাৰ-চেন্নাই কৰ্মণ্ডল  এক্সপ্ৰেছেৰে  নিজৰ গন্তব্যস্থানলৈ গৈ আছিল।

 ছাফিকে ৰে’লখন চলি থকাৰ সময়তে পত্নীক  শেষ ভিডিঅ' কলটো কৰিছিল।পত্নীৰ সৈতে হাঁহি-মাতি কথা কৈ থকাৰ সময়তে পত্নীয়ে ফোনত শুনিছিল এটা প্ৰচণ্ড শব্দ। কিহৰ শব্দ বুলি ছাফিকক সোধাৰ পূৰ্বেই কলটো বন্ধ হৈ পৰিছিল। হয়তো দুৰ্ঘটনাৰ ফলত ছাফিকৰ হাতৰ পৰা মোবাইল ফোনটো চিটিকি পৰিছিল। ছাফিকৰ পত্নীয়ে কি হৈছে একো ধৰিব পৰা নাছিল। কিছুসময় পিছতেই তেওঁ আনৰ মুখেৰে জানিব পাৰে ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটোৰ কথা। অভিশপ্ত সেই ৰে’ল খনতে আছিল তেওঁৰ স্বামী ছাফিক...শুকুৰবাৰে  সন্ধিয়া, কৰমণ্ডল এক্সপ্ৰেছে যশৱন্তপুৰ হামচফৰ এক্সপ্ৰেছৰ লগতে আন এখন   মালবাহী ৰে’লত খুন্দা মাৰিছিল। এটা ডাঙৰ জোকাৰণি। 

তাৰ পিছত  মুহূৰ্ততে সকলো শেষ হ'ল। ছাফিকেও পত্নীৰ সৈতে কথা পাতি থকাৰ মাজতে চিৰ দিনৰ বাবে চকু মুদিলে। নিশাৰ ভাগলৈ ছাফিকৰ পত্নীৰ মোবাইল ফোনত আন এটা ফোন কল আহিল। ফোনটো কৰিছিল ছাফিকৰে চিনাকী আন এজন লোকে। তেঁৱো সেই ৰে’ল খনতে আছিল যদিও পিছৰ দবাত থকা বাবে বিশেষ কোনো আঘাত পোৱা নাছিল।

 তেঁৱেই জনালে-ছাফিক আৰু নাই...। খবৰটো পাই বাকৰুদ্ধ হৈ পৰিছে ছাফিকৰ পিতৃ-মাতৃ-পত্নী। সকলোৰে এতিয়া চিন্তা  পৰিয়ালটো কেনেদৰে চলিব,  সন্তানক কেনেদৰে ডাঙৰ-দীঘল কৰিব।পঁচিশ বছৰীয়া ছাফিক কাজীৰ পত্নীয়ে  এতিয়া স্বামীৰ মৃতদেহটো ঘৰলৈ  ঘূৰি অহাৰ বাবে অপেক্ষা কৰিছে। মৃত অৱস্থাত হ’লেও ছাফিকক  এতিয়া শেষবাৰৰ বাবে এবাৰ চোৱাৰ ইচ্ছা কৰিছে পত্নীয়ে।   








FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা