--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবছৰমান আগতে সংসাৰ পাতিছিল যুৱকজনে।সংসাৰৰ অভাৱবোৰ পূৰণ কৰিব লাগিব, বৃদ্ধ মাক-দেউতাকক চাব লাগিব।  সেয়ে হাতত কাম এটা লাগে। কামৰ সন্ধানতে যুৱকজনে কৰমণ্ডল এক্সপ্ৰেছেৰে যাত্ৰা কৰিছিল। কিন্তু সেই যাত্ৰাই আছিল তেওঁৰ শেষ যাত্ৰা। 

পত্নীক যুৱকজনে কথা দিছিল যিমান সম্ভৱ সোনকালে ঘৰলৈ উভতি আহিব।কিন্তু জীৱিত অৱস্থাত তেওঁ ঘৰলৈ উভতি আহিব নোৱাৰিলে। পশ্চিমবংগৰ   বৰধামানৰ শক্তিগড় আৰক্ষী থানাৰ অন্তৰ্গত বাৰাছুলৰ বাসিন্দা আছিল সেই দুৰ্ভগীয়া যুৱককজনৰ নাম  ছাফিক কাজী।

 শুকুৰবাৰে কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাই তেওঁৰ জীৱন কাঢ়ি লৈ গ’ল। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী  ব্যক্তিজনৰ মৃত্যুত এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে পৰিয়ালটোৱে। দিনতে আন্ধাৰ দেখিছে  পত্নীয়ে। ছাফিক কাজীক এটা কামৰ বৰকৈ দৰকাৰ হৈছিল।  ঘৰত  তেওঁৰ পিতৃ, মাতৃ, পত্নী আৰু পাঁচ বছৰীয়া পুত্ৰক এৰি থৈ গৈছে। তেওঁ মিস্ত্ৰী হিচাপে কাম কৰিবলৈ বাহিৰলৈ  গৈ আছিল। তেওঁৰ লগত আন এজন ল’ৰাও আছিল। তেওঁলোকে  শালিমাৰ-চেন্নাই কৰ্মণ্ডল  এক্সপ্ৰেছেৰে  নিজৰ গন্তব্যস্থানলৈ গৈ আছিল।

 ছাফিকে ৰে’লখন চলি থকাৰ সময়তে পত্নীক  শেষ ভিডিঅ' কলটো কৰিছিল।পত্নীৰ সৈতে হাঁহি-মাতি কথা কৈ থকাৰ সময়তে পত্নীয়ে ফোনত শুনিছিল এটা প্ৰচণ্ড শব্দ। কিহৰ শব্দ বুলি ছাফিকক সোধাৰ পূৰ্বেই কলটো বন্ধ হৈ পৰিছিল। হয়তো দুৰ্ঘটনাৰ ফলত ছাফিকৰ হাতৰ পৰা মোবাইল ফোনটো চিটিকি পৰিছিল। ছাফিকৰ পত্নীয়ে কি হৈছে একো ধৰিব পৰা নাছিল। কিছুসময় পিছতেই তেওঁ আনৰ মুখেৰে জানিব পাৰে ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটোৰ কথা। অভিশপ্ত সেই ৰে’ল খনতে আছিল তেওঁৰ স্বামী ছাফিক...শুকুৰবাৰে  সন্ধিয়া, কৰমণ্ডল এক্সপ্ৰেছে যশৱন্তপুৰ হামচফৰ এক্সপ্ৰেছৰ লগতে আন এখন   মালবাহী ৰে’লত খুন্দা মাৰিছিল। এটা ডাঙৰ জোকাৰণি। 

তাৰ পিছত  মুহূৰ্ততে সকলো শেষ হ'ল। ছাফিকেও পত্নীৰ সৈতে কথা পাতি থকাৰ মাজতে চিৰ দিনৰ বাবে চকু মুদিলে। নিশাৰ ভাগলৈ ছাফিকৰ পত্নীৰ মোবাইল ফোনত আন এটা ফোন কল আহিল। ফোনটো কৰিছিল ছাফিকৰে চিনাকী আন এজন লোকে। তেঁৱো সেই ৰে’ল খনতে আছিল যদিও পিছৰ দবাত থকা বাবে বিশেষ কোনো আঘাত পোৱা নাছিল।

 তেঁৱেই জনালে-ছাফিক আৰু নাই...। খবৰটো পাই বাকৰুদ্ধ হৈ পৰিছে ছাফিকৰ পিতৃ-মাতৃ-পত্নী। সকলোৰে এতিয়া চিন্তা  পৰিয়ালটো কেনেদৰে চলিব,  সন্তানক কেনেদৰে ডাঙৰ-দীঘল কৰিব।পঁচিশ বছৰীয়া ছাফিক কাজীৰ পত্নীয়ে  এতিয়া স্বামীৰ মৃতদেহটো ঘৰলৈ  ঘূৰি অহাৰ বাবে অপেক্ষা কৰিছে। মৃত অৱস্থাত হ’লেও ছাফিকক  এতিয়া শেষবাৰৰ বাবে এবাৰ চোৱাৰ ইচ্ছা কৰিছে পত্নীয়ে।   








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস