--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাৰাঠী চিনেমাৰ প্ৰখ্যাত অভিনেতা তথা পৰিচালক ৰবীন্দ্ৰ মহাজনীৰ আকস্মিক দেহাৱসান। মৃত্যুৰ সময়ত ৰবীন্দ্ৰৰ বয়স আছিল ৭৭ বছৰ। জানিব পৰা মতে, পুনেৰ তালেগাওঁ দভাদেৰ আম্বি অঞ্চলত থকা তেওঁৰ ফ্লেটত উদ্ধাৰ হৈছে অভিনেতাজনৰ মৃতদেহ। দুই তিনিদিন পূৰ্বে তেওঁৰ মৃত্যু হোৱা বুলি প্ৰাথমিক তদন্তত প্ৰকাশ কৰিছে আৰক্ষীয়ে।

যোৱা কেইমাহমানৰ পৰা ভাড়াতীয়া ফ্লেটত অকলে বাস কৰিছিল ৰবীন্দ্ৰ মহাজনীয়ে। বিগত আঠ মাহ ধৰি তেওঁ অকলে আছিল। কিন্তু শুকুৰবাৰে সন্ধিয়া হঠাতে তেওঁৰ ঘৰৰ পৰা এটা বেয়া গোন্ধ আহিবলৈ ধৰিলে। ইয়াৰ পিছত তেওঁৰ ওচৰ-চুবুৰীয়াই এই বিষয়ে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰাৰ সময়তে অভিনেতাজনক মৃত অৱস্থাত উদ্ধাৰ কৰে। সকলো পৰিস্থিতি চোৱাৰ পিছত আৰক্ষীৰ প্ৰাথমিক হিচাপ অনুসৰি ২-৩ দিন আগতে তেওঁৰ মৃত্যু হৈছিল। ৰবীন্দ্ৰৰ পৰিয়ালক তেওঁৰ মৃত্যুৰ খবৰ দিয়া হয়। বৰ্তমান তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

অভিনেতা ৰবীন্দ্ৰ মহাজনীৰ মৃত্যুৰ খবৰে স্তম্ভিত কৰি তুলিছে উদ্যোগটোৰ লগতে তেওঁৰ পৰিয়ালৰ লোকক। হিন্দী ধাৰাবাহিক ‘ইমলি’ত কাম কৰা অভিনেতা গশ্মীৰ মহাজনীৰ পিতৃ আছিল ৰবীন্দ্ৰ মহাজনী। ৰবীন্দ্ৰই মাৰাঠী চিনেমাৰ লগতে হিন্দী চলচ্চিত্ৰতো কাম কৰিছিল। তেওঁক মাৰাঠী চলচ্চিত্ৰ জগতৰ বিনোদ খান্না বুলিও কোৱা হৈছিল, কাৰণ তেওঁৰ ব্যক্তিত্ব আৰু চেহেৰা দুয়োটা বিনোদ খান্নাৰ সৈতে মিল আছিল। অভিনয়ৰ সমান্তৰালকৈ ৰবীন্দ্ৰই বহু মাৰাঠী ছবিও পৰিচালনা কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প