--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাৰাঠী চিনেমাৰ প্ৰখ্যাত অভিনেতা তথা পৰিচালক ৰবীন্দ্ৰ মহাজনীৰ আকস্মিক দেহাৱসান। মৃত্যুৰ সময়ত ৰবীন্দ্ৰৰ বয়স আছিল ৭৭ বছৰ। জানিব পৰা মতে, পুনেৰ তালেগাওঁ দভাদেৰ আম্বি অঞ্চলত থকা তেওঁৰ ফ্লেটত উদ্ধাৰ হৈছে অভিনেতাজনৰ মৃতদেহ। দুই তিনিদিন পূৰ্বে তেওঁৰ মৃত্যু হোৱা বুলি প্ৰাথমিক তদন্তত প্ৰকাশ কৰিছে আৰক্ষীয়ে।

যোৱা কেইমাহমানৰ পৰা ভাড়াতীয়া ফ্লেটত অকলে বাস কৰিছিল ৰবীন্দ্ৰ মহাজনীয়ে। বিগত আঠ মাহ ধৰি তেওঁ অকলে আছিল। কিন্তু শুকুৰবাৰে সন্ধিয়া হঠাতে তেওঁৰ ঘৰৰ পৰা এটা বেয়া গোন্ধ আহিবলৈ ধৰিলে। ইয়াৰ পিছত তেওঁৰ ওচৰ-চুবুৰীয়াই এই বিষয়ে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰাৰ সময়তে অভিনেতাজনক মৃত অৱস্থাত উদ্ধাৰ কৰে। সকলো পৰিস্থিতি চোৱাৰ পিছত আৰক্ষীৰ প্ৰাথমিক হিচাপ অনুসৰি ২-৩ দিন আগতে তেওঁৰ মৃত্যু হৈছিল। ৰবীন্দ্ৰৰ পৰিয়ালক তেওঁৰ মৃত্যুৰ খবৰ দিয়া হয়। বৰ্তমান তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

অভিনেতা ৰবীন্দ্ৰ মহাজনীৰ মৃত্যুৰ খবৰে স্তম্ভিত কৰি তুলিছে উদ্যোগটোৰ লগতে তেওঁৰ পৰিয়ালৰ লোকক। হিন্দী ধাৰাবাহিক ‘ইমলি’ত কাম কৰা অভিনেতা গশ্মীৰ মহাজনীৰ পিতৃ আছিল ৰবীন্দ্ৰ মহাজনী। ৰবীন্দ্ৰই মাৰাঠী চিনেমাৰ লগতে হিন্দী চলচ্চিত্ৰতো কাম কৰিছিল। তেওঁক মাৰাঠী চলচ্চিত্ৰ জগতৰ বিনোদ খান্না বুলিও কোৱা হৈছিল, কাৰণ তেওঁৰ ব্যক্তিত্ব আৰু চেহেৰা দুয়োটা বিনোদ খান্নাৰ সৈতে মিল আছিল। অভিনয়ৰ সমান্তৰালকৈ ৰবীন্দ্ৰই বহু মাৰাঠী ছবিও পৰিচালনা কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস