--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইদিনমানত বিলাহীৰ দামে আকাশ চুইছে। বহু ধনী লোকেও কেৱল দামৰ বাবেই বিলাহী খোৱা বাদ দিছে।  এনে সময়তে  মহাৰাষ্ট্ৰৰ এজন কৃষক ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ পৰিছে। কৃষকগৰাকীয়ে তেওঁৰ ১৮ একৰ মাটিত বিলাহীৰ খেতি কৰিছিল।

  পুত্ৰ আৰু বোৱাৰীৰ লগ লাগি তুকাৰাম ভগোজী গয়াকৰ নামৰ কৃষকগৰাকীয়ে কেতিয়াও ভবা নাছিল যে কেৱল বিলাহী বিক্ৰী কৰিয়েই তেওঁ মাহটোৰ ভিতৰতে কোটিপতি হ’ব পাৰিব।  মহাৰাষ্ট্ৰৰ পুনেৰ  কৃষকজনে জুলাই মাহত বিলাহী বিক্ৰী কৰি  কোটিপতি হৈ পৰিছে। 

 জুলাই মাহত হঠাতে দেশত  বিলাহীৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পায়। দেশৰ বহু ঠাইত বিলাহীৰ মূল্য প্ৰতি কিলোগ্ৰামত ২০০ টকা পৰ্যন্ত হয়গৈ।  বিলাহীৰ দাম হঠাৎ বৃদ্ধি হোৱাৰ ফলত তুকাৰামৰ কপাল হ’ল।   তেওঁ যোৱা এমাহত বিলাহী  বিক্ৰী কৰি ১.৫ কোটি টকা উপাৰ্জন কৰিছে।

তুকাৰামে কয় যে তেওঁ যোৱা এমাহত ১৩,০০০ বাকচ বিলাহী বিক্ৰী কৰিছে। বজাৰত বিলাহীউচ্চ মূল্যত বিক্ৰী কৰা হৈছে।  তেওঁ দাবী কৰে যে তেওঁ প্ৰতি বছৰে তেওঁৰ পথাৰত  বিলাহী খেতি কৰে। কিন্তু কোনো বাৰেই ইমান লাভ হোৱা নাছিল। 

তুকাৰামে কয় যে তেওঁ বিলাহী বিক্ৰী কৰি কেৱল শুক্ৰবাৰেই ১৮ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এদিনত ৯০০ বাকচ বিলাহী বিক্ৰী কৰা হৈছে। প্ৰতিটো বাকচৰ মূল্য হৈছে ২,১০০ টকা।

ইফালে দেশত বিলাহীৰ মূল্য  হ্ৰাস হোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই। ইয়াৰ পৰিৱৰ্তে মূল্য দিনে দিনে বাঢ়িহে গৈছে।  এনেদৰে দাম বাঢ়ি গৈ থাকিলে  অহা সপ্তাহত বিলাহীৰ মূল্যই প্ৰতি কিলোগ্ৰামত  ৩০০ টকা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস