--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইদিনমানত বিলাহীৰ দামে আকাশ চুইছে। বহু ধনী লোকেও কেৱল দামৰ বাবেই বিলাহী খোৱা বাদ দিছে।  এনে সময়তে  মহাৰাষ্ট্ৰৰ এজন কৃষক ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ পৰিছে। কৃষকগৰাকীয়ে তেওঁৰ ১৮ একৰ মাটিত বিলাহীৰ খেতি কৰিছিল।

  পুত্ৰ আৰু বোৱাৰীৰ লগ লাগি তুকাৰাম ভগোজী গয়াকৰ নামৰ কৃষকগৰাকীয়ে কেতিয়াও ভবা নাছিল যে কেৱল বিলাহী বিক্ৰী কৰিয়েই তেওঁ মাহটোৰ ভিতৰতে কোটিপতি হ’ব পাৰিব।  মহাৰাষ্ট্ৰৰ পুনেৰ  কৃষকজনে জুলাই মাহত বিলাহী বিক্ৰী কৰি  কোটিপতি হৈ পৰিছে। 

 জুলাই মাহত হঠাতে দেশত  বিলাহীৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পায়। দেশৰ বহু ঠাইত বিলাহীৰ মূল্য প্ৰতি কিলোগ্ৰামত ২০০ টকা পৰ্যন্ত হয়গৈ।  বিলাহীৰ দাম হঠাৎ বৃদ্ধি হোৱাৰ ফলত তুকাৰামৰ কপাল হ’ল।   তেওঁ যোৱা এমাহত বিলাহী  বিক্ৰী কৰি ১.৫ কোটি টকা উপাৰ্জন কৰিছে।

তুকাৰামে কয় যে তেওঁ যোৱা এমাহত ১৩,০০০ বাকচ বিলাহী বিক্ৰী কৰিছে। বজাৰত বিলাহীউচ্চ মূল্যত বিক্ৰী কৰা হৈছে।  তেওঁ দাবী কৰে যে তেওঁ প্ৰতি বছৰে তেওঁৰ পথাৰত  বিলাহী খেতি কৰে। কিন্তু কোনো বাৰেই ইমান লাভ হোৱা নাছিল। 

তুকাৰামে কয় যে তেওঁ বিলাহী বিক্ৰী কৰি কেৱল শুক্ৰবাৰেই ১৮ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এদিনত ৯০০ বাকচ বিলাহী বিক্ৰী কৰা হৈছে। প্ৰতিটো বাকচৰ মূল্য হৈছে ২,১০০ টকা।

ইফালে দেশত বিলাহীৰ মূল্য  হ্ৰাস হোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই। ইয়াৰ পৰিৱৰ্তে মূল্য দিনে দিনে বাঢ়িহে গৈছে।  এনেদৰে দাম বাঢ়ি গৈ থাকিলে  অহা সপ্তাহত বিলাহীৰ মূল্যই প্ৰতি কিলোগ্ৰামত  ৩০০ টকা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ