--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ বিত্তীয় খণ্ডৰ বহুচৰ্চিত অৱনমনে বেংক খণ্ডলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। এনে ভাবুকিৰ ফলতে দেশৰ কেইবাটাও বেংক ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। বেংক খণ্ডৰ এনে দুৰ্দশাৰ মাজতে এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে আন এটা বেংক চিৰদিনৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ৰিজাৰ্ভ বেংকে প্ৰায়ে বেংকসমূহৰ বাবে একাধিক নিৰ্দেশনা জাৰী কৰি আহিছে। বেংক খণ্ড সমূহে এই নিৰ্দেশনা সমূহ মানি চলাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংকে।

বিগত সময়চোৱাত ৰিজাৰ্ভ বেংকে কেইবাটাও বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। শেহতীয়াকৈ ৰিজাৰ্ভ বেঙ্কে পুনৰ আন এটা বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে আৰু অহা ২২ ছেপ্টেম্বৰৰ পৰা এই বেংকটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব বুলি ঘোষণা কৰিছে। 

বিগত বৰ্ষৰ আগষ্ট মাহত ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে পুনেস্থিত ৰুপী সমবায় বেংক লিমিটেডৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ সিদ্ধান্ত লৈছিল। এতিয়া এই বেংকৰ সকলো কাৰ্যাৱলী ২২ ছেপ্টেম্বৰৰ পৰা বন্ধ হ'ব বুলি ৰিজাৰ্ভ বেংকে এক বিবৃতিত প্ৰকাশ কৰিছে।

বেংকৰ কাৰ্যাৱলী বন্ধ হোৱাৰ পিছত এই বেংকৰ পৰা গ্ৰাহকসকলে তেওঁলোকৰ ধন জমা উলিয়াব নোৱাৰিব। এক কথাত বেংকটোৰ জৰিয়তে কোনো ধৰণৰ বিত্তীয় লেনদেন কৰিব নোৱাৰিব গ্ৰাহকসকলে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সূত্ৰ অনুসৰি, ৰুপী কো-অপাৰেটিভ বেংক লিমিটেডৰ পৰ্যাপ্ত মূলধন আৰু উপাৰ্জনৰ আৰু কোনো সম্ভাৱনা নাই। সেইকাৰণে বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিবৃতিত উল্লেখ কৰা মতে ৰুপী সমবায় বেংক লিমিটেডে বেঙ্কিং নিয়ন্ত্ৰণ আইন, ১৯৪৯ৰ ধাৰা ১১(২) আৰু ধাৰা ২২(৩)(D)ৰ লগতে ধাৰা ৫৬-ৰ নিয়মাৱলী পালন কৰা নাই। লগতে, বেংকটোৱে ধাৰা ২২(৩)(A), ২২(৩)(B), ২২(৩)(C), ২২(৩)(E) অনুসৰণ কৰাত ব্যৰ্থ হৈছে বুলিও ৰিজাৰ্ভ বেংকে উল্লেখ কৰিছে। 

বেংকটোত ধন জমা ৰখা প্ৰতিগৰাকী গ্ৰাহকেই ৫ লাখ টকালৈকে জমা বীমা লাভ কৰাৰ সুবিধা পাব বুলিও বিবৃতিটোৰ জৰিয়তে লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰাহকসকলক জানিবলৈ দিয়ে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু