--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ বিত্তীয় খণ্ডৰ বহুচৰ্চিত অৱনমনে বেংক খণ্ডলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। এনে ভাবুকিৰ ফলতে দেশৰ কেইবাটাও বেংক ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। বেংক খণ্ডৰ এনে দুৰ্দশাৰ মাজতে এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে আন এটা বেংক চিৰদিনৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ৰিজাৰ্ভ বেংকে প্ৰায়ে বেংকসমূহৰ বাবে একাধিক নিৰ্দেশনা জাৰী কৰি আহিছে। বেংক খণ্ড সমূহে এই নিৰ্দেশনা সমূহ মানি চলাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংকে।

বিগত সময়চোৱাত ৰিজাৰ্ভ বেংকে কেইবাটাও বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। শেহতীয়াকৈ ৰিজাৰ্ভ বেঙ্কে পুনৰ আন এটা বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে আৰু অহা ২২ ছেপ্টেম্বৰৰ পৰা এই বেংকটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব বুলি ঘোষণা কৰিছে। 

বিগত বৰ্ষৰ আগষ্ট মাহত ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে পুনেস্থিত ৰুপী সমবায় বেংক লিমিটেডৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ সিদ্ধান্ত লৈছিল। এতিয়া এই বেংকৰ সকলো কাৰ্যাৱলী ২২ ছেপ্টেম্বৰৰ পৰা বন্ধ হ'ব বুলি ৰিজাৰ্ভ বেংকে এক বিবৃতিত প্ৰকাশ কৰিছে।

বেংকৰ কাৰ্যাৱলী বন্ধ হোৱাৰ পিছত এই বেংকৰ পৰা গ্ৰাহকসকলে তেওঁলোকৰ ধন জমা উলিয়াব নোৱাৰিব। এক কথাত বেংকটোৰ জৰিয়তে কোনো ধৰণৰ বিত্তীয় লেনদেন কৰিব নোৱাৰিব গ্ৰাহকসকলে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সূত্ৰ অনুসৰি, ৰুপী কো-অপাৰেটিভ বেংক লিমিটেডৰ পৰ্যাপ্ত মূলধন আৰু উপাৰ্জনৰ আৰু কোনো সম্ভাৱনা নাই। সেইকাৰণে বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিবৃতিত উল্লেখ কৰা মতে ৰুপী সমবায় বেংক লিমিটেডে বেঙ্কিং নিয়ন্ত্ৰণ আইন, ১৯৪৯ৰ ধাৰা ১১(২) আৰু ধাৰা ২২(৩)(D)ৰ লগতে ধাৰা ৫৬-ৰ নিয়মাৱলী পালন কৰা নাই। লগতে, বেংকটোৱে ধাৰা ২২(৩)(A), ২২(৩)(B), ২২(৩)(C), ২২(৩)(E) অনুসৰণ কৰাত ব্যৰ্থ হৈছে বুলিও ৰিজাৰ্ভ বেংকে উল্লেখ কৰিছে। 

বেংকটোত ধন জমা ৰখা প্ৰতিগৰাকী গ্ৰাহকেই ৫ লাখ টকালৈকে জমা বীমা লাভ কৰাৰ সুবিধা পাব বুলিও বিবৃতিটোৰ জৰিয়তে লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰাহকসকলক জানিবলৈ দিয়ে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী