--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰিৱালী, মহাৰাষ্ট্ৰৰ থানে জিলাৰ এখন সৰু গাঁও। মুঠতে কেইবাশ মানুহে বাস কৰে। সেই সৰু গাঁওখনক ‘ডাক্তৰৰ গাঁও’ বা ‘এম বি বি এছ ভিলেজ’ বুলি জনা যায়! কিন্তু এই গাঁওখনৰ এই নাম কিয়?

ভাৰতৰ বহু গাঁৱত চিকিৎসা ব্যৱস্থা এতিয়াও ভালদৰে বিকশিত হোৱা নাই। বহু লোকে চিকিৎসাৰ বাবে দীঘলীয়া দিন গাঁৱৰ পৰা চহৰলৈ যাবলগীয়া হয়। আৰু সেই ঠাইত ঘৰীবালি গাঁৱৰ ছবিখন সম্পূৰ্ণ বেলেগ।

ঘৰীবালি গাঁৱৰ বাসিন্দাসকলে চিকিৎসাৰ বাবে গাঁৱৰ পৰা ওলাই যাব নালাগে। ঘৰীৱলী ডাক্তৰৰ গাঁও হোৱাৰ কাহিনী আৰম্ভ হৈছে সঞ্জয় পাটিলৰ পৰা। ২০০০ চনত সঞ্জয় সেই গাঁৱৰ এম বি বি এছ ডিগ্ৰীধাৰী প্ৰথমজন ডাক্তৰ হিচাপে পৰিগণিত হয়।

দৰিদ্ৰ পৰিয়ালৰ পুত্ৰ সঞ্জয়ে বৃত্তিৰ ধনেৰে পঢ়া-শুনা সম্পূৰ্ণ কৰিলে। ইয়াৰ পিছত মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ গাঁৱৰ বাহিৰত পঢ়া-শুনা কৰিবলৈ গ’ল। সঞ্জয়ে দ্বাদশ মান পাছ কৰাৰ ঠিক পিছতেই দেউতাকৰ মৃত্যু হয়। কিন্তু সঞ্জয়ৰ দাদাই তেওঁৰ সপোন পূৰণ কৰাত সহায় কৰিছিল।

সঞ্জয়ৰ এই সাফল্যই গাঁৱৰ আন যুৱক-যুৱতীসকলকো অনুপ্ৰাণিত কৰিছিল। সঞ্জয়ে নিজেই গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলক মেডিকেল প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলে।

আমোদজনক কথাটো হ’ল ঘৰীবালি গাঁৱৰ বৰ্তমানৰ কোনো চিকিৎসকে নামী-দামী বিদ্যালয়ৰ পৰা পঢ়া-শুনা কৰা নাছিল। সকলোৱে স্থানীয় বিদ্যালয়ত পঢ়ি চিকিৎসা পঢ়াৰ সুযোগ পাই গাঁৱৰ বাহিৰলৈ গুচি যায়।





৪৬ বছৰীয়া সঞ্জয়ে কয়, “সৰুতে মই ভাবিছিলো যে ডাক্তৰ দেৱতাৰ সমান। এই বৃত্তিটোত একে সময়তে ধন, সন্মান আৰু আশীৰ্বাদ লাভ কৰা হয়।''

ঐশ্বৰ্য পাটিল বৰ্তমান গাঁৱৰ আটাইতকৈ কনিষ্ঠ চিকিৎসক। ২৬ বছৰীয়া ঐশ্বৰ্যই এতিয়া উচ্চ পঢ়াৰ বাবে প্ৰস্তুতি চলাইছে। সঞ্জয়েও তেওঁক ডাক্তৰ হ’বলৈ অনুপ্ৰেৰণা যোগাইছিল। ইয়াৰ উপৰিও গাঁওখনৰ বহু যুৱকে বৰ্তমান চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছে। কেইবছৰমানৰ পাছত তেওঁলোকৰ নামো গাঁৱৰ চিকিৎসকৰ তালিকাত স্থান পাব।

সঞ্জয়ে এতিয়া গাঁওখনত এখন চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনাও কৰিছে। য'ত গাঁৱৰ চিকিৎসকে বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা