--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰিৱালী, মহাৰাষ্ট্ৰৰ থানে জিলাৰ এখন সৰু গাঁও। মুঠতে কেইবাশ মানুহে বাস কৰে। সেই সৰু গাঁওখনক ‘ডাক্তৰৰ গাঁও’ বা ‘এম বি বি এছ ভিলেজ’ বুলি জনা যায়! কিন্তু এই গাঁওখনৰ এই নাম কিয়?

ভাৰতৰ বহু গাঁৱত চিকিৎসা ব্যৱস্থা এতিয়াও ভালদৰে বিকশিত হোৱা নাই। বহু লোকে চিকিৎসাৰ বাবে দীঘলীয়া দিন গাঁৱৰ পৰা চহৰলৈ যাবলগীয়া হয়। আৰু সেই ঠাইত ঘৰীবালি গাঁৱৰ ছবিখন সম্পূৰ্ণ বেলেগ।

ঘৰীবালি গাঁৱৰ বাসিন্দাসকলে চিকিৎসাৰ বাবে গাঁৱৰ পৰা ওলাই যাব নালাগে। ঘৰীৱলী ডাক্তৰৰ গাঁও হোৱাৰ কাহিনী আৰম্ভ হৈছে সঞ্জয় পাটিলৰ পৰা। ২০০০ চনত সঞ্জয় সেই গাঁৱৰ এম বি বি এছ ডিগ্ৰীধাৰী প্ৰথমজন ডাক্তৰ হিচাপে পৰিগণিত হয়।

দৰিদ্ৰ পৰিয়ালৰ পুত্ৰ সঞ্জয়ে বৃত্তিৰ ধনেৰে পঢ়া-শুনা সম্পূৰ্ণ কৰিলে। ইয়াৰ পিছত মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ গাঁৱৰ বাহিৰত পঢ়া-শুনা কৰিবলৈ গ’ল। সঞ্জয়ে দ্বাদশ মান পাছ কৰাৰ ঠিক পিছতেই দেউতাকৰ মৃত্যু হয়। কিন্তু সঞ্জয়ৰ দাদাই তেওঁৰ সপোন পূৰণ কৰাত সহায় কৰিছিল।

সঞ্জয়ৰ এই সাফল্যই গাঁৱৰ আন যুৱক-যুৱতীসকলকো অনুপ্ৰাণিত কৰিছিল। সঞ্জয়ে নিজেই গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলক মেডিকেল প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলে।

আমোদজনক কথাটো হ’ল ঘৰীবালি গাঁৱৰ বৰ্তমানৰ কোনো চিকিৎসকে নামী-দামী বিদ্যালয়ৰ পৰা পঢ়া-শুনা কৰা নাছিল। সকলোৱে স্থানীয় বিদ্যালয়ত পঢ়ি চিকিৎসা পঢ়াৰ সুযোগ পাই গাঁৱৰ বাহিৰলৈ গুচি যায়।





৪৬ বছৰীয়া সঞ্জয়ে কয়, “সৰুতে মই ভাবিছিলো যে ডাক্তৰ দেৱতাৰ সমান। এই বৃত্তিটোত একে সময়তে ধন, সন্মান আৰু আশীৰ্বাদ লাভ কৰা হয়।''

ঐশ্বৰ্য পাটিল বৰ্তমান গাঁৱৰ আটাইতকৈ কনিষ্ঠ চিকিৎসক। ২৬ বছৰীয়া ঐশ্বৰ্যই এতিয়া উচ্চ পঢ়াৰ বাবে প্ৰস্তুতি চলাইছে। সঞ্জয়েও তেওঁক ডাক্তৰ হ’বলৈ অনুপ্ৰেৰণা যোগাইছিল। ইয়াৰ উপৰিও গাঁওখনৰ বহু যুৱকে বৰ্তমান চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছে। কেইবছৰমানৰ পাছত তেওঁলোকৰ নামো গাঁৱৰ চিকিৎসকৰ তালিকাত স্থান পাব।

সঞ্জয়ে এতিয়া গাঁওখনত এখন চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনাও কৰিছে। য'ত গাঁৱৰ চিকিৎসকে বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল