--°C
Loading...
Listen to Article
2 min read
80%
লণ্ডনঃ বিশ্বজুৰি কৰ’না ভাইৰাছৰ কেইবাটাও প্ৰকৰণে সংক্ৰমণৰ সংহাৰ অব্যাহত ৰখা সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ আধানম ঘেব্ৰিয়েছাছৰ ঘোষণাই দিছে সাময়িক সকাহ। বিশ্বৰ সকলো নাগৰিকে ঐক্যবদ্ধভাৱে যুঁজ দিলে ২০২২চনৰ ভিতৰতে কৰ’না ভাইৰাছ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰাতো সম্ভৱপৰ হৈ উঠিব বুলি সদৰী কৰিছিল WHO-ৰ মুৰব্বীগৰাকীয়ে। সমগ্ৰ বিশ্বৰ নাগৰিকে এতিয়াও সম্পূৰ্ণকৈ ভেকচিন লাভ কৰা নাই অৰ্থাত্‍ এই ক্ষেত্ৰত বৃহত্‍ বৈষম্য থকা বুলিও মন্তব্য কৰিছিল WHO-ৰ মুৰব্বীগৰাকীয়ে। অৱশ্যে, কৰ’না মহামাৰীৰে মোকাবিলা কৰিবলৈ বিভিন্ন ক’ভিডবিধি প্ৰস্তুত কৰা হৈছে। বিশ্বৰ লগতে ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে মাক্স পিন্ধাটো একপ্ৰকাৰ বাধ্যতামূলক হৈ পৰিছে। ইয়াৰোপৰি, ক’ভিড টীকাৰ প্ৰমাণ-পত্ৰ অবিহনে বন্ধস্থানত প্ৰৱেশতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। শেহতীয়াকৈ কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইন অ’মিক্ৰনক প্ৰতিৰোধ কৰিবলৈ আৰোপ কৰা কৰ’না ভাইৰাছৰ প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰিছে ইংলেণ্ডে। বন্ধ স্থানত মাক্স আৰু ভেকচিনৰ প্ৰমাণ-পত্ৰ দেখুৱাৰ কোনো প্ৰয়োজন নাই বুলি সদৰী কৰিছে ইউকে চৰকাৰে। কৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি পাই থকা সময়তে এনে গুৰুতৰ পদক্ষেপ হাতত লৈছে বৰিছ জনছনৰ চৰকাৰখনে। বিগত দুটা সপ্তাহত ক’ভিডাক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে যদিও শংকা আঁতৰা নাই। ইতিপূৰ্বে প্ৰধানমন্ত্ৰী বৰিছ জনছনে অ’মিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনতাক সতৰ্ক কৰি দিছিল। প্ৰধানমন্ত্ৰীগৰাকীৰ সতৰ্কবাণীৰ পাছতে ইউকে চৰকাৰে ৮ ডিচেম্বৰত ‘প্লেন-বি’ নিষেধাজ্ঞা প্ৰৱৰ্তন কৰিছিল। ‘প্লেন-বি’ নিষেধাজ্ঞা অনুসৰি সাধাৰণ নাগৰিকে যিকোনো স্থানত প্ৰৱেশ কৰিবলৈ হ’লে ফেচ মাস্ক আৰু ভেকচিনৰ প্ৰমাণ-পত্ৰ দেখুৱাটো বাধ্যতামূলক কৰি দিয়া হৈছিল। ইউকেৰ স্বাস্থ্য সচিব ছাজিদ জাভিদে কয়, ‘ভেকচিন ৰোলআউটৰ সফলতা আৰু ক’ভিড-১৯ চিকিৎসাৰ বিষয়ে ভালদৰে বুজি উঠাৰ উদ্দেশ্যে এই ব্যৱস্থাবোৰ উঠাই ল'ব পাৰি। মাক্স পিন্ধাটো এতিয়া প্ৰতিজন ব্যক্তিৰ নিজৰ বিবেচনাৰ বিষয় হিচাপে বিবেচিত হ’ব বুলি সদৰী কৰিছে ইউকে চৰকাৰে।’ ইফালে আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশ পোৱামতে, ‘ ভ্ৰমণৰ সময়চোৱাত যাত্ৰীসকলে নিজে সচেতন হ’ব বুলি আমি আশাবাদী। যাত্ৰীসকলক আমি ক’ভিড বিধি মানি চলিবলৈ উৎসাহিতহে কৰিব পাৰো বাধ্য কৰিব নোৱাৰো।’ আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী মডাৰ্ণাই সদৰী কৰা মতে, কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইন অ’মিক্ৰনৰ সৈতে যুঁজিবলৈ বিশেষভাৱে ডিজাইন কৰা ভেকচিন এটাৰ বুষ্টাৰ পালিৰ প্ৰাৰম্ভিক পৰীক্ষা ইতিমধ্যে আৰম্ভ হৈছে।জানিবলৈ পৰা মতে, এই প্ৰাৰম্ভিক পৰীক্ষাত মুঠ ৬০০ জন প্ৰাপ্তবয়স্ক ব্যক্তি অন্তৰ্ভুক্ত থাকিব। ইয়াৰে আধা সংখ্যক ব্যক্তি কমেও ৬ মাহ আগতে মডাৰ্ণাৰ কোভিড-১৯ ভেকচিনৰ দুটা পালি লাভ কৰা হ’ব লাগিব আৰু বাকী আধা সংখ্যকে মডাৰ্ণাৰ ক’ভিড-১৯ ভেকচিনৰ দুটা পালিৰ উপৰি বুষ্টাৰ পালি গ্ৰহণ কৰা হ’ব লাগিব। এই বুষ্টাৰ জেবে অ’মিক্ৰনৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব বুলিও জনাইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে। মন কৰিবলগীয়া যে, বুধবাৰে ছিংগাপুৰত ৪,৮৩২ জন ব্যক্তি নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। সমগ্ৰ বিশ্বত এতিয়ালৈকে ক’ভিডাক্ৰান্ত ৰোগীৰ সংখ্যা ৩৫৬,৯৫৫,৮০৩ জন। ইয়াৰে ভিতৰত মৃত্যু হৈছে ৫,৬১০,২৯১ ক’ভিড ৰোগীৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ