--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চীনে ওভটাই দিলে অৰুণাচলৰ পৰা নিৰুদ্দেশ হোৱা ভাৰতীয় কিশোৰক। ৰহস্যজনকভাৱে এসপ্তাহৰো আগেয়ে সন্ধানহীন হৈছিল কিশোৰজন। অৰুণাচলৰ ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলৰ পৰা ১৮জানুৱাৰীত নিৰুদ্দেশ হোৱা কিশোৰটিক চীনে অপহৰণ কৰা বুলি অভিযোগ উঠিছিল। এই অভিযোগৰ মাজতে চীনা সৈন্যই সদৰি কৰিছিল যে, তেওঁলোকে ভাৰতীয় কিশোৰজনক উদ্ধাৰ কৰিছে। অৰুণাচলৰ সাংসদ টিপিৰ গাৱে চীনে কিশোৰজনক অপহৰণ কৰা বুলি অভিযোগ পাছতে চীন সৈন্যই কিশোৰটিক উদ্ধাৰ কৰা বুলি দাবী কৰাটোৱে ৰহস্যৰ সৃষ্টি কৰিছিল। অৱশেষত কিশোৰটিক ভাৰতৰ হাতত অৰ্পন কৰাৰ কথা সদৰি কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। ৰিজিজুৱে টুইটযোগে কিশোৰজনক ভাৰতৰ হাতত চীনৰ পিএলএই গতাই দিয়াৰ কথা সদৰি কৰিছে। উল্লেখ্য যে, বুধবাৰেই ৰিজিজুৱে প্ৰকাশ কৰিছিল যে, সন্ধানহীন কিশোৰজনক ভাৰতক ঘূৰাই দিয়াৰ প্ৰসংগত ভাৰতে হটলাইনৰ জৰিয়তে চীনৰ সৈতে কথা পাতিছে আৰু তেওঁলোকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে কিশোৰজনক এলএচিৰ সমীপৰ কিবীথুৰ সমীপৰ ৱাছাত ভাৰতৰ হাতত অৰ্পন কৰা হয়। কিশোৰজনক ভাৰতৰ হাতত অৰ্পন কৰাৰ আগেয়ে তেওঁৰ ক’ভিড পৰীক্ষাৰ দৰে প্ৰক্ৰিয়াসমূহো সম্পূৰ্ণ কৰা হয়। ইতিমধ্যে কিশোৰজনক ভাৰতলৈ হস্তান্তৰ কৰাৰ সময়ৰ আলোকচিত্ৰও প্ৰকাশ কৰা হৈছে। কিন্তু কি পৰিস্থিতিত কিশোৰজন চীনা সৈন্যৰ কৱললৈ গ’ল সেয়া সন্দেহৰ বিষয় হৈ ৰৈছে। অৰুণাচলৰ সাংসদ টিপিৰ গাৱে অভিযোগ কৰিছিল যে, কিশোৰজনক পিএলএই ভাৰতীয় ভূখণ্ডৰ পৰা অপহৰণ কৰিছে। তেওঁ টুইটযোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। গাৱে অভিযোগ কৰা মতে অৰুণাচল প্ৰদেশৰ যি স্থানত চাংপো নৈ ভাৰতত প্ৰৱেশ কৰিছে তাতেই এই ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ বিষয়ে জানিব পাৰিয়েই ভাৰতীয় সৈন্যই হটলাইনৰ জৰিয়তে তাৎক্ষণিকভাৱে পিএলএৰ সৈতে যোগাযোগ কৰে। ভাৰতীয় সৈন্যই জনায় যে, অৰণ্যৰ পৰা শাক-পাত বুটলিবলৈ আৰু চিকাৰ কৰিবলৈ যোৱা কিশোৰজনে পথ হেৰুৱাই পেলাই আৰু তাৰ পাছত তেওঁৰ সন্ধান লাভ কৰা হোৱা নাই। শেহতীয়াকৈ চীনা সৈন্যই কিশোৰজনক উদ্ধাৰ কৰা বুলি প্ৰকাশ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। কিশোৰজনে সঁচাকৈয়ে পথ হেৰুৱাই চীনত প্ৰৱেশ কৰিছিল নে চীনা সৈন্যই তেওঁক অপহৰণ কৰি নিছিল সেয়া এক ৰহস্যৰ বিষয় হৈ ৰৈছে। ইয়াৰ পূৰ্বেও এনেদৰে ভাৰতীয় যুৱক সীমান্ত অঞ্চলৰ পৰা নিৰুদ্দেশ হোৱাৰ পাছত চীনা সৈন্যই উদ্ধাৰ কৰা বুলি দাবী কৰিছে। কিন্তু এইসকল যুৱকক চীনা সৈন্যইহে অপহৰণ কৰি নিয়া বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ