--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চীনে ওভটাই দিলে অৰুণাচলৰ পৰা নিৰুদ্দেশ হোৱা ভাৰতীয় কিশোৰক। ৰহস্যজনকভাৱে এসপ্তাহৰো আগেয়ে সন্ধানহীন হৈছিল কিশোৰজন। অৰুণাচলৰ ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলৰ পৰা ১৮জানুৱাৰীত নিৰুদ্দেশ হোৱা কিশোৰটিক চীনে অপহৰণ কৰা বুলি অভিযোগ উঠিছিল। এই অভিযোগৰ মাজতে চীনা সৈন্যই সদৰি কৰিছিল যে, তেওঁলোকে ভাৰতীয় কিশোৰজনক উদ্ধাৰ কৰিছে। অৰুণাচলৰ সাংসদ টিপিৰ গাৱে চীনে কিশোৰজনক অপহৰণ কৰা বুলি অভিযোগ পাছতে চীন সৈন্যই কিশোৰটিক উদ্ধাৰ কৰা বুলি দাবী কৰাটোৱে ৰহস্যৰ সৃষ্টি কৰিছিল। অৱশেষত কিশোৰটিক ভাৰতৰ হাতত অৰ্পন কৰাৰ কথা সদৰি কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। ৰিজিজুৱে টুইটযোগে কিশোৰজনক ভাৰতৰ হাতত চীনৰ পিএলএই গতাই দিয়াৰ কথা সদৰি কৰিছে। উল্লেখ্য যে, বুধবাৰেই ৰিজিজুৱে প্ৰকাশ কৰিছিল যে, সন্ধানহীন কিশোৰজনক ভাৰতক ঘূৰাই দিয়াৰ প্ৰসংগত ভাৰতে হটলাইনৰ জৰিয়তে চীনৰ সৈতে কথা পাতিছে আৰু তেওঁলোকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে কিশোৰজনক এলএচিৰ সমীপৰ কিবীথুৰ সমীপৰ ৱাছাত ভাৰতৰ হাতত অৰ্পন কৰা হয়। কিশোৰজনক ভাৰতৰ হাতত অৰ্পন কৰাৰ আগেয়ে তেওঁৰ ক’ভিড পৰীক্ষাৰ দৰে প্ৰক্ৰিয়াসমূহো সম্পূৰ্ণ কৰা হয়। ইতিমধ্যে কিশোৰজনক ভাৰতলৈ হস্তান্তৰ কৰাৰ সময়ৰ আলোকচিত্ৰও প্ৰকাশ কৰা হৈছে। কিন্তু কি পৰিস্থিতিত কিশোৰজন চীনা সৈন্যৰ কৱললৈ গ’ল সেয়া সন্দেহৰ বিষয় হৈ ৰৈছে। অৰুণাচলৰ সাংসদ টিপিৰ গাৱে অভিযোগ কৰিছিল যে, কিশোৰজনক পিএলএই ভাৰতীয় ভূখণ্ডৰ পৰা অপহৰণ কৰিছে। তেওঁ টুইটযোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। গাৱে অভিযোগ কৰা মতে অৰুণাচল প্ৰদেশৰ যি স্থানত চাংপো নৈ ভাৰতত প্ৰৱেশ কৰিছে তাতেই এই ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ বিষয়ে জানিব পাৰিয়েই ভাৰতীয় সৈন্যই হটলাইনৰ জৰিয়তে তাৎক্ষণিকভাৱে পিএলএৰ সৈতে যোগাযোগ কৰে। ভাৰতীয় সৈন্যই জনায় যে, অৰণ্যৰ পৰা শাক-পাত বুটলিবলৈ আৰু চিকাৰ কৰিবলৈ যোৱা কিশোৰজনে পথ হেৰুৱাই পেলাই আৰু তাৰ পাছত তেওঁৰ সন্ধান লাভ কৰা হোৱা নাই। শেহতীয়াকৈ চীনা সৈন্যই কিশোৰজনক উদ্ধাৰ কৰা বুলি প্ৰকাশ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। কিশোৰজনে সঁচাকৈয়ে পথ হেৰুৱাই চীনত প্ৰৱেশ কৰিছিল নে চীনা সৈন্যই তেওঁক অপহৰণ কৰি নিছিল সেয়া এক ৰহস্যৰ বিষয় হৈ ৰৈছে। ইয়াৰ পূৰ্বেও এনেদৰে ভাৰতীয় যুৱক সীমান্ত অঞ্চলৰ পৰা নিৰুদ্দেশ হোৱাৰ পাছত চীনা সৈন্যই উদ্ধাৰ কৰা বুলি দাবী কৰিছে। কিন্তু এইসকল যুৱকক চীনা সৈন্যইহে অপহৰণ কৰি নিয়া বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু