--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'দেউতা'- প্ৰতিজন ছোৱালীৰে প্ৰথম প্ৰেম৷ পিতৃৰ প্ৰেম অতুলনীয়৷ এই প্ৰেম কেতিয়াও কৰোৰে সৈতে জুখিব নোৱাৰি৷ সময়ে-সময়ে পিতৃ প্ৰেমৰ নিদৰ্শন দেখিবলৈ পোৱা যায়৷ এই প্ৰেমে সকলোকে একমুহুৰ্তৰ বাবে হ'লেও ভাবুক কৰি তোলে৷ তেনে এক পিতৃ আৰু কন্যাৰ মাজৰ বিশুদ্ধ প্ৰেমৰ ছবিয়ে আৱেগিক কৰি তুলিছে সকলোকে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ছবিখন৷ ভাইৰেল ফটোখনত, পিতৃ-কন্যাৰ তেওঁলোকৰ মূৰ স্পৰ্শ কৰি দেখা যায়। তেওঁলোক দুয়োৰে মূৰৰ এটা বিশেষ এটা অংশৰ মুণ্ডনৰ ছবিয়ে আকৰ্ষণ কৰিছে সকলোকে। জানিব পৰা মতে, মগজুৰ অস্ত্ৰোপচাৰৰ বাবে ছোৱালীজনীৰ মুণ্ডন কৰা হয়, যাৰফলত কন্যাগৰাকীক মানসিকভাৱে সমৰ্থন কৰিবলৈ মুণ্ডন কৰে পিতৃয়ে। তেওঁৰ চুলি এনেভাৱে কাটিছে যে তেওঁৰ মূৰত চিলাই কৰাই আছে। এই ফটোখন ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ব্যক্তিজনে লিখে যে, ' মোৰ সৰু কলিজাটোৰ মগজুৰ অস্ত্ৰোপচাৰ হৈছিল আৰু তাইৰ মানসিক ভাৱে সমৰ্থন কৰিবলৈ চুলি মই এনেদৰে কাটিলো! মোক মোৰ কন্যাৰ ব্যথাই বাৰুকৈ আঘাট কৰিছে৷' টুইটাৰত ভাইৰেল হোৱা ফটোখনে ৮,০০০ তকৈও অধিক লাইক আৰু ১,০০০ তকৈও অধিক ৰিটুইট হৈছিল। পিতৃগৰাকীৰ তেওঁৰ জীয়েকৰ প্ৰতি থকা প্ৰেমৰ বাবে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ চকুপানী নিগৰি আহিছিল। বহুতে তেওঁক 'বছৰটোৰ শ্ৰেষ্ঠ দেউতা' বঁটা দিব বিচাৰিছিল। এজন ব্যৱহাৰকাৰীয়ে কৈছিল, ' এয়া এজন পিতৃৰ প্ৰেম।' আন এজনে লিখিছিল, 'তেওঁৰ সন্তানৰ বাবে পিতৃতকৈ ডাঙৰ প্ৰেম নাই।' এজন তৃতীয় ব্যৱহাৰকাৰীয়ে লিখিছিল যে, 'যদি এই পোষ্টটোৱে আপোনাক আবেগিক কৰি নিদিয়ে, তেনেহ'লে আপুনি মানুহ নহয়।' আন এজনে পোষ্ট কৰিছিল, 'মই জানো বছৰটো আৰম্ভ হোৱা বেছি দিন হোৱা নাই, কিন্তু বছৰটোৰ 'পিতৃ' বঁটা এই ব্যক্তিজনলৈ যায়।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ