--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'দেউতা'- প্ৰতিজন ছোৱালীৰে প্ৰথম প্ৰেম৷ পিতৃৰ প্ৰেম অতুলনীয়৷ এই প্ৰেম কেতিয়াও কৰোৰে সৈতে জুখিব নোৱাৰি৷ সময়ে-সময়ে পিতৃ প্ৰেমৰ নিদৰ্শন দেখিবলৈ পোৱা যায়৷ এই প্ৰেমে সকলোকে একমুহুৰ্তৰ বাবে হ'লেও ভাবুক কৰি তোলে৷ তেনে এক পিতৃ আৰু কন্যাৰ মাজৰ বিশুদ্ধ প্ৰেমৰ ছবিয়ে আৱেগিক কৰি তুলিছে সকলোকে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ছবিখন৷ ভাইৰেল ফটোখনত, পিতৃ-কন্যাৰ তেওঁলোকৰ মূৰ স্পৰ্শ কৰি দেখা যায়। তেওঁলোক দুয়োৰে মূৰৰ এটা বিশেষ এটা অংশৰ মুণ্ডনৰ ছবিয়ে আকৰ্ষণ কৰিছে সকলোকে। জানিব পৰা মতে, মগজুৰ অস্ত্ৰোপচাৰৰ বাবে ছোৱালীজনীৰ মুণ্ডন কৰা হয়, যাৰফলত কন্যাগৰাকীক মানসিকভাৱে সমৰ্থন কৰিবলৈ মুণ্ডন কৰে পিতৃয়ে। তেওঁৰ চুলি এনেভাৱে কাটিছে যে তেওঁৰ মূৰত চিলাই কৰাই আছে। এই ফটোখন ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ব্যক্তিজনে লিখে যে, ' মোৰ সৰু কলিজাটোৰ মগজুৰ অস্ত্ৰোপচাৰ হৈছিল আৰু তাইৰ মানসিক ভাৱে সমৰ্থন কৰিবলৈ চুলি মই এনেদৰে কাটিলো! মোক মোৰ কন্যাৰ ব্যথাই বাৰুকৈ আঘাট কৰিছে৷' টুইটাৰত ভাইৰেল হোৱা ফটোখনে ৮,০০০ তকৈও অধিক লাইক আৰু ১,০০০ তকৈও অধিক ৰিটুইট হৈছিল। পিতৃগৰাকীৰ তেওঁৰ জীয়েকৰ প্ৰতি থকা প্ৰেমৰ বাবে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ চকুপানী নিগৰি আহিছিল। বহুতে তেওঁক 'বছৰটোৰ শ্ৰেষ্ঠ দেউতা' বঁটা দিব বিচাৰিছিল। এজন ব্যৱহাৰকাৰীয়ে কৈছিল, ' এয়া এজন পিতৃৰ প্ৰেম।' আন এজনে লিখিছিল, 'তেওঁৰ সন্তানৰ বাবে পিতৃতকৈ ডাঙৰ প্ৰেম নাই।' এজন তৃতীয় ব্যৱহাৰকাৰীয়ে লিখিছিল যে, 'যদি এই পোষ্টটোৱে আপোনাক আবেগিক কৰি নিদিয়ে, তেনেহ'লে আপুনি মানুহ নহয়।' আন এজনে পোষ্ট কৰিছিল, 'মই জানো বছৰটো আৰম্ভ হোৱা বেছি দিন হোৱা নাই, কিন্তু বছৰটোৰ 'পিতৃ' বঁটা এই ব্যক্তিজনলৈ যায়।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু