--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাত পূৰ্ণ গতিতত চলি আছে ৰাম মন্দিৰ নিৰ্মাণৰ কাম। কিন্তু সুবিশাল এই মন্দিৰ নিৰ্মাণত এতিয়ালৈকে কিমান টকা খৰচ হৈছে বাৰু? এই বছৰৰ মাৰ্চ মাহলৈকে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৯০০ কোটি টকা ব্যয় হৈছে। শ্ৰী ৰামজন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে  এই কথা প্ৰকাশ কৰিছে। ৰাম মন্দিৰৰ নিৰ্মাণ ২০২০ চনৰ ৫ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল। 

তেতিয়াৰে  পৰা ২০২৩  চনৰ ২৩  মাৰ্চলৈকে মন্দিৰ নিৰ্মাণৰ বাবে ৯০০ কোটি টকা ব্যয় কৰা হৈছে।পৃথিৱীৰ সৰ্ববৃহৎ ৰাম মন্দিৰটো অযোধ্যাৰ বহু চৰ্চিত ভূমিত নিৰ্মাণ কৰি থকা হৈছে। এই মন্দিৰ ৩৮০ ফুট দীঘল আৰু ২৫০ ফুট বহল। উচ্চতা ১৬১  ফুট। বিশাল মন্দিৰটো থাকিব ৩৯২ টা স্তম্ভত । 

মন্দিৰৰ ৪৬ খন দুৱাৰ  চেগুনৰ কাঠেৰে  নিৰ্মাণ কৰা হৈছে। গৰ্ভগৃহৰ দুৱাৰখন হ'ব সোণৰ । এই মন্দিৰ নিৰ্মাণৰ সামগ্ৰী পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অনা হৈছে। মন্দিৰ নিৰ্মাণৰ বাবে ধনো ভক্তসকলৰ দানৰ পৰা আহিছে।শ্ৰী ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই কয় যে মন্দিৰটো অহা বছৰৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ'ব। ৰাম মন্দিৰৰ নিৰ্মাণ চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। মন্দিৰৰ উদ্বোধনী  অনুষ্ঠানটো ২২ জানুৱাৰীত অনুষ্ঠিত হ'ব। 

শ্ৰী ৰামজন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ মুৰব্বীগৰাকীয়ে  কয়  যে ৰাম মন্দিৰ সমিতিৰ একাউণ্টত এতিয়াও ২,০০০ কোটি টকা জমা  আছে।উল্লেখ্য লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিৰোধীৰ ইণ্ডিয়া মিত্ৰাৰ সৈতে ফেৰ মাৰিবলৈ বিজেপিয়ে ৰাম মন্দিৰৰ বিষয়টো অস্ত্ৰ হিচাবে ল’ব পাৰে।  ৰাম মন্দিৰ নিৰ্মাণৰ সাফল্যৰ কথাৰে  বিজেপি নেতৃত্বই আগন্তুক লোকসভা নিৰ্বাচনত হিন্দু ভোটৰ মেৰুকৰণ কৰাৰ লক্ষ্য কৰি লৈছে বুলিও বহুতে মন্তব্য কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু