--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী ছাৰিকাই খ্যাতিৰ কঠিন পথ আৰু জীৱনটো কেনেকৈ নতুনকৈ আৰম্ভ কৰিবলগীয়া হৈছিল সেই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে। ছাৰিকা অভিনেত্ৰী হোৱাৰ লগতে তেওঁ জনপ্ৰিয় অভিনেতা কামাল হাছানৰ প্ৰাক্তন পত্নী। ছাৰিকাই কয় যে অভিনেতা কামাল হাছানৰ সৈতে বিচ্ছেদ হোৱাৰ সময়ত হাতত একেবাৰেই টকা নোহোৱাকৈ তেওঁ ঘৰ এৰি আহিছিল। ২১ বছৰ বয়সত জীৱন আৰু কেৰিয়াৰৰ আৰম্ভণিৰ কথা কয় ছাৰিকাই।

ছিমি গৰেৱালৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছাৰিকাই কয় "মই মাত্ৰ এনেকুৱা এটা কাম কৰিলোঁ যিটো সঁচাকৈয়ে মোৰ আৰু মোৰ মাৰ বাবে ভাল আছিল। এইটো কৰা উচিত আছিল। এনে সিদ্ধান্ত ৰাতিটোৰ ভিতৰতে ল’ব নোৱাৰি। মাত্ৰ ৬০ টকা লৈ ঘৰৰ পৰা ওলাই আহিছিলো মই। 

ছাৰিকাই লগতে কয় "এইটো বৰ কঠিন সিদ্ধান্ত আছিল। মোৰ আহাৰ ক'ৰ পৰা আহিব সেইটোও মই ভবা নাছিলো। মই মাত্ৰ বন্ধুসকলৰ লগত থাকিলোঁ তেওঁলোকৰ ঘৰলৈ গৈছিলো, তেওঁলোকৰ ঘৰত গা ধুইছিলো আৰু ৰাতি মই মোৰ গাড়ীত শুইছিলো।" 

ছাকিৰাই পুৰণি দিনবোৰ সুঁৱৰি কয় "যেতিয়া আপুনি সঁচাকৈয়ে কিবা এটা কৰিবলৈ প্ৰয়োজনবোধ কৰে, তেতিয়া শক্তি আহে। এনেকুৱা কিছুমান সময় আহে, তেতিয়া আপুনি শক্তি থকাৰ অভিনয় কৰিবলৈ চেষ্টা নকৰে, আপুনি মাত্ৰ শক্তিৰ মাজেৰেই যায়। মই মোৰ এই কথা কাকো কোৱা নাছিলো।"

আমোদজনক কথাটো হ’ল, সাক্ষাৎকাৰৰ সময়ত কমল হাছানো ছাৰিকাৰ সৈতে উপস্থিত আছিল আৰু কমল হাছানে উল্লেখ কৰিছিল যে তেওঁ ছাৰিকাৰ অৱস্থাৰ বিষয়ে বহু পাছতহে জানিব পাৰিছিল। কামাল হাছানে কয় “ছাৰিকাই কেতিয়াও সহানুভূতি বিচৰা নাছিল৷ মোৰ দৰে কোনোবাই তেওঁক সহায়ৰ প্ৰয়োজন নেকি বুলি সুধিলে তেওঁ বৰ অপমানজনক বোধ কৰিছিল।”

উল্লেখ্য যে কামাল হাছান আৰু ছাৰিকাৰ মাজত যেতিয়া প্ৰেম হৈছিল তেতিয়া কামাল হাছান বিবাহিত আছিল। বাণী গণপতি কামাল হাছানৰ প্ৰথম পত্নী। ১৯৭৮ চনৰ পৰা ১৯৮৮ চনলৈকে বাণীৰ সৈতে সংসাৰ কৰিছিল কামাল হাছানে। ১৯৮৮ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। 
Kamal Haasan had refused to give his ex-wife used items after divorce
কামাল হাছানৰ প্ৰথম পত্নী বাণী গণপতি

১৯৮৮ চনতে ছাৰিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় কামাল হাছান। ১৬ বছৰ একেলগে থকাৰ পাছত ২০০৪ চনত কামাল হাছান আৰু ছাৰিকাৰ বিবাহ বিচ্ছেদ হয়। 
কামাল হাছান আৰু ছাৰিকাৰ দুই কন্যা সন্তানৰ নাম শ্ৰুতি হাছান আৰু অক্ষৰা হাছান। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক