--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী ছাৰিকাই খ্যাতিৰ কঠিন পথ আৰু জীৱনটো কেনেকৈ নতুনকৈ আৰম্ভ কৰিবলগীয়া হৈছিল সেই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে। ছাৰিকা অভিনেত্ৰী হোৱাৰ লগতে তেওঁ জনপ্ৰিয় অভিনেতা কামাল হাছানৰ প্ৰাক্তন পত্নী। ছাৰিকাই কয় যে অভিনেতা কামাল হাছানৰ সৈতে বিচ্ছেদ হোৱাৰ সময়ত হাতত একেবাৰেই টকা নোহোৱাকৈ তেওঁ ঘৰ এৰি আহিছিল। ২১ বছৰ বয়সত জীৱন আৰু কেৰিয়াৰৰ আৰম্ভণিৰ কথা কয় ছাৰিকাই।

ছিমি গৰেৱালৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছাৰিকাই কয় "মই মাত্ৰ এনেকুৱা এটা কাম কৰিলোঁ যিটো সঁচাকৈয়ে মোৰ আৰু মোৰ মাৰ বাবে ভাল আছিল। এইটো কৰা উচিত আছিল। এনে সিদ্ধান্ত ৰাতিটোৰ ভিতৰতে ল’ব নোৱাৰি। মাত্ৰ ৬০ টকা লৈ ঘৰৰ পৰা ওলাই আহিছিলো মই। 

ছাৰিকাই লগতে কয় "এইটো বৰ কঠিন সিদ্ধান্ত আছিল। মোৰ আহাৰ ক'ৰ পৰা আহিব সেইটোও মই ভবা নাছিলো। মই মাত্ৰ বন্ধুসকলৰ লগত থাকিলোঁ তেওঁলোকৰ ঘৰলৈ গৈছিলো, তেওঁলোকৰ ঘৰত গা ধুইছিলো আৰু ৰাতি মই মোৰ গাড়ীত শুইছিলো।" 

ছাকিৰাই পুৰণি দিনবোৰ সুঁৱৰি কয় "যেতিয়া আপুনি সঁচাকৈয়ে কিবা এটা কৰিবলৈ প্ৰয়োজনবোধ কৰে, তেতিয়া শক্তি আহে। এনেকুৱা কিছুমান সময় আহে, তেতিয়া আপুনি শক্তি থকাৰ অভিনয় কৰিবলৈ চেষ্টা নকৰে, আপুনি মাত্ৰ শক্তিৰ মাজেৰেই যায়। মই মোৰ এই কথা কাকো কোৱা নাছিলো।"

আমোদজনক কথাটো হ’ল, সাক্ষাৎকাৰৰ সময়ত কমল হাছানো ছাৰিকাৰ সৈতে উপস্থিত আছিল আৰু কমল হাছানে উল্লেখ কৰিছিল যে তেওঁ ছাৰিকাৰ অৱস্থাৰ বিষয়ে বহু পাছতহে জানিব পাৰিছিল। কামাল হাছানে কয় “ছাৰিকাই কেতিয়াও সহানুভূতি বিচৰা নাছিল৷ মোৰ দৰে কোনোবাই তেওঁক সহায়ৰ প্ৰয়োজন নেকি বুলি সুধিলে তেওঁ বৰ অপমানজনক বোধ কৰিছিল।”

উল্লেখ্য যে কামাল হাছান আৰু ছাৰিকাৰ মাজত যেতিয়া প্ৰেম হৈছিল তেতিয়া কামাল হাছান বিবাহিত আছিল। বাণী গণপতি কামাল হাছানৰ প্ৰথম পত্নী। ১৯৭৮ চনৰ পৰা ১৯৮৮ চনলৈকে বাণীৰ সৈতে সংসাৰ কৰিছিল কামাল হাছানে। ১৯৮৮ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। 
Kamal Haasan had refused to give his ex-wife used items after divorce
কামাল হাছানৰ প্ৰথম পত্নী বাণী গণপতি

১৯৮৮ চনতে ছাৰিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় কামাল হাছান। ১৬ বছৰ একেলগে থকাৰ পাছত ২০০৪ চনত কামাল হাছান আৰু ছাৰিকাৰ বিবাহ বিচ্ছেদ হয়। 
কামাল হাছান আৰু ছাৰিকাৰ দুই কন্যা সন্তানৰ নাম শ্ৰুতি হাছান আৰু অক্ষৰা হাছান। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু