--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌনগন্ধী ফটো  আদিৰে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা অভিনেত্ৰী উৰ্ফি জাভেদ "মিছলীয়া  " আখ্যা দিলে লেখক চেতন ভগতে৷ চেতন ভগত আৰু উৰ্ফি জাভেদৰ বাক্যবাণ এতিয়াও তংগত উঠিছে। এইবাৰ লেখকে ভগতে নিজৰ সমৰ্থনত টুইট কৰি উৰ্ফি জাভেদক কটাক্ষ ৰাৰ লগতে সমলোচনাও কৰিছে৷ অৱশ্যে, উৰ্ফিৰ  তৰফৰ পৰা কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া এতিয়ালৈে  প্ৰকাশ কৰা  নাই।

এটা অনুষ্ঠানত ভাৰতীয় যুৱ প্ৰজন্ম সম্পৰ্কে চেতন ভগতৰ মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। উৰ্ফি জাভেদক সমালোচনা কৰি চেতন ভগতকয়, "আজিৰ যুৱক-যুৱতীসকলে  ছবি এখন কিয়   ভাল পাব লাগে সেয়া জানে। উৰ্ফিৰ ছবিত লাইকৰ বানপানী আহিছে। কিন্তু যিটো সময়ত দেশৰ সৈন্যসকলে সীমান্তত  দেশক সুৰক্ষা দি আছে, সেই সময়তে বহু যুৱক-যুৱতীয়ে   কম্বলৰ তলত সোমাই উৰ্ফিৰ ছবি চাই আছে। "উৰ্ফিৰ যৌনগন্ধী কাৰ্য-কলাপৰ বিৰোধিতা কৰিয়েই লেখক চেতন ভগতে এনেদৰে কৈছিল৷ 

কিন্তু এই কথাতে ক্ষুদ্ধ হৈ উৰ্ফিয়ে   লেখকগৰাকীৰ  মানসিকতাকলৈ  প্ৰশ্ন কৰিছে।উৰ্ফিয়ে কয়  "চেতন ভগতৰ দৰে লেখকে সদায় ছোৱালীৰ দোষ বিচাৰি থাকে। তেওঁ এগৰাকী মহিলাক তেওঁৰ  পোছাকৰ দ্বাৰা বিচাৰ কৰে। এয়া ছোৱালী এজনীৰ দোষ নহয়, এয়া তেওঁৰহে  বিকৃতি। তেওঁ অপ্ৰয়োজনীয়ভাৱে মোৰ নাম ব্যৱহাৰ কৰিছে। এয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক।" উৰ্ফিয়ে চেতন ভগতৰ বিৰুদ্ধে #MeToo অভিযোগৰ হোৱাটছএপো শ্বেয়াৰ কৰে৷ 

উৰ্ফিৰ মন্তব্যই লেখক চেতন ভগতৰ  দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ ওলোটাই এটা টুইটত কৈছে যে নেটৱৰ্ল্ডত উৰ্ফিয়ে প্ৰকাশ কৰা হোৱাটছএপৰ স্ক্ৰীণশ্বটসমূহ সম্পূৰ্ণৰূপে ভুৱা ।সেয়া  সম্পূৰ্ণ ভিত্তিহীন। 
উল্লেখ্য  উৰ্ফিৰ জন্ম লক্ষ্ণৌত হৈছিল। তাত অধ্যয়ন কৰি আছে ২০১৬ চনত, তেওঁ ধাৰাবাহিক 'বড়ে ভাইয়া কি দুলহানিয়া'ত অৱনীৰ চৰিত্ৰত অভিনয় কৰি গ্লেমাৰ জগতত যাত্ৰা আৰম্ভ কৰিছিল। 

তেতিয়াৰে পৰা  তেওঁ টেলিভিছনত  কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে। উৰ্ফিৱে ৱেব শৃংখলাতো অভিনয় কৰিছে। তেওঁ 'বিগ বছ অ'টিটি' অনুষ্ঠানটোৰ প্ৰতিযোগী আছিল। কিন্তু শেহতীয়াকৈ  উৰ্ফিৰ খ্যাতি এজন সামাজিক মাধ্যমৰ তাৰকা হিচাপেহে হৈছে। 

জনপ্ৰিয়তা বজাই ৰাখিবলৈ উৰ্ফিয়ে প্ৰতিদিনে কিবা নহয় কিবা এটা কৰি সংবাদমা্যমৰ শিৰোনাম দখল কৰি আহিছে৷ উৰ্ফি জাভেদৰ ইনষ্টাগ্ৰামত ৩৭ লাখতকৈও অধিক অনুসৰণকাৰী আছে। নিন্দুকৰ সংখ্যাও কম নহয়। অৱশ্যে, অভিনেত্ৰীগৰাকীয়ে এনেবোৰ কথালৈ  বেছি গুৰুত্ব নিদিয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু