--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌনগন্ধী ফটো  আদিৰে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা অভিনেত্ৰী উৰ্ফি জাভেদ "মিছলীয়া  " আখ্যা দিলে লেখক চেতন ভগতে৷ চেতন ভগত আৰু উৰ্ফি জাভেদৰ বাক্যবাণ এতিয়াও তংগত উঠিছে। এইবাৰ লেখকে ভগতে নিজৰ সমৰ্থনত টুইট কৰি উৰ্ফি জাভেদক কটাক্ষ ৰাৰ লগতে সমলোচনাও কৰিছে৷ অৱশ্যে, উৰ্ফিৰ  তৰফৰ পৰা কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া এতিয়ালৈে  প্ৰকাশ কৰা  নাই।

এটা অনুষ্ঠানত ভাৰতীয় যুৱ প্ৰজন্ম সম্পৰ্কে চেতন ভগতৰ মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। উৰ্ফি জাভেদক সমালোচনা কৰি চেতন ভগতকয়, "আজিৰ যুৱক-যুৱতীসকলে  ছবি এখন কিয়   ভাল পাব লাগে সেয়া জানে। উৰ্ফিৰ ছবিত লাইকৰ বানপানী আহিছে। কিন্তু যিটো সময়ত দেশৰ সৈন্যসকলে সীমান্তত  দেশক সুৰক্ষা দি আছে, সেই সময়তে বহু যুৱক-যুৱতীয়ে   কম্বলৰ তলত সোমাই উৰ্ফিৰ ছবি চাই আছে। "উৰ্ফিৰ যৌনগন্ধী কাৰ্য-কলাপৰ বিৰোধিতা কৰিয়েই লেখক চেতন ভগতে এনেদৰে কৈছিল৷ 

কিন্তু এই কথাতে ক্ষুদ্ধ হৈ উৰ্ফিয়ে   লেখকগৰাকীৰ  মানসিকতাকলৈ  প্ৰশ্ন কৰিছে।উৰ্ফিয়ে কয়  "চেতন ভগতৰ দৰে লেখকে সদায় ছোৱালীৰ দোষ বিচাৰি থাকে। তেওঁ এগৰাকী মহিলাক তেওঁৰ  পোছাকৰ দ্বাৰা বিচাৰ কৰে। এয়া ছোৱালী এজনীৰ দোষ নহয়, এয়া তেওঁৰহে  বিকৃতি। তেওঁ অপ্ৰয়োজনীয়ভাৱে মোৰ নাম ব্যৱহাৰ কৰিছে। এয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক।" উৰ্ফিয়ে চেতন ভগতৰ বিৰুদ্ধে #MeToo অভিযোগৰ হোৱাটছএপো শ্বেয়াৰ কৰে৷ 

উৰ্ফিৰ মন্তব্যই লেখক চেতন ভগতৰ  দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ ওলোটাই এটা টুইটত কৈছে যে নেটৱৰ্ল্ডত উৰ্ফিয়ে প্ৰকাশ কৰা হোৱাটছএপৰ স্ক্ৰীণশ্বটসমূহ সম্পূৰ্ণৰূপে ভুৱা ।সেয়া  সম্পূৰ্ণ ভিত্তিহীন। 
উল্লেখ্য  উৰ্ফিৰ জন্ম লক্ষ্ণৌত হৈছিল। তাত অধ্যয়ন কৰি আছে ২০১৬ চনত, তেওঁ ধাৰাবাহিক 'বড়ে ভাইয়া কি দুলহানিয়া'ত অৱনীৰ চৰিত্ৰত অভিনয় কৰি গ্লেমাৰ জগতত যাত্ৰা আৰম্ভ কৰিছিল। 

তেতিয়াৰে পৰা  তেওঁ টেলিভিছনত  কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে। উৰ্ফিৱে ৱেব শৃংখলাতো অভিনয় কৰিছে। তেওঁ 'বিগ বছ অ'টিটি' অনুষ্ঠানটোৰ প্ৰতিযোগী আছিল। কিন্তু শেহতীয়াকৈ  উৰ্ফিৰ খ্যাতি এজন সামাজিক মাধ্যমৰ তাৰকা হিচাপেহে হৈছে। 

জনপ্ৰিয়তা বজাই ৰাখিবলৈ উৰ্ফিয়ে প্ৰতিদিনে কিবা নহয় কিবা এটা কৰি সংবাদমা্যমৰ শিৰোনাম দখল কৰি আহিছে৷ উৰ্ফি জাভেদৰ ইনষ্টাগ্ৰামত ৩৭ লাখতকৈও অধিক অনুসৰণকাৰী আছে। নিন্দুকৰ সংখ্যাও কম নহয়। অৱশ্যে, অভিনেত্ৰীগৰাকীয়ে এনেবোৰ কথালৈ  বেছি গুৰুত্ব নিদিয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক