--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাই কম সময়ৰ ভিতৰতে মানুহৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে। পুষ্পা ছবিৰ পাছত পান ইণ্ডিয়াত তেওঁৰ ফ’ল’ৱাৰ বাঢ়ি অহাত মানুহে তেওঁক ‘নেশ্যনেল ক্ৰাছ’ বুলি ক’বলৈ ধৰিলে। অৱশ্যে ইয়াৰ মাজতে অভিনেত্ৰীগৰাকী বৰ্তমান ডাঙৰ বিপদত পৰিছে। যোৱা কেইদিনমানৰ পৰা ৰশ্মিকাক সকলো ভুল কাৰণত বাতৰিৰ শিৰোনাম দখল কৰিছে। যদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ সকলো তথ্য সচা হয় তেন্তে কানাড়া চলচ্চিত্ৰ উদ্যোগে অভিনেত্ৰীগৰাকীক নিষিদ্ধ কৰিব পাৰে, যাৰ ফলত তেওঁৰ আগন্তুক ছবিসমূহত প্ৰভাৱ পৰিব পাৰে। কিন্তু কিয়? জানো আহক।

আচলতে কানাড়া পৰিচালক-প্ৰযোজক ৰক্ষিত ছেট্টিৰ প্ৰতি কৰা আচৰণৰ বাবে ৰশ্মিকা মাণ্ডন্নাক নিষিদ্ধ কৰা হ’ব পাৰে বুলি খবৰ ওলাইছে। দৰাচলতে ৰশ্মিকাই যেতিয়া এক সাক্ষাৎকাৰত অভিনেতা হোৱাৰ যাত্ৰাৰ কথা প্ৰকাশ কৰিছিল তেতিয়া তেওঁ প্ৰথমখন ছবিৰ কথা উল্লেখ কৰিছিল যদিও প্ৰডাকচন হাউচ পৰমৱা ষ্টুডিঅ’ৰ নাম লোৱাৰ পৰা বিৰত আছিল।পৰমৱা ষ্টুডিঅ’ৰ মালিক তেওঁৰ প্ৰাক্তন  বন্ধু ৰক্ষিত ছেট্টি। অভিনেত্ৰীগৰাকীৰ এই কথাটো মানুহে ভাল নাপালে আৰু ইয়াৰ বাবেই ইণ্টাৰনেটত তেওঁৰ ট্ৰ’ল হ’বলৈ ধৰিলে।

উল্লেখযোগ্য যে ৰশ্মিকা আৰু ৰক্ষিতৰ বহুদিনৰ সম্পৰ্ক আছিল। দুয়োৰে এংগেজমেণ্টো হৈছিল যদিও পাছত তেওঁলোকৰ সম্পৰ্ক শেষ হৈ যায়। কিন্তু ইয়াৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই। ৰক্ষিত ছেট্টীৰ কানাড়া ছবি কিৰিক পাৰ্টিৰ জৰিয়তে ৰশ্মিকা মাণ্ডন্নাই নিজৰ চলচ্চিত্ৰ যাত্ৰা আৰম্ভ কৰে। এই ছবিখনে তেওঁক ৰাতিটোৰ ভিতৰতে তাৰকা কৰি তুলিলে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰশ্মিকাৰ আচৰণে অনুৰাগীক ক্ষুব্ধ কৰি তুলিছে। এতিয়া বলীউড লাইফত প্ৰকাশিত এক বাতৰি অনুসৰি কানাড়া থিয়েটাৰৰ মালিকে ৰশ্মিকা মণ্ডন্নাক তেওঁৰ আচৰণৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ তেওঁৰ আগন্তুক ছবি পুষ্পা ২ আৰু বৰিছুত পৰিব পাৰে।

শেহতীয়াকৈ কান্তৰাৰ খ্যাতি ঋষভ ছেট্টিয়েও ইংগিত দিছে যে তেওঁ ৰশ্মিকা মাণ্ডন্নাৰ সৈতে কাম কৰিব নিবিচাৰে। এটা সাক্ষাৎকাৰত যেতিয়া ঋষভক ৰশ্মিকা, সামন্ত ৰুথ প্ৰভু, কীৰ্তি সুৰেশ আৰু ছাই পল্লৱীৰ বিষয়ে সোধা হৈছিল, যাৰ লগত তেওঁ কাম কৰিব বিচাৰিব, তেতিয়া তেওঁ কয়, "এনে অভিনেতা মোৰ ভাল নালাগে। কিন্তু, চাই পল্লৱ জী মোৰ ভাল লাগে।"আৰু সামান্থা জীৰ কামো মোৰ বৰ ভাল লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক