--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাই কম সময়ৰ ভিতৰতে মানুহৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে। পুষ্পা ছবিৰ পাছত পান ইণ্ডিয়াত তেওঁৰ ফ’ল’ৱাৰ বাঢ়ি অহাত মানুহে তেওঁক ‘নেশ্যনেল ক্ৰাছ’ বুলি ক’বলৈ ধৰিলে। অৱশ্যে ইয়াৰ মাজতে অভিনেত্ৰীগৰাকী বৰ্তমান ডাঙৰ বিপদত পৰিছে। যোৱা কেইদিনমানৰ পৰা ৰশ্মিকাক সকলো ভুল কাৰণত বাতৰিৰ শিৰোনাম দখল কৰিছে। যদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ সকলো তথ্য সচা হয় তেন্তে কানাড়া চলচ্চিত্ৰ উদ্যোগে অভিনেত্ৰীগৰাকীক নিষিদ্ধ কৰিব পাৰে, যাৰ ফলত তেওঁৰ আগন্তুক ছবিসমূহত প্ৰভাৱ পৰিব পাৰে। কিন্তু কিয়? জানো আহক।

আচলতে কানাড়া পৰিচালক-প্ৰযোজক ৰক্ষিত ছেট্টিৰ প্ৰতি কৰা আচৰণৰ বাবে ৰশ্মিকা মাণ্ডন্নাক নিষিদ্ধ কৰা হ’ব পাৰে বুলি খবৰ ওলাইছে। দৰাচলতে ৰশ্মিকাই যেতিয়া এক সাক্ষাৎকাৰত অভিনেতা হোৱাৰ যাত্ৰাৰ কথা প্ৰকাশ কৰিছিল তেতিয়া তেওঁ প্ৰথমখন ছবিৰ কথা উল্লেখ কৰিছিল যদিও প্ৰডাকচন হাউচ পৰমৱা ষ্টুডিঅ’ৰ নাম লোৱাৰ পৰা বিৰত আছিল।পৰমৱা ষ্টুডিঅ’ৰ মালিক তেওঁৰ প্ৰাক্তন  বন্ধু ৰক্ষিত ছেট্টি। অভিনেত্ৰীগৰাকীৰ এই কথাটো মানুহে ভাল নাপালে আৰু ইয়াৰ বাবেই ইণ্টাৰনেটত তেওঁৰ ট্ৰ’ল হ’বলৈ ধৰিলে।

উল্লেখযোগ্য যে ৰশ্মিকা আৰু ৰক্ষিতৰ বহুদিনৰ সম্পৰ্ক আছিল। দুয়োৰে এংগেজমেণ্টো হৈছিল যদিও পাছত তেওঁলোকৰ সম্পৰ্ক শেষ হৈ যায়। কিন্তু ইয়াৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই। ৰক্ষিত ছেট্টীৰ কানাড়া ছবি কিৰিক পাৰ্টিৰ জৰিয়তে ৰশ্মিকা মাণ্ডন্নাই নিজৰ চলচ্চিত্ৰ যাত্ৰা আৰম্ভ কৰে। এই ছবিখনে তেওঁক ৰাতিটোৰ ভিতৰতে তাৰকা কৰি তুলিলে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰশ্মিকাৰ আচৰণে অনুৰাগীক ক্ষুব্ধ কৰি তুলিছে। এতিয়া বলীউড লাইফত প্ৰকাশিত এক বাতৰি অনুসৰি কানাড়া থিয়েটাৰৰ মালিকে ৰশ্মিকা মণ্ডন্নাক তেওঁৰ আচৰণৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ তেওঁৰ আগন্তুক ছবি পুষ্পা ২ আৰু বৰিছুত পৰিব পাৰে।

শেহতীয়াকৈ কান্তৰাৰ খ্যাতি ঋষভ ছেট্টিয়েও ইংগিত দিছে যে তেওঁ ৰশ্মিকা মাণ্ডন্নাৰ সৈতে কাম কৰিব নিবিচাৰে। এটা সাক্ষাৎকাৰত যেতিয়া ঋষভক ৰশ্মিকা, সামন্ত ৰুথ প্ৰভু, কীৰ্তি সুৰেশ আৰু ছাই পল্লৱীৰ বিষয়ে সোধা হৈছিল, যাৰ লগত তেওঁ কাম কৰিব বিচাৰিব, তেতিয়া তেওঁ কয়, "এনে অভিনেতা মোৰ ভাল নালাগে। কিন্তু, চাই পল্লৱ জী মোৰ ভাল লাগে।"আৰু সামান্থা জীৰ কামো মোৰ বৰ ভাল লাগে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...