--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ বেগুছৰাইৰ মুণ্ডন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা পাঁচজন যুৱকৰ গা ধুই থকা অৱস্থাত গংগা নদীত ডুব গৈ মৃত্যু হয়। স্থানীয় ডুবাৰুৰ সহায়ত উদ্ধাৰ হৈছে পাঁচজন যুৱকৰ মৃতদেহ। 

সমগ্ৰ ঘটনা সংঘটিত হৈছে চকীয়া থানা এলেকাৰ অন্তৰ্গত ছিমৰিয়া গংগা ঘাটত। জানিব পৰা মতে, বৰাউনীৰ বাসিন্দা ৰাজু শ্বাহৰ পুত্ৰই সোমবাৰে মুণ্ডন সংস্কাৰ পাতিছিল। এই মুণ্ডনত অংশগ্ৰহণ কৰিবলৈ তেওঁৰ পৰিয়ালৰ লোক আৰু আন মানুহ ছিমৰিয়ালৈ গৈছিল।

গংগাত গা ধুবলৈ গৈ ৬ জন যুৱক অতি দ পানীত সোমাইছিল। এই সময়ছোৱাত এজন যুৱক পানীত ডুব যাবলৈ ধৰিলে। সকলো বন্ধুৱে তেওঁক বচাবলৈ গ’ল। ফলত আটাইকেইজন নদীত ডুব যায়। ৫ জনেই মৃত্যুক সাৱটি লয়। আনহাতে, এজন যুৱকক ডুবাৰুৱে ৰক্ষা কৰিলে। 

নিহতসকলৰ ভিতৰত আছে সনু শ্বাহৰ দুই পুত্ৰ ৰোহিত কুমাৰ আৰু বাবু চাহেবৰ লগতে চন্দন ৰামৰ পুত্ৰ দূত্য কুমাৰ, প্ৰকাশ মিশ্ৰৰ পুত্ৰ ওম মিশ্ৰ আৰু অধিকাৰ সাহৰ পুত্ৰ অজয় ​​কুমাৰ।


ঘটনাৰ তথ্য পোৱাৰ লগে লগে চকীয়া আৰক্ষী সেই স্থানত উপস্থিত হৈ সকলো মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে সদৰ হাস্পতাল বেগুছৰাইলৈ প্ৰেৰণ কৰে। একেলগে পাঁচজন যুৱকৰ মৃত্যুৰ বাবেই গাঁওখনত শোকৰ পৰিৱেশৰ সৃষ্টি হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু