--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ বেগুছৰাইৰ মুণ্ডন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা পাঁচজন যুৱকৰ গা ধুই থকা অৱস্থাত গংগা নদীত ডুব গৈ মৃত্যু হয়। স্থানীয় ডুবাৰুৰ সহায়ত উদ্ধাৰ হৈছে পাঁচজন যুৱকৰ মৃতদেহ। 

সমগ্ৰ ঘটনা সংঘটিত হৈছে চকীয়া থানা এলেকাৰ অন্তৰ্গত ছিমৰিয়া গংগা ঘাটত। জানিব পৰা মতে, বৰাউনীৰ বাসিন্দা ৰাজু শ্বাহৰ পুত্ৰই সোমবাৰে মুণ্ডন সংস্কাৰ পাতিছিল। এই মুণ্ডনত অংশগ্ৰহণ কৰিবলৈ তেওঁৰ পৰিয়ালৰ লোক আৰু আন মানুহ ছিমৰিয়ালৈ গৈছিল।

গংগাত গা ধুবলৈ গৈ ৬ জন যুৱক অতি দ পানীত সোমাইছিল। এই সময়ছোৱাত এজন যুৱক পানীত ডুব যাবলৈ ধৰিলে। সকলো বন্ধুৱে তেওঁক বচাবলৈ গ’ল। ফলত আটাইকেইজন নদীত ডুব যায়। ৫ জনেই মৃত্যুক সাৱটি লয়। আনহাতে, এজন যুৱকক ডুবাৰুৱে ৰক্ষা কৰিলে। 

নিহতসকলৰ ভিতৰত আছে সনু শ্বাহৰ দুই পুত্ৰ ৰোহিত কুমাৰ আৰু বাবু চাহেবৰ লগতে চন্দন ৰামৰ পুত্ৰ দূত্য কুমাৰ, প্ৰকাশ মিশ্ৰৰ পুত্ৰ ওম মিশ্ৰ আৰু অধিকাৰ সাহৰ পুত্ৰ অজয় ​​কুমাৰ।


ঘটনাৰ তথ্য পোৱাৰ লগে লগে চকীয়া আৰক্ষী সেই স্থানত উপস্থিত হৈ সকলো মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে সদৰ হাস্পতাল বেগুছৰাইলৈ প্ৰেৰণ কৰে। একেলগে পাঁচজন যুৱকৰ মৃত্যুৰ বাবেই গাঁওখনত শোকৰ পৰিৱেশৰ সৃষ্টি হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ