--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত এতিয়া ভয়াৱহ পৰিস্থিতিয়ে বিৰাজ কৰিছে। ৰাজধানী চহৰ খনত এতিয়া তাপমাত্ৰা 
 ৪৭ ডিগ্ৰী চেলচিয়াছ  হৈছে। ফলত প্ৰচণ্ড  হিটৱেভৰ গ্ৰাসত পৰিছে দিল্লী। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই  পৰৱৰ্তী পাঁচ দিনত দিল্লীত উত্তাপ আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে।  

 দিল্লীৰ কিছু অংশত পাৰাস্তম্ভই  আজি আকৌ এবাৰ ৪৭ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে  (আইএমডি) দিল্লীত  'ৰেড এলাৰ্ট' জাৰি  কৰিছে।  হিটৱেভৰ বাবেই  ৰাষ্ট্ৰীয় ৰাজধানী খনত  বিদ্যুতৰ চাহিদা সৰ্বাধিক কৰি তুলিছে।   গৰমৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক ৰক্ষা কৰিবলৈ চৰকাৰে অঞ্চলটোৰ বিদ্যালয়সমূহক গ্ৰীষ্মকালীন বন্ধবোৰ তাৎক্ষণিক ভাবে  নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছে। দিল্লীত  যোৱা কেইদিনমানৰ পৰা অধিক গৰম হৈ আহিছে। চহৰ খনত  দেওবাৰে তাপমাত্ৰা ৪৪.৪ ডিগ্ৰী চেলচিয়াছ আছিল। শনিবাৰে তাপমাত্ৰা  আছিল ৪৩.৬  ডিগ্ৰী চেলচিয়াছ, শুকুৰবাৰে ৪২.৫ ডিগ্ৰী চেলচিয়াছৰ  আছিল যদিও মঙলবাৰে তাপমাত্ৰা ৪৭ ডিগ্ৰী চেলচিয়াছ হয়গৈ ।

 দক্ষিণ-পশ্চিম দিল্লীৰ নজফগড়ত সোমবাৰে তাপমাত্ৰা ৪৭.৪  ডিগ্ৰী চেলচিয়াছ হয়।   দেওবাৰে তাত তাপমাত্ৰা আছিল ৪৭.৮ ডিগ্ৰী চেলচিয়াছতকৈ অলপ কম, যি এই ঋতুত এতিয়ালৈকে দেশৰ ভিতৰতে সৰ্বাধিক তাপমাত্ৰা হিচাবে পৰিগণিত হৈছে। ইফালে, মুংগেশপুৰত ৪৭.১ ডিগ্ৰী, আয়া নগৰত ৪৫.৭ ডিগ্ৰী, পুছাত ৪৬.১ ডিগ্ৰী, পীতাম্পুৰাত ৪৬.৬ ডিগ্ৰী আৰু পালমত ৪৬.৬ ডিগ্ৰী ৰেকৰ্ড কৰা হৈছে।   এক বিজ্ঞপ্তিত দিল্লীৰ শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ দিছে যে চলিত শিক্ষাবৰ্ষৰ বাবে সকলো বিদ্যালয়  ১১ মে'ৰ পৰা ৩০ জুনলৈ গ্ৰীষ্মকালীন বন্ধ পালন কৰিবলৈ নিৰ্দেশ দিয়া হ'ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ