--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত এতিয়া ভয়াৱহ পৰিস্থিতিয়ে বিৰাজ কৰিছে। ৰাজধানী চহৰ খনত এতিয়া তাপমাত্ৰা 
 ৪৭ ডিগ্ৰী চেলচিয়াছ  হৈছে। ফলত প্ৰচণ্ড  হিটৱেভৰ গ্ৰাসত পৰিছে দিল্লী। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই  পৰৱৰ্তী পাঁচ দিনত দিল্লীত উত্তাপ আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে।  

 দিল্লীৰ কিছু অংশত পাৰাস্তম্ভই  আজি আকৌ এবাৰ ৪৭ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে  (আইএমডি) দিল্লীত  'ৰেড এলাৰ্ট' জাৰি  কৰিছে।  হিটৱেভৰ বাবেই  ৰাষ্ট্ৰীয় ৰাজধানী খনত  বিদ্যুতৰ চাহিদা সৰ্বাধিক কৰি তুলিছে।   গৰমৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক ৰক্ষা কৰিবলৈ চৰকাৰে অঞ্চলটোৰ বিদ্যালয়সমূহক গ্ৰীষ্মকালীন বন্ধবোৰ তাৎক্ষণিক ভাবে  নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছে। দিল্লীত  যোৱা কেইদিনমানৰ পৰা অধিক গৰম হৈ আহিছে। চহৰ খনত  দেওবাৰে তাপমাত্ৰা ৪৪.৪ ডিগ্ৰী চেলচিয়াছ আছিল। শনিবাৰে তাপমাত্ৰা  আছিল ৪৩.৬  ডিগ্ৰী চেলচিয়াছ, শুকুৰবাৰে ৪২.৫ ডিগ্ৰী চেলচিয়াছৰ  আছিল যদিও মঙলবাৰে তাপমাত্ৰা ৪৭ ডিগ্ৰী চেলচিয়াছ হয়গৈ ।

 দক্ষিণ-পশ্চিম দিল্লীৰ নজফগড়ত সোমবাৰে তাপমাত্ৰা ৪৭.৪  ডিগ্ৰী চেলচিয়াছ হয়।   দেওবাৰে তাত তাপমাত্ৰা আছিল ৪৭.৮ ডিগ্ৰী চেলচিয়াছতকৈ অলপ কম, যি এই ঋতুত এতিয়ালৈকে দেশৰ ভিতৰতে সৰ্বাধিক তাপমাত্ৰা হিচাবে পৰিগণিত হৈছে। ইফালে, মুংগেশপুৰত ৪৭.১ ডিগ্ৰী, আয়া নগৰত ৪৫.৭ ডিগ্ৰী, পুছাত ৪৬.১ ডিগ্ৰী, পীতাম্পুৰাত ৪৬.৬ ডিগ্ৰী আৰু পালমত ৪৬.৬ ডিগ্ৰী ৰেকৰ্ড কৰা হৈছে।   এক বিজ্ঞপ্তিত দিল্লীৰ শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ দিছে যে চলিত শিক্ষাবৰ্ষৰ বাবে সকলো বিদ্যালয়  ১১ মে'ৰ পৰা ৩০ জুনলৈ গ্ৰীষ্মকালীন বন্ধ পালন কৰিবলৈ নিৰ্দেশ দিয়া হ'ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু