--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্ধুলৈ ঘৃণনীয় মেছেজ প্ৰেৰণ কৰাৰ বাবে এগৰাকী মহিলা সন্মুখীন হৈছে মৃত্যুদণ্ডৰ। পাকিস্তানৰ পৰা এটা খবৰ পোহৰলৈ আহিছে য'ত এগৰাকী মহিলাক ঘৃণা বিয়পোৱাৰ গোচৰত মৃত্যুদণ্ড দিয়া হৈছে। মহিলাগৰাকীৰ বিৰুদ্ধে হোৱাটছএপত পয়গম্বৰ মহম্মদৰ বিৰুদ্ধে আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ আছে। গোচৰটো অলপ পুৰণি যদিও শেহতীয়াকৈ চৰ্চাত আহিছে কাৰণ মহিলাগৰাকীক এখন আদালতে শেহতীয়াকৈ মৃত্যুদণ্ডৰ আদেশ দিছে। পাকিস্তানৰ ৰাৱালপিণ্ডি আদালতে দিছে মহিলাগৰাকীক চৰম শাস্তি। ৰাৱালপিণ্ডি আদালতে অভিযোগকাৰী ফাৰুক হাসনাতৰ অভিযোগৰ ওপৰত ৰায় প্ৰদান কৰে। অভিযুক্ত মহিলাগৰাকীক আনিকা আতিক বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে তিনিটা অভিযোগ প্ৰমাণিত হৈছে। মহিলাগৰাকীৰ ওপৰত থকা অভিযোগ অনুসৰি আনিকা আতিকে পয়গম্বৰ মহম্মদৰ প্ৰতি ঘৃণনীয় মন্তব্য দিছিল, ইছলামক অপমান কৰিছিল আৰু চাইবাৰ আইন উলংঘা কৰিছিল। মহিলাগৰাকীয়ে খঙত ২০২০ চনত তেওঁৰ এজন বন্ধু ফাৰুক হাসনাতলৈ হোৱাটছএপত এই নিন্দাৰে ভৰা বাৰ্তা প্ৰেৰণ কৰিছিল। ফাৰুকে আনিকাক বাৰ্তাটো ডিলিট কৰিবলৈ আৰু ক্ষমা খুজিবলৈ কৈছিল কিন্তু আনিকাই অস্বীকাৰ কৰিছিল। আনিকাই বাৰ্তা ডিলিট নকৰাত আৰু ক্ষমা নুখুজাত ফাৰুকে আনিকাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। প্ৰাৰম্ভিক অনুসন্ধানৰ পিছত আৰক্ষীয়ে আনিকাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰে। বিষয়টো পাছত ৰাৱালপিণ্ডি আদালতৰ অধীনলৈ যায় আৰু আদালতে যোৱা বুধবাৰে মহিলাগৰাকীক ফাঁচি দিবলৈ ৰায় প্ৰদান কৰে। প্ৰতিবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে ফাৰুকে ২০২০ চনতেই আনিকা আতিকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল কিন্তু গোচৰটোৰ সকলো দিশ চালি-জাৰি চাই বুধবাৰেহে ইয়াৰ ৰায় প্ৰদান কৰা হয়। উল্লেখ্য যে আনিকা আৰু ফাৰুক আগতে বন্ধু আছিল,কিন্তু তেওঁলোকৰ কিবা কথাক লৈ কাজিয়া হৈছিল আৰু তাৰপাছৰ পৰাই দুয়োৰে মাজত বন্ধুত্ব শেষ হয়। আৰু পঢ়কঃ আজি ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস; জানেনে ইয়াৰ তাৎপৰ্য?  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ