--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্ধুলৈ ঘৃণনীয় মেছেজ প্ৰেৰণ কৰাৰ বাবে এগৰাকী মহিলা সন্মুখীন হৈছে মৃত্যুদণ্ডৰ। পাকিস্তানৰ পৰা এটা খবৰ পোহৰলৈ আহিছে য'ত এগৰাকী মহিলাক ঘৃণা বিয়পোৱাৰ গোচৰত মৃত্যুদণ্ড দিয়া হৈছে। মহিলাগৰাকীৰ বিৰুদ্ধে হোৱাটছএপত পয়গম্বৰ মহম্মদৰ বিৰুদ্ধে আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ আছে। গোচৰটো অলপ পুৰণি যদিও শেহতীয়াকৈ চৰ্চাত আহিছে কাৰণ মহিলাগৰাকীক এখন আদালতে শেহতীয়াকৈ মৃত্যুদণ্ডৰ আদেশ দিছে। পাকিস্তানৰ ৰাৱালপিণ্ডি আদালতে দিছে মহিলাগৰাকীক চৰম শাস্তি। ৰাৱালপিণ্ডি আদালতে অভিযোগকাৰী ফাৰুক হাসনাতৰ অভিযোগৰ ওপৰত ৰায় প্ৰদান কৰে। অভিযুক্ত মহিলাগৰাকীক আনিকা আতিক বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে তিনিটা অভিযোগ প্ৰমাণিত হৈছে। মহিলাগৰাকীৰ ওপৰত থকা অভিযোগ অনুসৰি আনিকা আতিকে পয়গম্বৰ মহম্মদৰ প্ৰতি ঘৃণনীয় মন্তব্য দিছিল, ইছলামক অপমান কৰিছিল আৰু চাইবাৰ আইন উলংঘা কৰিছিল। মহিলাগৰাকীয়ে খঙত ২০২০ চনত তেওঁৰ এজন বন্ধু ফাৰুক হাসনাতলৈ হোৱাটছএপত এই নিন্দাৰে ভৰা বাৰ্তা প্ৰেৰণ কৰিছিল। ফাৰুকে আনিকাক বাৰ্তাটো ডিলিট কৰিবলৈ আৰু ক্ষমা খুজিবলৈ কৈছিল কিন্তু আনিকাই অস্বীকাৰ কৰিছিল। আনিকাই বাৰ্তা ডিলিট নকৰাত আৰু ক্ষমা নুখুজাত ফাৰুকে আনিকাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। প্ৰাৰম্ভিক অনুসন্ধানৰ পিছত আৰক্ষীয়ে আনিকাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰে। বিষয়টো পাছত ৰাৱালপিণ্ডি আদালতৰ অধীনলৈ যায় আৰু আদালতে যোৱা বুধবাৰে মহিলাগৰাকীক ফাঁচি দিবলৈ ৰায় প্ৰদান কৰে। প্ৰতিবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে ফাৰুকে ২০২০ চনতেই আনিকা আতিকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল কিন্তু গোচৰটোৰ সকলো দিশ চালি-জাৰি চাই বুধবাৰেহে ইয়াৰ ৰায় প্ৰদান কৰা হয়। উল্লেখ্য যে আনিকা আৰু ফাৰুক আগতে বন্ধু আছিল,কিন্তু তেওঁলোকৰ কিবা কথাক লৈ কাজিয়া হৈছিল আৰু তাৰপাছৰ পৰাই দুয়োৰে মাজত বন্ধুত্ব শেষ হয়। আৰু পঢ়কঃ আজি ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস; জানেনে ইয়াৰ তাৎপৰ্য?  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু