--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মুক্তিস্বপ্নৰ প্ৰাণ প্ৰতিষ্ঠাতা, দুৰ্জেয় সেনানী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি আজি কলকাতাত এই বৰ্ষৰ নেতাজী বঁটা প্ৰদান কৰা হয়৷ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেক নেতাজী বঁটা, ২০২২ প্ৰদান কৰা হৈছে৷
কলকাতাত জাপানৰ কনচুল জেনেৰেল নাকামুৰা য়ুটাকাই আবেৰ হৈ এই বঁটা গ্ৰহণ কৰে৷ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেক নেতাজী গৱেষণা ব্যুৰোৰ দ্বাৰা নেতাজী বঁটা-২০২২ প্ৰদান কৰা হৈছিল। কলকাতাত জাপানৰ কনচুল জেনেৰেল নাকামুৰা য়ুটাকাই নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫সংখ্যক জয়ন্তীত এলগিন ৰোডৰ বাসভৱনত এক অনুষ্ঠানত আবেৰ হৈ এই বঁটা গ্ৰহণ কৰিছে৷  ভাৰতস্থ জাপানী ৰাষ্ট্ৰদূত সাতোশী চুজুকীয়ে নতুন দিল্লীৰ পৰা অনুষ্ঠানটো সম্বোধন কৰিছিল।
কিংবদন্তি স্বাধীনতা সংগ্ৰামীগৰাকীৰৰ নাতি-ভতিজা আৰু নেতাজী গৱেষণা ব্যুৰোৰ সঞ্চালক সৌগত বসুৱে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেক নেতাজীৰ এগৰাকী অনুৰাগী তথা প্ৰশংসক বুলি অভিহিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ