--°C
Loading...
Listen to Article
2 min read
80%
ৱাশ্বিংটনঃ আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’না মহামাৰীৰ প্ৰভাৱ শিশুৰ তুলনাত প্ৰাপ্তবয়স্কসকলৰ ওপৰতে সৰ্বাধিক আছিল। কিন্তু শেহতীয়াকৈ দেখা দিয়া কৰ’না মহামাৰীৰ নতুন ষ্ট্ৰেইনৰ প্ৰভাৱত পূৰ্বৰ চিত্ৰপট এতিয়া সলনি হোৱা দেখিবলৈ পোৱা গৈছে। অ’মিক্ৰনৰ উৎপত্তিয়ে ভীতি-সন্ত্ৰস্ত কৰি তুলিছে বিশ্বৰ আগশাৰীৰ দেশখনক। উদ্বিগ্ন হৈ পৰিছে বিশেষজ্ঞ, চিকিৎসক। চিকিৎসকৰ মতে, দেশত অ’মিক্ৰনৰ আধিপত্য বৃদ্ধি হোৱাৰ পাছতে শিশুসকলৰ মাজত বিভিন্ন প্ৰকাৰৰ ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে। বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। পূৰ্বৰ তুলনাত চিকিৎসালয়ত ভৰ্তি কৰাৰ হাৰো বৃদ্ধি পাইছে। শিশুৰ মাজত বৃদ্ধি পোৱা এই সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। অনলাইনত বিয়পি পৰা ভেকছিন সম্পৰ্কীয় বিভিন্ন বিভ্ৰান্তিকৰ তথ্যই শিশুসকলক বিপথে পৰিচালিত কৰাই নহয়, নেতিবাচক দিশত ইন্ধন যোগোৱা বুলি সদৰী কৰিছে বিশেষজ্ঞসকলে। টিকাকৰণৰ বিষয়ে প্ৰকাশ পোৱা বিভ্ৰান্তিকৰ তথ্যই শিশুসকলৰ পিতৃ-মাতৃৰ মনত অনাকাংক্ষিত ভীতি কঢ়িয়াই আনিছে। এনে তথ্যৰ বাবেই টিকাকৰণৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে একাংশ শিশুই। ফলত প্ৰত্যক্ষভাৱে শিশুৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পেলাইছে। ফিনিক্স চিল্ড্ৰেনছ হস্পিটেলৰ শিশু ৰোগ বিশেষজ্ঞ ৱাছিম বালানে কয়, ‘বহুতো অভিভাৱকে অনুভৱ কৰে যে ভেকছিনবোৰ অতি সোনকালে বজাৰলৈ অনা হৈছে। ফলস্বৰূপে, তেওঁলোকে ভয় কৰে যে তেওঁলোক কিমান সুৰক্ষিত। ভেকছিনে তেওঁলোকৰ উৰ্বৰতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে নেকি বুলিও সন্দেহ জন্মিছে অভিভাৱকৰ মনত। অভিভাৱকসকলে বুজিব লাগিব যে, এই মুহূৰ্তত ভেকছিনে হৈছে আটাইতকৈ ডাঙৰ সুৰক্ষা জাল। শিশুসকলক বিশেষকৈ 'মাল্টিচিষ্টেম ইনফ্লেমেটৰী ছিণ্ড্ৰোম'ৰ পৰা সুৰক্ষিত ৰখাৰ একমাত্ৰ ভৰষা ক’ভিড ভেকছিনেই।' অলপতে প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, এতিয়ালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰত ৫ৰ পৰা ১১ বছৰ বয়সৰ মাত্ৰ ২৭ শতাংশ লোকক টিকাকৰণ কৰা হৈছে। ইফালে, চলিত মাহত শিশু চিকিৎসালয়ত ভৰ্তি হোৱাৰ গড় সংখ্যা প্ৰতিদিনে ৯১৪ জনলৈ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলে লগতে কয় যে, ‘গৰ্ভধাৰণৰ সময়ত টিকাকৰণ সম্পূৰ্ণ হ'লেও, শিশুৰ সুৰক্ষা যথেষ্ট পৰিমাণে নিশ্চিত কৰিব পাৰি। ইয়াৰ বাবে, এণ্টিবডীবোৰ মাতৃৰ পৰা গৰ্ভৱতী শিশুটোৰ শৰীৰত প্ৰৱেশ কৰে। বহুতে এই কথাবোৰ গুৰুত্ব নিদিয়ে। টিকাকৰণ তেওঁলোকৰ বাবে কিমান সুৰক্ষিত তাক লৈ এতিয়াও সন্দিহান বহুলোক।’ আনকি মাতৃদুগ্ধক লৈও নানা বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ পোৱা বুলি জানিবলৈ পোৱা গৈছে। শেহতীয়াকৈ, অনলাইনত বিয়পি পৰা তথ্য অনুসৰি, ভেকছিন গ্ৰহণৰ পাছত শিশুক মাতৃৰ গাখীৰ খুৱাই থকা সকলে তেওঁলোকৰ সন্তানৰ শৰীৰত ৰোগৰ লক্ষণ দেখিবলৈ পাইছে। আনকি মাতৃৰ গাখীৰ পান কৰাৰ পাছত বহুতো শিশু মৃত্যুৰ মুখত পৰা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে, চিকিৎসকসকলে এই তথ্য সম্পূৰ্ণভুল বুলি সদৰী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু