ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ মাজত ছমাহো বাকী নাই।এনে সময়তে বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে চিন্তিত কৰি তুলিছে বিজেপিক। বিশেষকৈ উত্তৰ বংগ আৰু জংগলমহলে বিজেপিক অধিক চিন্তিুত কৰি তুলিছে। আনকি মাতিয়াগড়তো বিজেপিয়ে খোপনি পুতিব নোৱাৰিলে। গেৰুৱা দলটোৱে যোৱা লোকসভা নিৰ্বাচনত বংগত ১২ খন আসন লাভ কৰিছিল, যাৰ ভিতৰত উত্তৰ বংগৰ পৰা সাতখন আৰু জংগলমহলৰ পৰা পাঁচখন আসন আছিল।
২০১৯ ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে বংগত মুখথেকেচা খাইছিল। তথাপি এইবেলিৰ নিৰ্বাচনৰ দৰে ইমান বেছি বিপৰ্যয় হোৱা নাছিল। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে বংগত যেন বিজেপিৰ অস্বিত্বকলৈ প্ৰশ্ন উত্থাপন হৈছে। এইবেলিৰ নিৰ্বাচনত উত্তৰ বংগ বিজেপিৰ বাবে এটা ডাঙৰ আশা আছিল। ৰাজ্যিক নেতাসকলে দাবী কৰিছিল যে উত্তৰ বংগৰ পৰা কেইবাখনো জিলা পৰিষদৰ আসন দলটোৱে লাভ কৰিব। কিন্তু তেওঁলোক হতাশ হ'ব লগা হ’ল । আলিপুৰদুৱাৰ, বেহাৰ, জলপাইগুৰিৰ গ্ৰাম পঞ্চায়তৰ প্ৰাথমিক ফলাফলে বিজেপিৰ স্থানীয় নেতাসকলৰ আশাত চেঁচাপানী ঢালিলে।
গণনাৰ সময়ত নিশা৯.৩০ বজালৈ টিএমচিয়ে বেহাৰৰ গ্ৰাম পঞ্চায়তত ১,৪৩৮ খন আসন লাভ কৰিছিল। বিজেপিয়ে ৪৭২ খন আসন লাভ কৰিছিল। আলিপুৰদুৱাৰত, টিএমচিয়ে ৬৩৩ খন গ্ৰাম পঞ্চায়ত আসনত জিকিছিল। বিজেপিয়ে তেতিয়া ২৭৪ খন আসন লাভ কৰিছিল। জলপাইগুৰিতো, টিএমচিয়ে ৫৭৩ খন গ্ৰাম পঞ্চায়ত আসন লাভ কৰিছিল। বিজেপিয়ে লাভ কৰিছিল ২৪৮ খন আসন । অৱশ্যে ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত এই তিনিয়া এলেকাৰ লোকসভা আসনকেইখন বিজেপিৰ দখলতে আছিল। আলিপুৰদুৱাৰ আৰু জলপাইগুৰিত শাসকীয় দলে পঞ্চায়ত নিৰ্বাচনত উত্তৰ বংগৰ চাহ বাগিচা এলেকাত বিজেপি ত্যাগ কৰি টিএমচিত যোগদান কৰা ৰাজীব বন্দোপাধ্যায়ক দায়িত্ব প্ৰদান কৰিছিল। বাংকুৰা, পুৰুলিয়া, ঝাৰগ্ৰাম আৰু মেদিনীপুৰত টিএমচিয়ে গ্ৰাম পঞ্চায়ত আৰু পঞ্চায়ত সমিতিৰ আসনত বিজেপিত তচনচ কৰি পেলাইছে। মাতুৱা গড়ৰ ক্ষেত্ৰতো একেই কথা। বঙাওঁৰ বিজেপি সাংসদ আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰৰ নিজা বুথতে গাইঘাটা খণ্ডত বিজেপি প্ৰাৰ্থী পৰাজিত হৈছে। টিএমচিয়ে গাইঘাটাৰ ১৩ খন গ্ৰাম পঞ্চায়তৰ ১২ খনত জয়লাভ কৰিছে।
পঞ্চায়ত নিৰ্বাচনত উত্তৰ বংগ আৰু জাংগলমহলত দুৰ্বল প্ৰদৰ্শনক ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বাবে এক অশুভ সংকেত হিচাপে বহুতে গণ্য কৰিছে। ৰাজ্যিক বিজেপিৰ এজন নেতাৰ মতে, পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰে যে আমাৰ সংগঠনটো বুথ পৰ্যায়ত দুৰ্বল হৈ পৰিছে। এই সন্দৰ্ভত সোধাত দলটোৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰে কয়, "ইয়াক যোৱা লোকসভা নিৰ্বাচনৰ সৈতে তুলনা কৰা উচিৎ নহয়।কাৰণ বহু ঠাইত টিএমচিয়ে সন্ত্ৰাস চলাইছিল। উল্লেখ্য ২০১৮ চনত পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচন তৃণমূল কংগ্ৰেছে গ্ৰাম পঞ্চায়ত ৩৮,১১৮ খন আসন লাভ কৰাৰ লগতে বিজেপিয়ে লাভ কৰিছিল ৫৭৭৯ খন আসন।পঞ্চায়ত সমিতিত তৃণমূলে ৮০৬২ খন আসন লাভ কৰাৰ লগতে বিজেপিয়ে ৭৬৯ খন আসন, জিলা পৰিষদত তৃণমূলে ৭৯৩ খন আসন লাভ কৰাৰ লগতে বিজেপিয়ে ২২ খন আসন লাভ কৰিছিল।
এইবেলি বিজেপিয়ে মাত্ৰ জিলা পৰিষদৰ ১ খন আসনতহে জয়ী হৈছে। ইপিনে ভোটগণনাৰ পিছতো অশান্ত হৈ আছে বংগ। কোচবিহাৰত বোমা বিস্ফোৰণ ঘটি দুজন লোক আহত হয়। আনহাতে ৰাইদিঘি চান্দপাশা অঞ্চলৰ এটা পুখুৰীৰ পাৰৰ পৰা আজি পুৱা এজন টিএমচি কৰ্মীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তেওঁৰ নাম বিপ্লৱ হালদাৰ। তেওঁ যোৱা নিশাৰ পৰা সন্ধানহীন হৈ আছিল । মৃতদেহটো বুধবাৰে পুৱা পুখুৰীত উদ্ধাৰ হয়। লোকজনৰ কাণৰ কাষত আঘাতৰ চিহ্ন পোৱা গৈছে। ৰাইদিঘি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লোকজনক বিজেপি কৰ্মীয়ে হত্যা কৰাৰ অভিযোগ উঠিছে।