--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বংগৰ চতুৰ্দিশে এতিয়া কেৱল 'তৃণমূল জিন্দাবাদ’, 'মমতা জিন্দাবাদ’ ধ্বনি। তাৰ বিপৰীতে গেৰুৱা শিবিৰত হুমুনিয়াহৰ উজান উঠিছে। বংগৰ গাঁৱে গাঁৱে এতিয়া 'বিজেপি মূৰ্দাবাদ’ 'মোদী গ’ বেক’ ধ্বনি।

গ্ৰাম পঞ্চায়তৰ আসনত বহু আগবাঢ়ি আছে তৃণমূল। দ্বিতীয় স্থানত আছে বিজেপি। তৃতীয়তে বাওঁ-কংগ্ৰেছৰ মিত্ৰতা। ভোটগণনাৰ দিনা কেইবাখনো জিলাত অশান্তিৰ সৃষ্টি হোৱা বুলিও জানিব পৰা গৈছে।

মঙলবাৰে পূৱ মেদিনীপুৰ জিলাৰ বাকছাত সংঘটিত বোমা বিস্ফোৰণত আহত হয় এজন বৃদ্ধ। বাংকুৰাৰ শালতোৰাত বিজেপি বিধায়িকা চন্দনা বাউৰীৰ গাড়ীত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। নদিয়াৰ তেহাট্টাত কেন্দ্ৰীয় বাহিনীৰ লাঠী চাৰ্জত আহত নদিয়াৰ তেহাত্তাৰ বিধায়ক তপস সাহা।

বিজেপিৰ বাবে এটাই সুখৰ খবৰ যে নন্দিগ্ৰাম বিধানসভা সমষ্টিত বিৰোধী দলপতি সুবেন্দু কিছু আগবাঢ়ি আছে। নন্দিগ্ৰামৰ দুটা ব্লকত ১৭ খন গ্ৰাম পঞ্চায়ত আছে। আনুষ্ঠানিকভাৱে সন্ধিয়া ৭:৩০ বজালৈকে ১৭খন পঞ্চায়তৰ ফলাফল স্পষ্ট হোৱা নাছিল। কিন্তু এটা কথা স্পষ্ট, তাত তৃণমূলতকৈ বিজেপি আগবাঢ়ি আছে।

শাসকীয় তৃণমূলৰ সৰ্বকালৰ নেত্ৰী মমতা বেনাৰ্জীয়ে গণনা শেষ হোৱাৰ পূৰ্বেই গ্ৰাম্য বংগৰ জনসাধাৰণক সম্ভাৱ্য বিজয়ৰ বাবে অভিনন্দন জনায়। ফেচবুকত মমতাই পোষ্টাৰৰ ছবিৰে লিখিছে, "এই পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ অভূতপূৰ্ব সহায়, অবিচল মৰম আৰু অপৰিসীম আশীৰ্বাদৰ বাবে মই আৰু মোৰ সমগ্ৰ তৃণমূল কংগ্ৰেছ পৰিয়াল কৃতজ্ঞ। এই জয় মোৰ মৰমৰ গণদেৱৰ জয়।’’


ৰাজ্যৰ ৬১৬৩৬টা সমষ্টিত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ গণনা। সন্ধিয়াৰ সময়ত কিছু স্পষ্ট হৈ পৰিল ফলাফল কোনফালে যাব। নন্দিগ্ৰামৰ বাহিৰে প্ৰায় সকলো জিলাৰ বেছিভাগ পঞ্চায়ততে তৃণমূল আগবাঢ়ি আছিল। নিশা প্ৰায় ৯ বজাত মমতাই নিজৰ ফেচবুক পেজত পোষ্টাৰখনৰ এখন ছবি পোষ্ট কৰে। পোষ্টাৰখনত মমতাৰ ছবি আছিল। তলত লিখা আছে, "জয় বাংলা! মাতৃ-মাটি-মানুহ জীয়াই থাকক।”

পঞ্চায়তৰ ভোট গণনাৰ সময়ত তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে টুইটাৰযোগে লিখিছে, ‘‘ন’ ভোট টু মমতা’’ক ‘ভোট ফৰ মমতা’লৈ ৰূপান্তৰিত কৰাৰ বাবে ৰাইজৰ প্ৰতি কৃতজ্ঞ।’ লগতে বিজেপি, চিপিএম আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে তেওঁ।

শেহতীয়াকৈ জানিব পৰা মতে ৰাজ্যখনৰ মুঠ ৯২৮খন জিলা পৰিষদত তৃণমূল কংগ্ৰেছে ৮১, কংগ্ৰেছে ১ আৰু বিজেপিয়ে ১ আসন লাভ কৰাৰ বিপৰীতে চিপিএমে কোনো আসন লাভ কৰা নাই। আনহাতে, মুঠ ৯,৭৩০খন পঞ্চায়ত সমিতি তৃণমূল কংগ্ৰেছে ২,০৮৬ খন, বিজেপিয়ে ১০৩ খন, চিপিএমে ৩৬ খন, কংগ্ৰেছে ১ খন আৰু অন্যান্যই ২ খন আসন লাভ কৰিছে।

আনহাতে, ৬৩,২২৯ খন গাঁও পঞ্চায়তত তৃণমূল কংগ্ৰেছে ৩৫,০৮৫ খন, বিজেপিয়ে ৬,৫০৬ খন আৰু চিপিএমে ২ খন আসন লাভ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস