--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বংগৰ চতুৰ্দিশে এতিয়া কেৱল 'তৃণমূল জিন্দাবাদ’, 'মমতা জিন্দাবাদ’ ধ্বনি। তাৰ বিপৰীতে গেৰুৱা শিবিৰত হুমুনিয়াহৰ উজান উঠিছে। বংগৰ গাঁৱে গাঁৱে এতিয়া 'বিজেপি মূৰ্দাবাদ’ 'মোদী গ’ বেক’ ধ্বনি।

গ্ৰাম পঞ্চায়তৰ আসনত বহু আগবাঢ়ি আছে তৃণমূল। দ্বিতীয় স্থানত আছে বিজেপি। তৃতীয়তে বাওঁ-কংগ্ৰেছৰ মিত্ৰতা। ভোটগণনাৰ দিনা কেইবাখনো জিলাত অশান্তিৰ সৃষ্টি হোৱা বুলিও জানিব পৰা গৈছে।

মঙলবাৰে পূৱ মেদিনীপুৰ জিলাৰ বাকছাত সংঘটিত বোমা বিস্ফোৰণত আহত হয় এজন বৃদ্ধ। বাংকুৰাৰ শালতোৰাত বিজেপি বিধায়িকা চন্দনা বাউৰীৰ গাড়ীত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। নদিয়াৰ তেহাট্টাত কেন্দ্ৰীয় বাহিনীৰ লাঠী চাৰ্জত আহত নদিয়াৰ তেহাত্তাৰ বিধায়ক তপস সাহা।

বিজেপিৰ বাবে এটাই সুখৰ খবৰ যে নন্দিগ্ৰাম বিধানসভা সমষ্টিত বিৰোধী দলপতি সুবেন্দু কিছু আগবাঢ়ি আছে। নন্দিগ্ৰামৰ দুটা ব্লকত ১৭ খন গ্ৰাম পঞ্চায়ত আছে। আনুষ্ঠানিকভাৱে সন্ধিয়া ৭:৩০ বজালৈকে ১৭খন পঞ্চায়তৰ ফলাফল স্পষ্ট হোৱা নাছিল। কিন্তু এটা কথা স্পষ্ট, তাত তৃণমূলতকৈ বিজেপি আগবাঢ়ি আছে।

শাসকীয় তৃণমূলৰ সৰ্বকালৰ নেত্ৰী মমতা বেনাৰ্জীয়ে গণনা শেষ হোৱাৰ পূৰ্বেই গ্ৰাম্য বংগৰ জনসাধাৰণক সম্ভাৱ্য বিজয়ৰ বাবে অভিনন্দন জনায়। ফেচবুকত মমতাই পোষ্টাৰৰ ছবিৰে লিখিছে, "এই পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ অভূতপূৰ্ব সহায়, অবিচল মৰম আৰু অপৰিসীম আশীৰ্বাদৰ বাবে মই আৰু মোৰ সমগ্ৰ তৃণমূল কংগ্ৰেছ পৰিয়াল কৃতজ্ঞ। এই জয় মোৰ মৰমৰ গণদেৱৰ জয়।’’


ৰাজ্যৰ ৬১৬৩৬টা সমষ্টিত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ গণনা। সন্ধিয়াৰ সময়ত কিছু স্পষ্ট হৈ পৰিল ফলাফল কোনফালে যাব। নন্দিগ্ৰামৰ বাহিৰে প্ৰায় সকলো জিলাৰ বেছিভাগ পঞ্চায়ততে তৃণমূল আগবাঢ়ি আছিল। নিশা প্ৰায় ৯ বজাত মমতাই নিজৰ ফেচবুক পেজত পোষ্টাৰখনৰ এখন ছবি পোষ্ট কৰে। পোষ্টাৰখনত মমতাৰ ছবি আছিল। তলত লিখা আছে, "জয় বাংলা! মাতৃ-মাটি-মানুহ জীয়াই থাকক।”

পঞ্চায়তৰ ভোট গণনাৰ সময়ত তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে টুইটাৰযোগে লিখিছে, ‘‘ন’ ভোট টু মমতা’’ক ‘ভোট ফৰ মমতা’লৈ ৰূপান্তৰিত কৰাৰ বাবে ৰাইজৰ প্ৰতি কৃতজ্ঞ।’ লগতে বিজেপি, চিপিএম আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে তেওঁ।

শেহতীয়াকৈ জানিব পৰা মতে ৰাজ্যখনৰ মুঠ ৯২৮খন জিলা পৰিষদত তৃণমূল কংগ্ৰেছে ৮১, কংগ্ৰেছে ১ আৰু বিজেপিয়ে ১ আসন লাভ কৰাৰ বিপৰীতে চিপিএমে কোনো আসন লাভ কৰা নাই। আনহাতে, মুঠ ৯,৭৩০খন পঞ্চায়ত সমিতি তৃণমূল কংগ্ৰেছে ২,০৮৬ খন, বিজেপিয়ে ১০৩ খন, চিপিএমে ৩৬ খন, কংগ্ৰেছে ১ খন আৰু অন্যান্যই ২ খন আসন লাভ কৰিছে।

আনহাতে, ৬৩,২২৯ খন গাঁও পঞ্চায়তত তৃণমূল কংগ্ৰেছে ৩৫,০৮৫ খন, বিজেপিয়ে ৬,৫০৬ খন আৰু চিপিএমে ২ খন আসন লাভ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত