--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসমগ্ৰ উত্তৰ ভাৰততে এতিয়া বৰষুণে তাণ্ডৱৰ সৃষ্টি কৰিছে।  বেয়া বতৰৰ বাবে কেদাৰনাথ ধাম যাত্ৰা বন্ধ কৰি দিয়া হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বুধবাৰে উত্তৰাখণ্ড আৰু পশ্চিম উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত অতি ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে।  ফলস্বৰূপে তীৰ্থযাত্ৰীসকলৰ বাবে কেদাৰনাথ যাত্ৰা সুৰক্ষিত নহয় বুলি ধাৰণা কৰি কেদাৰনাথ যাত্ৰা স্থগিত কৰা হৈছে।

 বেয়া বতৰৰ বাবে যাত্ৰীসকলৰ জীৱনলৈ বিপদ নামি আহিব পাৰে বুলি আশংকা কৰিয়েই যাত্ৰা স্থগিত কৰা হৈছে। ধাৰাসাৰ বৰষুণৰ বাবে বুধবাৰে উত্তৰাখণ্ডৰ সোণ প্ৰয়াগ আৰু গৌৰীকুণ্ড অঞ্চলৰ ৰাস্তাসমূহ বন্ধ হৈ পৰিছে। তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি  ৰাজ্য প্ৰশাসনে সেয়ে সেই পথেৰে যাত্ৰা বন্ধ কৰি দিছে।প্ৰশাসনৰ মতে ধাৰাবাহিক  বৰষুণৰ ফলত অলকানন্দা আৰু মন্দাকিনী নদীৰ পানীৰ স্তৰ যথেষ্ট বৃদ্ধি পাইছে।

বৰষুণৰ ফলত চাৰিটা ৰাজ্যিক ঘাইপথৰ লগতে আন ১০ টা পথত ভ্ৰমণ কৰাটো কঠিন হৈ পৰিছে। যান-বাহনৰ চলাচলৰ ক্ষেত্ৰতো সমস্যা আহি পৰিছে।  উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে মঙলবাৰে কৈছিল  যে বেয়া বতৰৰ পূৰ্বানুমানৰ পিছত ৰাজ্য প্ৰশাসন সকলো ধৰণৰ দুৰ্যোগৰ মোকাবিলা কৰিবলৈ সাজু।তেওঁ কৈছিল "বাৰিষাৰ সময়ত প্ৰতি বছৰে আমি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হওঁ। ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন হৈছে আৰু নদীসমূহৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। আমি সম্পূৰ্ণ সতৰ্ক হৈ আছোঁ।  প্ৰশাসনৰ বিষয়াৰ পৰা দুৰ্যোগ সঁহাৰি বাহিনীলৈকে, সকলোৱে তেওঁলোকৰ দায়িত্ব পালন কৰি আছে। তেওঁলোকে যিকোনো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু। ''

মঙলবাৰে উত্তৰাখণ্ডৰ গঙ্গোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ পাহাৰৰ পৰা শিল খহি পৰি চাৰিজন লোকৰ মৃত্যু হৈছিল। ঘটনাটোত আন দহজন লোক  গুৰুতৰভাৱে আহত হৈছিল। বতৰ বিজ্ঞান  বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি বুধবাৰে উত্তৰাখণ্ডত ১১৫.৬ ৰ পৰা ২০৪.৪ মিমি  বৰষুণ হোৱাৰ সম্ভাৱনা আছে। জুলাই মাহৰ আৰম্ভণিৰে  পৰা হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত ধাৰাসাৰ বৰষুণৰ বাবে বহু ৰাজ্য বানৰ কবলত  পৰিছে। নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনৰ ফলত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা কেইদিনমানত হিমাচল প্ৰদেশত হোৱা বৰষুণত কমেও ৮০  জন লোকে প্ৰাণ হেৰুৱাইছে। ৩,০০০ কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে। বেয়া বতৰৰ বাবে চন্দ্ৰতাল অঞ্চলত কমেও ৫০০ পৰ্যটক আৱদ্ধ হৈ পৰিছে বুলি  হিমাচল প্ৰদেশৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস