--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসমগ্ৰ উত্তৰ ভাৰততে এতিয়া বৰষুণে তাণ্ডৱৰ সৃষ্টি কৰিছে।  বেয়া বতৰৰ বাবে কেদাৰনাথ ধাম যাত্ৰা বন্ধ কৰি দিয়া হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বুধবাৰে উত্তৰাখণ্ড আৰু পশ্চিম উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত অতি ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে।  ফলস্বৰূপে তীৰ্থযাত্ৰীসকলৰ বাবে কেদাৰনাথ যাত্ৰা সুৰক্ষিত নহয় বুলি ধাৰণা কৰি কেদাৰনাথ যাত্ৰা স্থগিত কৰা হৈছে।

 বেয়া বতৰৰ বাবে যাত্ৰীসকলৰ জীৱনলৈ বিপদ নামি আহিব পাৰে বুলি আশংকা কৰিয়েই যাত্ৰা স্থগিত কৰা হৈছে। ধাৰাসাৰ বৰষুণৰ বাবে বুধবাৰে উত্তৰাখণ্ডৰ সোণ প্ৰয়াগ আৰু গৌৰীকুণ্ড অঞ্চলৰ ৰাস্তাসমূহ বন্ধ হৈ পৰিছে। তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি  ৰাজ্য প্ৰশাসনে সেয়ে সেই পথেৰে যাত্ৰা বন্ধ কৰি দিছে।প্ৰশাসনৰ মতে ধাৰাবাহিক  বৰষুণৰ ফলত অলকানন্দা আৰু মন্দাকিনী নদীৰ পানীৰ স্তৰ যথেষ্ট বৃদ্ধি পাইছে।

বৰষুণৰ ফলত চাৰিটা ৰাজ্যিক ঘাইপথৰ লগতে আন ১০ টা পথত ভ্ৰমণ কৰাটো কঠিন হৈ পৰিছে। যান-বাহনৰ চলাচলৰ ক্ষেত্ৰতো সমস্যা আহি পৰিছে।  উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে মঙলবাৰে কৈছিল  যে বেয়া বতৰৰ পূৰ্বানুমানৰ পিছত ৰাজ্য প্ৰশাসন সকলো ধৰণৰ দুৰ্যোগৰ মোকাবিলা কৰিবলৈ সাজু।তেওঁ কৈছিল "বাৰিষাৰ সময়ত প্ৰতি বছৰে আমি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হওঁ। ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন হৈছে আৰু নদীসমূহৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। আমি সম্পূৰ্ণ সতৰ্ক হৈ আছোঁ।  প্ৰশাসনৰ বিষয়াৰ পৰা দুৰ্যোগ সঁহাৰি বাহিনীলৈকে, সকলোৱে তেওঁলোকৰ দায়িত্ব পালন কৰি আছে। তেওঁলোকে যিকোনো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু। ''

মঙলবাৰে উত্তৰাখণ্ডৰ গঙ্গোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ পাহাৰৰ পৰা শিল খহি পৰি চাৰিজন লোকৰ মৃত্যু হৈছিল। ঘটনাটোত আন দহজন লোক  গুৰুতৰভাৱে আহত হৈছিল। বতৰ বিজ্ঞান  বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি বুধবাৰে উত্তৰাখণ্ডত ১১৫.৬ ৰ পৰা ২০৪.৪ মিমি  বৰষুণ হোৱাৰ সম্ভাৱনা আছে। জুলাই মাহৰ আৰম্ভণিৰে  পৰা হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত ধাৰাসাৰ বৰষুণৰ বাবে বহু ৰাজ্য বানৰ কবলত  পৰিছে। নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনৰ ফলত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা কেইদিনমানত হিমাচল প্ৰদেশত হোৱা বৰষুণত কমেও ৮০  জন লোকে প্ৰাণ হেৰুৱাইছে। ৩,০০০ কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে। বেয়া বতৰৰ বাবে চন্দ্ৰতাল অঞ্চলত কমেও ৫০০ পৰ্যটক আৱদ্ধ হৈ পৰিছে বুলি  হিমাচল প্ৰদেশৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন