--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত ২০২৪ৰ লোকসভা নিৰ্বাচন। বিৰোধীক প্ৰতিহত কৰিবলৈ সেয়ে  সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিজেপিয়ে।বংগত মমতাৰ দুৰ্গ খহাবলৈও সংকল্পবদ্ধ হৈছে বিজেপি। সেইমৰ্মে বংগৰ বাবে   কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উদ্যোগত মঙলবাৰে গঠন কৰা হয় এখন ১৫ জনীয়া কমিটি। এই কমিটিৰ  কাম হ'ব নিৰ্বাচন সম্পৰ্কীয় সকলো কাম চোৱাচিতা কৰা। 

কমিটিৰ  নেতাসকলৰ দায়িত্ব হ'ব কোনে, ক'ত, কেনেকৈ প্ৰচাৰ চলাব, কোনবোৰ কেন্দ্ৰীয় নেতা ৰাজ্য খনলৈ যাব আদি। বিজেপিৰ পশ্চিমবংগ ৰাজ্যিক সমিতিৰ বৈঠক বুধবাৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি বিশেষ  সূত্ৰই প্ৰকাশ কৰিছে।  বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতাৰে  আগবাঢ়িব বিচাৰে। বিজেপিৰ কেন্দ্ৰীয় নেতাসকলে বংগৰ পৰা অধিক আসন বিচাৰিছে। সেইকাৰণে অমিত শ্বাহ আৰু জে পি নাড্ডাই বংগ ভ্ৰমণ কৰিবলৈ আহিছে। অমিত শ্বাহে ৰাজ্যখনলৈ আহিয়েই  আৰু এটা 'নিৰ্বাচন ব্যৱস্থাপনা দল' গঠন কৰিছে। তালিকাখন ১৫ জন লোকৰে গঠিত। ৰাজ্যিক বিজেপিৰ মূল সমিতিৰ সকলো সদস্যই নিৰ্বাচনী মূল দলত স্থান পোৱা নাই। আনকি চাৰিজন কেন্দ্ৰীয় মন্ত্ৰীয়েও ঠাই পোৱা নাই। বিজেপিৰ সভাখন মঙলবাৰে বংগৰ বিধাননগৰৰ এখন হোটেলত অনুষ্ঠিত হয় ।


ইফালে, বিজেপিৰ ১৫ জনীয়া নিৰ্বাচনী সমিতিয়ে এক শক্তিশালী ৰণনীতি প্ৰস্তুত কৰিব বুলি আশা কৰা হৈছে। এই সমিতিত কোন আছে? সুকান্ত মজুমদাৰ, সুভেন্দু অধিকাৰী, দিলীপ ঘোষ, অমিতাভ চক্ৰৱৰ্তী, লকেট চেটাৰ্জী, অগ্নিমিত্ৰ পল, জগন্নাথ চেটাৰ্জী, ৰাহুল সিনহা, অমিত মালৱীয়, মঙ্গল পাণ্ডে, সতীশ ধোণ্ড, আশা লাক্ৰা, জ্যোতিৰ্ময় মহত আৰু দীপক বৰ্মন। সুভাষ সৰকাৰ, শান্তনু ঠাকুৰ, জন বৰলা আৰু নিসিথ প্ৰমানিকৰ অনুপস্থিতিৰ বিষয়টোকলৈ আলোচনা চলিছে।  এই চাৰিজন মন্ত্ৰীয়ে এইবাৰ টিকট পাব নে নাই তাকে লৈ  জল্পনা-কল্পনা চলি আছে। মিথুন চক্ৰৱৰ্তী, স্বপ্ন দাসগুপ্তা, মনোজ টিগ্গা, অনিৰ্বাণ চেটাৰ্জী আৰু দেৱশ্ৰী চৌধুৰীকো দলটোত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।

আনহাতে, লোকসভা নিৰ্বাচনত বংগত  বিজেপিৰ লক্ষ্য হৈছে ৩৫ খন আসন।অমিত শ্বাহেও  ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বংগৰ পৰা ৩৫ খন আসন জিকাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কিন্তু এইটো কেনেকৈ সম্ভৱ সেয়া উল্লেখ কৰা হোৱা নাই। অৱশ্যে, এই নিৰ্বাচন ব্যৱস্থাপনা দলে কেন্দ্ৰীয় নেতাসকলৰ নিৰ্দেশনা অনুসৰি কামৰ ৰূপৰেখা নিৰ্ধাৰণ কৰিব। চাৰিজন কেন্দ্ৰীয় পৰ্যবেক্ষক হৈছে সুনীল বনচাল, অমিত মালৱীয়, আশা লাক্ৰা আৰু মংগল পাণ্ডে। বাকী ১১ জন ৰাজ্যিক নেতা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক