--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত ২০২৪ৰ লোকসভা নিৰ্বাচন। বিৰোধীক প্ৰতিহত কৰিবলৈ সেয়ে  সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিজেপিয়ে।বংগত মমতাৰ দুৰ্গ খহাবলৈও সংকল্পবদ্ধ হৈছে বিজেপি। সেইমৰ্মে বংগৰ বাবে   কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উদ্যোগত মঙলবাৰে গঠন কৰা হয় এখন ১৫ জনীয়া কমিটি। এই কমিটিৰ  কাম হ'ব নিৰ্বাচন সম্পৰ্কীয় সকলো কাম চোৱাচিতা কৰা। 

কমিটিৰ  নেতাসকলৰ দায়িত্ব হ'ব কোনে, ক'ত, কেনেকৈ প্ৰচাৰ চলাব, কোনবোৰ কেন্দ্ৰীয় নেতা ৰাজ্য খনলৈ যাব আদি। বিজেপিৰ পশ্চিমবংগ ৰাজ্যিক সমিতিৰ বৈঠক বুধবাৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি বিশেষ  সূত্ৰই প্ৰকাশ কৰিছে।  বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতাৰে  আগবাঢ়িব বিচাৰে। বিজেপিৰ কেন্দ্ৰীয় নেতাসকলে বংগৰ পৰা অধিক আসন বিচাৰিছে। সেইকাৰণে অমিত শ্বাহ আৰু জে পি নাড্ডাই বংগ ভ্ৰমণ কৰিবলৈ আহিছে। অমিত শ্বাহে ৰাজ্যখনলৈ আহিয়েই  আৰু এটা 'নিৰ্বাচন ব্যৱস্থাপনা দল' গঠন কৰিছে। তালিকাখন ১৫ জন লোকৰে গঠিত। ৰাজ্যিক বিজেপিৰ মূল সমিতিৰ সকলো সদস্যই নিৰ্বাচনী মূল দলত স্থান পোৱা নাই। আনকি চাৰিজন কেন্দ্ৰীয় মন্ত্ৰীয়েও ঠাই পোৱা নাই। বিজেপিৰ সভাখন মঙলবাৰে বংগৰ বিধাননগৰৰ এখন হোটেলত অনুষ্ঠিত হয় ।


ইফালে, বিজেপিৰ ১৫ জনীয়া নিৰ্বাচনী সমিতিয়ে এক শক্তিশালী ৰণনীতি প্ৰস্তুত কৰিব বুলি আশা কৰা হৈছে। এই সমিতিত কোন আছে? সুকান্ত মজুমদাৰ, সুভেন্দু অধিকাৰী, দিলীপ ঘোষ, অমিতাভ চক্ৰৱৰ্তী, লকেট চেটাৰ্জী, অগ্নিমিত্ৰ পল, জগন্নাথ চেটাৰ্জী, ৰাহুল সিনহা, অমিত মালৱীয়, মঙ্গল পাণ্ডে, সতীশ ধোণ্ড, আশা লাক্ৰা, জ্যোতিৰ্ময় মহত আৰু দীপক বৰ্মন। সুভাষ সৰকাৰ, শান্তনু ঠাকুৰ, জন বৰলা আৰু নিসিথ প্ৰমানিকৰ অনুপস্থিতিৰ বিষয়টোকলৈ আলোচনা চলিছে।  এই চাৰিজন মন্ত্ৰীয়ে এইবাৰ টিকট পাব নে নাই তাকে লৈ  জল্পনা-কল্পনা চলি আছে। মিথুন চক্ৰৱৰ্তী, স্বপ্ন দাসগুপ্তা, মনোজ টিগ্গা, অনিৰ্বাণ চেটাৰ্জী আৰু দেৱশ্ৰী চৌধুৰীকো দলটোত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।

আনহাতে, লোকসভা নিৰ্বাচনত বংগত  বিজেপিৰ লক্ষ্য হৈছে ৩৫ খন আসন।অমিত শ্বাহেও  ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বংগৰ পৰা ৩৫ খন আসন জিকাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কিন্তু এইটো কেনেকৈ সম্ভৱ সেয়া উল্লেখ কৰা হোৱা নাই। অৱশ্যে, এই নিৰ্বাচন ব্যৱস্থাপনা দলে কেন্দ্ৰীয় নেতাসকলৰ নিৰ্দেশনা অনুসৰি কামৰ ৰূপৰেখা নিৰ্ধাৰণ কৰিব। চাৰিজন কেন্দ্ৰীয় পৰ্যবেক্ষক হৈছে সুনীল বনচাল, অমিত মালৱীয়, আশা লাক্ৰা আৰু মংগল পাণ্ডে। বাকী ১১ জন ৰাজ্যিক নেতা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক