--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ইউটিউব চেনেলত ছাবস্ক্ৰাইবাৰৰ   সংখ্যাই মঙলবাৰে দুই কোটি অতিক্ৰম কৰে।  এই ক্ষেত্ৰত মোদীয়েই হৈছে একমাত্ৰ ভাৰতীয় নেতা যিয়ে বিশ্বৰ আন বহু নেতাক ইউটিউবৰ  ছাবস্ক্ৰাইবাৰৰ দিশৰ পৰা চেৰ পেলাবলৈ সক্ষম হৈছে।   

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ চেনেলত পোষ্ট কৰা ভিডিঅ'বোৰ ৪.৫ বিলিয়নতকৈও অধিক লোকে চাইছে, যি  বিশ্বৰ আন নেতাতকৈ বহু বেছি। ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইৰ বোলচোনাৰোৰ প্ৰায় ৬৪  লাখ  ছাবস্ক্ৰাইবাৰ আছে। তেওঁ মোদীৰ পিছতে তালিকাৰ দ্বিতীয় স্থানত আছে । অৱশ্যে তেওঁৰ  ছাবস্ক্ৰাইবাৰৰ সংখ্যা  প্ৰধানমন্ত্ৰী মোদীৰ   ছাবস্ক্ৰাইবাৰৰ সংখ্যাতকৈ এক তৃতীয়াংশতকৈও কম। আনে মন্তব্য প্ৰদানৰ দিশৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি ২২.৪ কোটি মন্তব্যৰে প্ৰথম স্থানত আছে। 

 ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী এইক্ষেত্ৰত   দ্বিতীয় স্থানত আছে।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ৭.৮৯ লাখ ছাবস্ক্ৰাইবাৰ আছে।  আনহাতে তুৰ্কীৰ প্ৰধানমন্ত্ৰী  ৰিচেপ তায়িপ এৰ্দোগানৰ ৩.১৬ লাখ  ছাবস্ক্ৰাইবাৰ আছে৷  অন্যান্য উল্লেখযোগ্য ভাৰতীয় নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীৰ চেনেলৰ ৩৫  লাখৰো অধিক  ছাবস্ক্ৰাইবাৰ আছে প্ৰধানমন্ত্ৰীয়ে ২০০৭ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে তেওঁৰ ইউটিউব চেনেল আৰম্ভ  কৰিছিল ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক