--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় হকী দলটোৱে দেশবাসীক এক অনন্য উপহাৰ দিলে। হৰমনপ্ৰীত সিঙৰ নেতৃত্বত ভাৰতীয় দলটোৱে অলিম্পিকত একেৰাহে দ্বিতীয়বাৰৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২৪ চনৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক মেচত ভাৰতে স্পেইনক ২-১ গ’লত পৰাস্ত কৰিছিল। ভাৰতৰ হৈ দুয়োটা গ’ল দিয়ে অধিনায়ক হৰমনপ্ৰীত সিঙে। স্পেইনৰ হৈ একমাত্ৰ গ’লটো দিলে মাৰ্ক মিৰালেছে।

ভাৰতীয় দলটোৱে ৫২ বছৰৰ পাছত হকীত বেক টু বেক পদক লাভ কৰে। অৱশ্যে এই জয়ৰ পাছত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত সিঙক বৰ বেছি সুখী যেন দেখা নগ’ল। তেওঁ দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিলে।

খেলৰ অন্তত সম্প্ৰচাৰকৰ সৈতে কথা পাতি হৰমনপ্ৰীত সিঙে কয়- ‘‘আমি নিশ্চিতভাৱে ব্ৰঞ্জৰ পদক লাভ কৰিছো। কিন্তু আমি স্বৰ্ণ পদক লাভ কৰাৰ যোগ্য আছিলোঁ। স্বৰ্ণ পদক লাভ কৰিব নোৱাৰাৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছো। আমি যৎপৰোনাস্তি চেষ্টা কৰিলোঁ আৰু সুখী যে দেশখন খালী হাতলৈ ঘূৰি অহা নাই।’’

হৰমনপ্ৰীত সিঙে দেশবাসীক বিশেষ আহ্বান জনায়। তেওঁ কয় যে আমি হকীৰ স্তৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছো আৰু বিচাৰো যে মানুহে এই খেলখনক অধিক ভাল পাওক। হৰমনপ্ৰীত সিঙে কয়, ‘আমি হকীৰ স্তৰ বৃদ্ধিৰ বাবে বহুত চেষ্টা কৰিছো। আমি আমাৰ খেলখন উন্নত কৰাৰ বাবে অহৰহ চেষ্টা কৰি আছো। আমি বিচাৰো যে দেশবাসীয়ে হকীক অধিক ভাল পাওক কাৰণ আমাক আপোনালোকৰ সহায়ৰ বহুত প্ৰয়োজন। আমি জানো যে আপুনি হকী ভাল পায় আৰু আমি দেশৰ বাবে যিমান পাৰো পদক লাভ কৰাৰ চেষ্টা কৰিম।’’

গ’লৰক্ষক পি আৰ শ্ৰীজেশৰ বিদায়ক লৈ হৃদয়স্পৰ্শী কথা ক’লে হৰমনপ্ৰীত সিঙে। তেওঁ কয়, ‘আমি জানো যে আমাৰ আটাইতকৈ শক্তিশালী বিন্দুটো হ’ল গ’লপোষ্টৰ ওচৰৰ ডিফেন্স। এইখন আমাৰ ৱাল শ্ৰীজেশৰ শেষ মেচ। আমাৰ দলৰ বহু খেলুৱৈৰ অভিজ্ঞতা তেওঁৰ বয়সৰ সমান। এই দলটোৰ বাবে শ্ৰীজেশে বহু কাম কৰিছে। পদক লাভ কৰাত দলটো যিমানেই সুখী, শ্ৰীজেশৰ বিদায়ত ই সমানেই আৱেগিক হৈ পৰিছে।’’

অধিনায়ক হৰমনপ্ৰীত সিঙে পি আৰ শ্ৰীজেশক কান্ধত লৈ ষ্টেডিয়ামত ঘূৰি ফুৰি অনুৰাগীৰ শুভেচ্ছা গ্ৰহণ কৰে। শ্ৰীজেশে নিজৰ অন্তিমখন মেচত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ