--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় হকী দলটোৱে দেশবাসীক এক অনন্য উপহাৰ দিলে। হৰমনপ্ৰীত সিঙৰ নেতৃত্বত ভাৰতীয় দলটোৱে অলিম্পিকত একেৰাহে দ্বিতীয়বাৰৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২৪ চনৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক মেচত ভাৰতে স্পেইনক ২-১ গ’লত পৰাস্ত কৰিছিল। ভাৰতৰ হৈ দুয়োটা গ’ল দিয়ে অধিনায়ক হৰমনপ্ৰীত সিঙে। স্পেইনৰ হৈ একমাত্ৰ গ’লটো দিলে মাৰ্ক মিৰালেছে।

ভাৰতীয় দলটোৱে ৫২ বছৰৰ পাছত হকীত বেক টু বেক পদক লাভ কৰে। অৱশ্যে এই জয়ৰ পাছত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত সিঙক বৰ বেছি সুখী যেন দেখা নগ’ল। তেওঁ দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিলে।

খেলৰ অন্তত সম্প্ৰচাৰকৰ সৈতে কথা পাতি হৰমনপ্ৰীত সিঙে কয়- ‘‘আমি নিশ্চিতভাৱে ব্ৰঞ্জৰ পদক লাভ কৰিছো। কিন্তু আমি স্বৰ্ণ পদক লাভ কৰাৰ যোগ্য আছিলোঁ। স্বৰ্ণ পদক লাভ কৰিব নোৱাৰাৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছো। আমি যৎপৰোনাস্তি চেষ্টা কৰিলোঁ আৰু সুখী যে দেশখন খালী হাতলৈ ঘূৰি অহা নাই।’’

হৰমনপ্ৰীত সিঙে দেশবাসীক বিশেষ আহ্বান জনায়। তেওঁ কয় যে আমি হকীৰ স্তৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছো আৰু বিচাৰো যে মানুহে এই খেলখনক অধিক ভাল পাওক। হৰমনপ্ৰীত সিঙে কয়, ‘আমি হকীৰ স্তৰ বৃদ্ধিৰ বাবে বহুত চেষ্টা কৰিছো। আমি আমাৰ খেলখন উন্নত কৰাৰ বাবে অহৰহ চেষ্টা কৰি আছো। আমি বিচাৰো যে দেশবাসীয়ে হকীক অধিক ভাল পাওক কাৰণ আমাক আপোনালোকৰ সহায়ৰ বহুত প্ৰয়োজন। আমি জানো যে আপুনি হকী ভাল পায় আৰু আমি দেশৰ বাবে যিমান পাৰো পদক লাভ কৰাৰ চেষ্টা কৰিম।’’

গ’লৰক্ষক পি আৰ শ্ৰীজেশৰ বিদায়ক লৈ হৃদয়স্পৰ্শী কথা ক’লে হৰমনপ্ৰীত সিঙে। তেওঁ কয়, ‘আমি জানো যে আমাৰ আটাইতকৈ শক্তিশালী বিন্দুটো হ’ল গ’লপোষ্টৰ ওচৰৰ ডিফেন্স। এইখন আমাৰ ৱাল শ্ৰীজেশৰ শেষ মেচ। আমাৰ দলৰ বহু খেলুৱৈৰ অভিজ্ঞতা তেওঁৰ বয়সৰ সমান। এই দলটোৰ বাবে শ্ৰীজেশে বহু কাম কৰিছে। পদক লাভ কৰাত দলটো যিমানেই সুখী, শ্ৰীজেশৰ বিদায়ত ই সমানেই আৱেগিক হৈ পৰিছে।’’

অধিনায়ক হৰমনপ্ৰীত সিঙে পি আৰ শ্ৰীজেশক কান্ধত লৈ ষ্টেডিয়ামত ঘূৰি ফুৰি অনুৰাগীৰ শুভেচ্ছা গ্ৰহণ কৰে। শ্ৰীজেশে নিজৰ অন্তিমখন মেচত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু